গুৱাহাটী, ১৭ মে :"সমাজখন সুস্থ আৰু গতিশীল কৰি ৰখাত সংবাদিকৰ যথেষ্ট গুৰুত্ব আছে । সাংবাদিকতা এক মহান বৃত্তি ।"এই মন্তব্য বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেন গোহাঁইৰ । গুৱাহাটী প্ৰেছ ক্লাৱত শুকুৰবাৰে পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই প্ৰদান কৰা "পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা" গ্ৰহণ কৰি বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে এইদৰে মন্তব্য কৰে ।
বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেন গোহাঁইয়ে লগতে কয়, "পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই মোক সাংবাদিক হিচাপে স্বীকৃতি দিয়াত আনন্দিত হৈছো । শিক্ষাদান মোৰ প্ৰধান বৃত্তি যদিও তাৰ ফাকে ফাকে বহু কষ্ট কৰি লাঞ্চনা গঞ্জনা, শাৰীৰিক অত্যাচাৰ সহ্য কৰিও ৰাইজক সচেতনতা কৰাৰ চেষ্টা কৰিছো ।"
বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে পুনৰ কয়, "আজিৰ সাংবাদিকতাই যি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে তাত ৰাজনৈতিক শক্তি পুঁজিপতিৰ প্ৰভাৱ পৰিছে ।" তাৰ ফলত বেছিভাগ সংবাদ মাধ্যমে বাক স্বাধীনতা হেৰুৱাইছে বুলি তেওঁ মন্তব্য কৰে । নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ আজি ২৯ সংখ্যক মৃত্যু-বাৰ্ষিকী । এই মৃত্যু-বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰৰ দৰে এইবাৰো পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চৰ উদ্যোগত পৰাগ "কুমাৰ দাস সাংবাদিকতা বঁটা " প্ৰদান কৰা হয় ।