গুৱাহাটী, ১৫ আগষ্ট :বহু বছৰৰ পাছত আলফা স্বাধীনে স্বাধীনতা দিৱসৰ দিনা থৰকাচুটি হেৰুৱাইছে অসম আৰক্ষীৰ । এটা দুটা নহয়, ২৫ টাকৈ বোমাৰে ধাৰাবাহিক বিস্ফোৰণ ঘটোৱাৰ পৰিকল্পনা কৰিছিল আলফা স্বাধীনে । কিন্তু কিবা কাৰিকৰী বিজুতিৰ বাবে বিস্ফোৰিত নহ'ল বোমাকেইটা ।
এই কথা আলফা স্বাধীনে এক বিবৃতিযোগে সংবাদ মাধ্যমক অৱগত কৰোৱাৰ পাছতে থৰকাচুটি হেৰাইছে অসম আৰক্ষীৰ । লগে লগে বোমা উদ্ধাৰৰ বাবে আলফা স্বাধীনে নিৰ্দিষ্ট কৰি দিয়া স্থানত আৰম্ভ হয় আৰক্ষীৰ অভিযান । গুৱাহাটী মহানগৰীৰো আঠটা স্থানত বোমা সংস্থাপনৰ কথা প্ৰকাশ কৰিছিল আলফা স্বাধীনে ।
ৰাজধানী দিছপুৰৰ মুখ্যমন্ত্রীৰ চৰকাৰী বাসগৃহৰ সমীপৰ লাষ্টগে'টৰ পূৰ্বৰ ধৰ্ণাস্থলীত বোমা সংস্থাপন কৰাৰ কথা উল্লেখ কৰিছিল আলফা স্বাধীনে । লাষ্টগে'টৰ নিৰ্দিষ্ট কৰি দিয়া স্থানত আৰক্ষীৰ বোমা বিশেষজ্ঞৰ দলৰ লগতে ডগ স্কোৱাডৰ দলে তন্নতন্নকৈ পৰীক্ষা কৰে যদিও উদ্ধাৰ হোৱা নাই কোনো ধৰণৰ বোমা । প্ৰায় ডেৰ ঘণ্টা ধৰি অভিযান চলোৱা হয় ।