নলবাৰী, 15 জুলাই :পথৰ দাবীত নহয় বছৰ বছৰ ধৰি যোগাযোগৰ সমস্যাত ভুগি থকা একাংশ লোকে পথ নিৰ্মাণ নকৰিবলৈ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ পথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰি ভুক্তভোগী লোকসকলে "আমাক ৰাস্তা নালাগে, ভূঁই ৰুই ধান গজাম" বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷
এই ঘটনা নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ অন্তৰ্গত । পূৰ্বৰ ধৰ্মপুৰ বৰ্তমানৰ টিহু বিধানসভা সমষ্টিৰ চামতাৰ পৰা সাহপুৰ-বৰপীত-সন্ধেলী-হাৰিভাংগা হৈ টিহু নগৰ পৰ্যন্ত সংযোগী লোক নিৰ্মাণ বিভাগৰ পথটো মেৰামতিৰ অভাৱত এজাক বৰষুণ দিলেই এতিয়া বোকাময় হৈ পৰে ৷ ফলত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে । বছৰ বছৰ ধৰি পথটো মেৰামতি নকৰাৰ ফলত শিক্ষাৰ্থীসকলে বিদ্যালয়লৈ অহা-যোৱা কৰাত যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়াত পৰিছে ।
বিধ্বস্ত অৱস্থাৰ বাবে প্ৰায়ে সৰু-বৰ দুৰ্ঘটনাও সংঘটিত হৈ অহাৰ লগতে বৰষুণ দিলেই ৰোগী নিবলৈ 108 মৃত্যুঞ্জয় সেৱা গ্ৰহণৰ পৰাও বঞ্চিত হৈ পৰে স্থানীয় লোক । বিগত প্ৰায় বিশ বছৰ ধৰি অঞ্চলটোৰ ৰাইজে স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী, পূৰ্বৰ বিধায়ক নীলমণি সেন ডেকা, মধুপুৰ খণ্ড উন্নয়ন বিষয়া, পঞ্চায়ত সভাপতি, জিলা পৰিষদৰ সদস্য আদিকে ধৰি চৰকাৰ-প্ৰশাসনৰ বিভিন্ন মন্ত্ৰী-বিষয়াক পথটো মেৰামতি কৰি দিবলৈ আবেদন নিবেদন জনাই আহিছে যদিও কোনো সুফল লাভ কৰা নাই ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷
আনকি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও পথটো পৰিদৰ্শন কৰি মেৰামতি কৰাৰ আশ্বাস দিছিল যদিও আজিলৈকে সেয়া হৈ নুঠিল বুলি সংবাদ মাধ্যমৰ আগত আক্ষেপ প্ৰকাশ কৰে স্থানীয় লোকসকলে । বাৰাম্বাৰ সুচল যাতায়ত ব্যৱস্থাৰ দাবী জনায়ো কোনো সুফল লাভ নকৰাত এতিয়া ভুক্তভোগী ৰাইজে পথটোত ভূঁই ৰুই চৰকাৰ তথা স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰিছে ।