অসম

assam

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 8:52 AM IST

ETV Bharat / state

ডাম্পিং গ্ৰাউণ্ডৰ জুইৰ ধোঁৱাই সৃষ্টি কৰিছে ভয়াৱহ প্ৰদূষণ

Deepor beel dumping ground: ডাম্পিং গ্ৰাউণ্ডৰ জুইৰ ধোঁৱাই সৃষ্টি কৰিছে ভয়াৱহ প্ৰদূষণ; ব্যৱস্থা গ্ৰহণৰ দাবীত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদক স্মাৰক পত্ৰ ৷

demand-for-protection-of-deepar-beel
ভয়াৱহ প্ৰদূষণ

গুৱাহাটী, 23 ফেব্ৰুৱাৰী : গুৱাহাটী মহানগৰীৰ পৌৰ এলেকাৰ ৬০ টা ৱাৰ্ডৰ আৱৰ্জনাসমূহ পেলোৱাৰ বাবে পশ্চিম বৰাগাঁৱৰ বেলৰতলত হাউছিং বৰ্ডৰ প্ৰায় ৬০ বিঘা মাটিত গুৱাহাটী পৌৰ নিগমে ২০২১ চনৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহত দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত স্থাপন কৰিছিল এটা ডাম্পিং গ্ৰাউণ্ড । কিন্তু বিগত সময়ছোৱাত ডাম্পিং গ্ৰাউণ্ডটোৱে সৃষ্টি কৰা দূষিত ভয়াৱহ প্ৰদূষণৰ বাবে পশ্চিম বৰাগাঁৱৰ উপৰিও দাঁতিকাষৰীয়া পামহী, মইনাখোৰোং, দেউছতাল, মাঘুৱাপাৰা, বড়োপাৰাকে ধৰি বৃহত্তৰ অঞ্চলটোৰ ৰাইজে বিগত প্ৰায় আঢ়ৈ বছৰ ধৰি শান্তিৰে অলপো উশাহ ল’ব পৰা নাই । এক কথাত ক’ব লাগিলে দুৰ্গন্ধৰ সৈতে সহাৱস্থান কৰিব লগা হৈছে বৃহত্তৰ অঞ্চলৰ ৰাইজে ।

দুৰ্গন্ধৰ প্ৰভাৱ

বিগত সময়ছোৱাত সম্পৰ্কে দীপৰ বিল সুৰক্ষা মঞ্চ, পশ্চিম গুৱাহাটী সচেতন নাগৰিক মঞ্চ, ইংয়ং গ্ৰীণ ক্লাব, দেউছতালৰ নবজ্যোতি সংঘকে ধৰি অঞ্চলটোৰ ৰাইজে বেলৰতলত স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডটো তাৰ পৰা স্থানান্তৰ কৰাৰ বাবে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল । আনকি দীপৰ বিল সুৰক্ষা মঞ্চই এই সন্দৰ্ভত অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰি পত্ৰ প্ৰেৰণ কৰিছিল । তাৰ পাচত গুৱাহাটী পৌৰ নিগমে দুৰ্গন্ধ আঁতৰ কৰাৰ বাবে বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰা হ’ব বুলি কেইবাবাৰো প্ৰতিশ্ৰুতি দিছিল । কিন্তু প্ৰতিবাদী ৰাইজৰ দাবীত সেও মনা দেখুৱাই গুৱাহাটী পৌৰ নিগমে প্ৰতিশ্ৰুতি দিয়াৰ আঢ়ৈ বছৰ পাৰ হোৱাৰ পাচতো ডাম্পিং গ্ৰাউণ্ডৰ আৱৰ্জনাৰ পৰা নিৰ্গত হোৱা দূর্গন্ধ আঁতৰ কৰাৰ বাবে বিশেষ অত্যাধুনিক বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ নকৰাত আজিও দুৰ্গন্ধই চানি ধৰি আছে বৃহত্তৰ অঞ্চলটোৰ আকাশ বতাহ ।

