মঙলদৈ, ১ অক্টোবৰ:শৰতৰ আগমনৰ লগে লগে পৰ্যটকক আদৰিবলৈ সাজু হৈছে ৰাজ্য়ৰ সাতখন ৰাষ্ট্ৰীয় উদ্যান । কাৰণ এই সময়ৰ পৰাই ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰভাগ উপযুক্ত হৈ পৰে দৰ্শনৰ বাবে । কাজিৰঙা, মানাহৰ পিচত আজিৰে পৰা পৰ্যটক তথা দর্শনাৰ্থীৰ বাবে মুকলি হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প । দৰং জিলা বন্যপ্ৰাণী বিষয়া প্ৰদীপ্ত বৰুৱাই ২০২৪-২৫ চন পৰ্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰিলে উদ্যানখন ।
- পৃথিৱীৰ সৱাটোকৈ বেছি বাঘৰ বসতিঘন অঞ্চল
উদ্যানখন মুকলি কৰি জিলা বন্যপ্ৰাণী বিষয়াগৰাকীয়ে কয়, "দৰঙৰ একমাত্র ৰাষ্ট্ৰীয় উদ্যান ওৰাঙক ২০১৬ চনত ব্ৰ্য়াঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰা হৈছিল । ই বৰ্তমান পৃথিৱীৰ ভিতৰতে বিৰল বাঘৰ ঘনবসতি অঞ্চল । তাৰোপৰি গঁড়ৰ বসতিৰ ঘনত্ব বহু বেছি ওৰাঙত ৷ আগতে ওৰাঙত পৰ্যটক আহিলে থকা-খোৱাৰ বহু অসুবিধা আছিল যদিও বৰ্তমান এই সমস্যা সমাধান হৈছে ।"
- ১৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব হাতী চাফাৰী
বৰ্তমান দেশী-বিদেশী পৰ্যটকসকলে ৰাষ্ট্ৰীয় উদ্যানখনৰ মনোমহা দৃশ্য উপভোগ কৰিব পাৰিব বুলি উল্লেখ কৰি তেওঁ কয়, "পৰ্যটকসকলে জীফ চাফাৰীৰ লগতে হাতী চাফাৰীও কৰিব পাৰিব ৷ চলিত মাহৰ ১৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব হাতী চাফাৰী ৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনত গঁড়, বাঘৰ লগতে বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰকতি চাব পাৰিব পৰ্যটকসকলে ৷ উদ্যানখনত বাঘৰ সংখ্যা হ’ল ২৬ টা ৷ ২০২২ ৰ গণনা অনুসৰি উদ্যানখনত গঁড়ৰ সংখ্যা হ’ল ১২৫ টা ৷"