অসম

assam

ETV Bharat / state

ৰাস কমিটীলৈ আৰ্থিক অনুদান প্ৰদানৰ ঘোষণাই বৃদ্ধি কৰিছে উৎসাহ - FINANCIAL GRANTS FOR RAAS COMMITTEE

ৰাসলৈ কেইটিমান দিন । দিন নিশাই আখৰা চলিছে মাজুলীত । মুখ্যমন্ত্ৰীৰ ঘোষণাই উৎসাহ বৃদ্ধি কৰিছে ৰাস কমিটীসমূহৰ ।

People of Majuli are delighted with the announcement of financial grants to Raas Committee
ৰাস কমিটীলৈ আৰ্থিক অনুদান (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 2, 2024, 9:45 PM IST

মাজুলী:শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱলৈ মাজত মাথো কেইটিমান দিন । ইতিমধ্যে আৰম্ভ হৈছে ৰাসৰ আখৰা । ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাস কমিটীসমূহলৈ দিলে ভাল খবৰ । প্ৰতিখন ৰাস কমিটীলৈ আগবঢ়াব অনুদান ।

অসম চৰকাৰে প্ৰতিখন ৰাস কমিটীক প্ৰদান কৰিব ৫০,০০০ কৈ টকা । মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত এই কথা ঘোষণা কৰাৰ পাছতে ৰাজ্যৰ অন্যান্য ৰাস কমিটীসমূহৰ সমান্তৰালকৈ আনন্দিত হৈ পৰিছে মাজুলীৰ ৰাস কমিটীসমূহো ।

ৰাস কমিটীলৈ আৰ্থিক অনুদান (ETV Bharat Assam)

কিয়নো ৰাস বুলি ক'লেই পোন প্ৰথমে মনলৈ আহে সত্ৰপীঠ মাজুলীৰ ছবিখন । মাজুলীৰ লগত ৰাসৰ লগত আছে এৰাব নোৱৰা সম্পৰ্ক । এই ৰাস মহোৎসৱৰ সময়ত মাজুলী পৰিণত হয় দ্বিতীয় বৃন্দাবনলৈ ।

কৃষ্ণৰ বাঁহীৰ অমিয়া সুৰ, খোল-তাল, কৃষ্ণ বন্দনাৰে মুখৰিত হয় মাজুলীৰ আকাশ-বতাহ । এইবছৰ মাজুলীৰ সত্ৰানুষ্ঠানসমূহকে ধৰি ৬৪ খন মঞ্চত অনুষ্ঠিত হ'ব এই ৰাস মহোৎসৱভাগ ।

বান-বাৰিষাৰ সকলো দুখ-দুৰ্ভাৱনা পাহৰি মাজুলীৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলো ব্যস্ত মাজুলীৰ গৌৰৱ এই ৰাস মহোৎসৱক লৈ । ৰাস বুলি কলেই ব্যস্ততা বাঢ়ে মাজুলীৰ প্ৰতিজন লোকৰ । দেশী-বিদেশী হাজাৰ হাজাৰ লোকক আদৰণি জনাবলৈ সাজু হয় মাজুলীবাসী । আগন্তুক ৰাস মহোৎসৱৰ বাবে সাজু হৈ উঠিছে সত্ৰসমূহৰ লগতে ৰংগমঞ্চসমূহ । ইতিমধ্যে নিশা দুপৰলৈকে চলিছে ৰাসৰ আখৰা ।

ৰাস মহোৎসৱৰ ব্যস্ততাৰ মাজতে ৰাস কমিটিসমূহলৈ ৫০,০০০ কৈ টকা প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰাৰ পাছতে ৰাস কমিটীসমূহৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে । সকলোৱে মুখ্যমন্ত্ৰীগৰাকী তথা অসম চৰকাৰৰ এই পদক্ষেপক ধন্যবাদ জনাইছে ।

লগতে পঢ়ক:নলবাৰীৰ ৰাস মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ ৰাইজক আহ্বান অৰুণ গোভিলৰ

ৰাজ্যিক কৰ্মচাৰীৰ মৰগীয়া বানচ ৩ শতাংশ বৃদ্ধি...জীৱন্ত ৰাস উদযাপন সমিতিলৈ ২৫ হাজাৰ টকাৰ আৰ্থিক অনুদান

ABOUT THE AUTHOR

...view details