গুৱাহাটী, ৮ মাৰ্চ :দুদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে অসমক দিব কেবাহাজাৰ কোটি টকাৰো উপহাৰ ৷ অসম ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰায় ১৮ হাজাৰ কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰিব ।
প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণসূচীকলৈ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ লোকসেৱা ভৱনত এখন সংবাদমেল সম্বোধন কৰে । মুখ্যমন্ত্ৰীয়ে কয় যে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিয়লি ৪ বজাত তেজপুৰৰ বিমান বন্দৰত অৱতৰণ কৰি পোনে পোনে কাজিৰঙালৈ যাব । সিদিনা প্ৰধানমন্ত্ৰীৰ বিশেষ কোনো কাৰ্যসূচী নাই । নিশা কাজিৰঙাতে থাকিব প্ৰধানমন্ত্ৰী মোদী । ৯ মাৰ্চৰ পুৱা ৫.৩০ বজাত কাজিৰঙা অভয়াৰণ্যলৈ যাব প্ৰধানমন্ত্ৰী মোদী ।
প্ৰথমবাৰৰ বাবে এনেদৰে এগৰাকী প্ৰধানমন্ত্ৰীয়ে কাজিৰঙাত কটাব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে । প্ৰধানমন্ত্ৰীয়ে কাজিৰঙাৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত প্ৰায় দুঘণ্টা সময় অতিবাহিত কৰিব । কাজিৰঙাৰ পৰা প্ৰধানমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশলৈ ৰাওনা হ’ব আৰু তাত দুটা অনুষ্ঠানত ভাগ ল'ব ।
লগতে পঢ়ক :প্ৰধানমন্ত্ৰীক আদৰিবলৈ কেনেদৰে সাজু হৈছে কাজিৰঙা ?
অৰুণাচলৰ কাৰ্যসূচীৰ পিচত দিনৰ ১.৩০ বজাত যোৰহাটলৈ আহিব প্ৰধানমন্ত্ৰী । হোলোঙাপাৰাৰ হেলিপেডত অৱতৰণ কৰাৰ পাচত প্ৰধানমন্ত্ৰীয়ে লাচিত বৰফুকনৰ বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰিব । প্ৰতিমূৰ্তি উন্মোচন কৰাৰ পাচত হোলোঙাপাৰাৰ পৰা লাচিত বৰফুকন সমাধিক্ষেত্ৰৰ সমীপৰ মেলেংমেটেলী পথাৰলৈ আহিব ।
মেলেং মেটেলী পথাৰত আয়োজন কৰা ৰাজহুৱা সভাত অংশ লৈ প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বহুকেইটা প্ৰকল্পৰ শুভাৰম্ভনী আৰু আধাৰশিলা স্থাপন কৰিব । উক্ত সভাতে দেশৰ ভিতৰতে অভিলেখ সৃষ্টি কৰি প্ৰধানমন্ত্ৰীয়ে একেলগে ৫ লাখ ৫৫ হাজাৰ ৫৫৫ টা প্ৰধানমন্ত্ৰীৰ আবাস যোজনাৰ ঘৰ হিতাধিকাৰীক প্ৰদান কৰিব । এই সভাৰ পৰাই প্ৰধানমন্ত্ৰীয়ে তিনিচুকীয়া মেডিকেল কলেজৰ শুভ উদ্বোধন কৰিব ।
সেইদৰে পি এম ডিভাইন আঁচনিৰ অধীনত প্ৰধানমন্ত্ৰীয়ে শিৱসাগৰ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব আৰু গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত ৩০০ কোটি টকা ব্যয়ৰ শিশুসকলৰ চিকিৎসাৰ বাবে নিৰ্মাণ কৰা প্ৰকল্পৰ শুভ উদ্বোধন কৰিব ।
আনহাতে ডিগবৈ শোধনাগাৰৰ শোধন ক্ষমতা .৬৫ মিলিয়ন মেট্ৰিকটনৰ পৰা ১ মিলিয়ন মেট্ৰিকটনলৈ বৃদ্ধি কৰাৰ সম্প্ৰসাৰণ প্ৰকল্পৰ আধাৰশিলা প্ৰধানমন্ত্ৰীয়ে স্থাপন কৰিব । ইয়াৰ বাবে ব্যয় হ'ব ৭৬৮ কোটি টকা । সেইদৰে ৫১০ কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটী শোধনাগাৰৰ শোধন ক্ষমতা ১ মিলিয়ন মেট্ৰিক টনৰ পৰা ১.২ মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি কৰা সম্প্ৰসাৰণ প্ৰকল্পৰো প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিব ।
লগতে পঢ়ক :টীয়কত প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ প্ৰস্তুতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই