ডিব্ৰুগড় : প্ৰথমবাৰলৈ অসম বিধানসভাৰ বিধায়ক হৈ কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰিত্ব লাভ কৰিলে ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাই । শেহতীয়াকৈ অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত ডুমডুমাৰ যুৱ বিধায়কগৰাকীয়ে লাভ কৰিছিল মন্ত্ৰিত্ব । তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণৰ মন্ত্ৰিত্ব কৰ্তন কৰা পাছতে চাহ জনগোষ্ঠীৰ বিধায়ক হিচাপে মন্ত্ৰিত্ব লাভ কৰিছিল ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাই ।
আনহাতে ৰূপেশ গোৱালাই চাহ জনগোষ্ঠীৰ অতি শক্তিশালী শ্ৰমিক সংগঠন অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সম্পাদকৰ দায়িত্বও পালন কৰি আছে । তেনে এজন চাহ শ্ৰমিক নেতাই শ্ৰম, চাহ জনজাতি উন্নয়ন, গৃহ(কাৰাগাৰ, গৃহৰক্ষী আদি)ৰ দায়িত্ব লাভ কৰাত উৎফুল্লিত হৈছে চাহ জনগোষ্ঠীৰ ৰাইজ । ৰূপেশ গোৱালাই মন্ত্ৰিত্ব লাভ কৰাৰ পাছতে উজনিৰ চাহ বাগিচাই বাগিচাই চাহ মজদুৰ সংঘই অনুষ্ঠিত কৰিছে বিজয় উৎসৱ ।
মুখ্যমন্ত্ৰী ড৹ শৰ্মাই দেখা সপোন বাস্তৱ কৰাৰ সংকল্প লৈছে ৰূপেশ গোৱালাই (ETV Bharat Assam) অসম চৰকাৰৰ কেবিনেটত নতুনকৈ মন্ত্ৰিত্ব লাভ কৰাৰ পিছতে শুকুৰবাৰে নিজৰ গৃহ সমষ্টিলৈ আহিছে মন্ত্ৰী ৰূপেশ গোৱালা । মন্ত্ৰীগৰাকীক আজি (শুকুৰবাৰ) ডিব্ৰুগড়ৰ বিভিন্ন স্থানত আদৰণি জনোৱা হয় । নিজ সমষ্টি ডুমডুমালৈ গৈ থকা এই সময়ছোৱাত লেপেটকটা, বৰবৰুৱা, চাবুৱা-লাহোৱাল বাইপাছৰ কেইবাটাও স্থানত বিজেপিৰ নেতা-কৰ্মীসকলে গামোচা পিন্ধাই উষ্ম আদৰণি জনায় মন্ত্ৰীগৰাকীক ।
মুখ্যমন্ত্ৰীয়ে দিয়া বিভাগৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিম বুলি অৱগত কৰে মন্ত্ৰী গোৱালাই । হাতত যিহেতু সময় অতি কম, গতিকে বিভাগৰ কাম যথাসাধ্য কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিম বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে মন্ত্ৰীগৰাকীয়ে ।
মুখ্যমন্ত্ৰীয়ে দেখা সপোন বাস্তৱ কৰাৰ সংকল্প হৈছে মন্ত্ৰী ৰূপেশ গোৱালাই :
ডিব্ৰুগড়ৰ কেইবাটাও স্থানত সম্বৰ্ধনা গ্ৰহণ কৰি মন্ত্ৰী ৰূপেশ গোৱালাই কয়, ‘‘মন্ত্ৰিত্ব লাভ কৰি খুব ভাল লাগিল । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি দায়িত্ব দিছে, তাক নিষ্ঠাৰে পালন কৰিবলৈ চেষ্টা কৰিম । মুখ্যমন্ত্ৰীয়ে মোৰ প্ৰতি যি বিশ্বাস দেখুৱালে তাৰ বাবে তেওঁক ধন্যবাদ জনাইছো । মই লাভ কৰা বিভাগকেইটাত কৰিব লগা যথেষ্ট কাম আছে । যিহেতু বহুকেইটা বিভাগৰ দায়িত্ব লাভ কৰিছো গতিকে সকলো বিভাগৰ কাম সমানে আগুৱাই নিবলৈ চেষ্টা কৰিম । প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰে অসমখনক আগুৱাই নিবলৈ যি ধৰণৰে কাম কৰিছে পূৰ্বে কোনো এখন চৰকাৰে কৰা নাছিল । অসমক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি সপোন দেখিছে সেয়া বাস্তৱ কৰাৰ ক্ষেত্ৰত আমি সফল হ’ম আৰু সেই দিশত আমি কাম কৰি যাম ৷’’