ধোঁৱাই সৃষ্টি কৰিছে ভয়াৱহ প্ৰদূষণ

ইফালে ভূতৰ ওপৰত দানহ পৰাদি মাজে মাজে ডাম্পিং গ্ৰাউণ্ডটো জ্বলি থকা ঘটনা আৰু তাৰ পৰা অহৰহভাৱে আহি থকা ধোঁৱাই পৰিৱেশটো পুনৰ ভয়াৱহভাৱে প্ৰদূষিত কৰিছে । যাৰ বাবে দীপৰ বিল সুৰক্ষা মঞ্চই এই সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰি শুকুৰবাৰে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সদস্য সচিবক ই-মেইল যোগে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । পত্ৰখনত দীপৰ বিলৰ সমীপৰ পশ্চিম বৰাগাঁৱৰ বেলৰতলত বে-আইনীভাৱে স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰা আৰু ডাম্পিং গ্ৰাউণ্ডৰ জুইৰ ধোঁৱাই ভয়াৱহভাৱে সৃষ্টি কৰা প্ৰদূষণ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে । একেদৰে দীপৰ বিলত মৰা ভৰলু, বশিষ্ঠ আৰু বাহিনী নদীয়ে কঢ়িওৱা প্ৰদূষিত পানী আৰু আৱৰ্জনা পেলোৱা বন্ধ কৰাৰো দাবী জনাইছে ।

আনহাতে দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্যক প্ৰদূষিত কৰি ধ্বংসকাৰ্যত জড়িত বিষয়াক শাস্তি প্ৰদান কৰাৰ বাবেও দাবী জনোৱা হৈছে । শেষত ডাম্পিং গ্ৰাউণ্ডত জুই লগাই দি জাৱৰৰ পাহাৰৰ আকাৰ কম কৰিব বিচৰা কাৰ্যৰ এক উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰিবলৈও পত্ৰখনত দাবী জনোৱা হৈছে । এই সন্দৰ্ভত দীপৰ বিল সুৰক্ষা মঞ্চৰ সভাপতি হেনৰী ডেভিড টেৰণ, সাধাৰণ সম্পাদক প্ৰমোদ কলিতা আৰু সহকাৰী সাধাৰণ সম্পাদক সুশীল টেৰণে জানিবলৈ দিয়া মতে ১৪ ফেব্ৰুৱাৰীৰ দিনা সন্ধিয়াৰ পৰা ডাম্পিং গ্ৰাউণ্ডটোত জুই জ্বলি থকা দেখা গৈছে । যাৰ বাবে ধোঁৱাৰ সৈতে ডাম্পিং গ্ৰাউণ্ডৰ পৰা বতাহৰ সৈতে অহা দুৰ্গন্ধই বাৰুকৈয়ে অতিষ্ঠ কৰি তুলিছে কেবাখনো গাঁৱৰ বাসিন্দাক । বিগত সময়ছোৱাত দুৰ্গন্ধৰ পৰা বাচিবৰ বাবে একাংশ লোকে ঘৰত সুগন্ধি দ্ৰব্য ব্যৱহাৰ কৰিও সুফল পোৱা নাই ।

উল্লেখ্য যে, ২০০৬ চনত পশ্চিম বৰাগাঁৱত পৌৰ নিগমে পূৰ্বতে স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডটো ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে বন্ধ কৰাৰ নিৰ্দেশ দিছিল । কিন্তু পূৰ্বৰ স্থানৰ কিছু নিলগৰ বেলৰতলত বিগত ২০২১ চনৰ আগষ্ট মাহত স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডটোত পৌৰ নিগমে পুনৰ দৈনিক আঠশৰ পৰা এহেজাৰ টন পৰ্যন্ত আৱর্জনা, মৃত জীৱ-জন্তু আদি পেলাই আহিছে । বিগত সময়ছোৱাত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংহল, পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাকে ধৰি অসম চৰকাৰৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া অভিযন্তা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, জি এম ডি এ ৰ অধ্যক্ষ নাৰায়ণ ডেকাকে ধৰি বহুতেই গুৱাহাটীক বানমুক্ত কৰা, দীপৰ বিল সংৰক্ষণ কৰাৰ নামত কেইবাবাৰো দীপৰ বিল আৰু বেলৰতলত থকা ডাম্পিং গ্ৰাউণ্ড চৌহদ পৰিদৰ্শন কৰি দীপৰ বিল প্ৰদূষণমুক্ত কৰা আৰু ডাম্পিং গ্ৰাউণ্ডটোৱে সৃষ্টি কৰা দুৰ্গন্ধ দূৰ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল ।

লগতে পঢ়ক :বেলৰতলৰ ডাম্পিং গ্ৰাউণ্ড চিৰদিনৰ বাবে বন্ধ কৰাৰ দাবী

ABOUT THE AUTHOR

...view details