নিউজ ডেস্ক: প্ৰথম পৰ্যায়ৰ ৭ লাখ লোকক নতুন ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী আজি আনুষ্ঠানিকভাৱে আৰম্ভ কৰে মুখ্য়মন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই । দেওবাৰে তিনিচুকীয়া জিলাৰ ৬ টা বিধানসভা সমষ্টিতো একেসময়তে অনুষ্ঠিত হোৱা অনুষ্ঠানত জিলাখনৰ মুঠ ৮৩,৯৫২গৰাকী হিতাধিকাৰীৰ মাজত নতুন ৰেচন কাৰ্ড বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হয় ।
এই উপলক্ষে মাকুম বিধানসভা সমষ্টিৰ বাবে তিনিচুকীয়া চহৰৰ বৰগুৰিৰ আই টি আই খেলপথাৰত আয়োজিত এক অনুষ্ঠানত অসম চৰকাৰৰ গৃহ নিৰ্মাণ নিগমৰ অধ্যক্ষ পুলক গোহাঁইয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকে । সভাত মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী অৰুণজ্যোতি মৰাণ, মটক স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সৰোজ গোহাঁই, মাকুম পৌৰসভাৰ সভানেত্ৰী বিপাশা বৰা উপস্থিত থাকে । সভাৰ আৰম্ভণিতে অতিৰিক্ত আয়ুক্ত লীনা পাৱে ভাষণ আগবঢ়ায় ।
জিলাখনৰ ডুমডুমা সমষ্টিৰ ৰূপাই চাইদিঙৰ সৌৰভ কলা পৰিষদত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শ্ৰম আৰু চাহ শ্ৰমিক কল্যাণ মন্ত্ৰী তথা স্থানীয় বিধায়ক ৰূপেশ গোৱালা । তেওঁ সমষ্টিটোৰ ৫৬৬০ টা নতুন হিতাধিকাৰী পৰিয়ালৰ মাজত ৰেচন কাৰ্ড বিতৰণ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ কৰে । ইয়াৰ ফলত ১৪,৮৮৩ জন লোক উপকৃত হ'ব । অনুষ্ঠানৰ আৰম্ভণীতে আদৰণি ভাষণ দিয়ে ডুমডুমা সমজিলাৰ আয়ুক্ত নুজাহাৎ নাছৰিণে।
তিনিচুকীয়াৰ মানৱ কল্যাণ ভৱনত আয়োজিত তিনিচুকীয়া বিধানসভা সমষ্টিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী তথা অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষ সঞ্জয় কিষাণ । জিলাখনৰ সদৰ সমষ্টিটোত নতুন হিতাধিকাৰী পৰিয়ালৰ সংখ্যা হৈছে ৬৩১৭ টা আৰু জনসংখ্যা ১৫,৭৪২জন । অনুষ্ঠানটোত আদৰণি ভাষণ দিয়ে অতিৰিক্ত আয়ুক্ত মিৰ্জানা হুছেইনে ।
শদিয়া বিধানসভা সমষ্টিৰো ছপাখোৱা ৰাজহুৱা খেলপথাৰত আয়োজিত অনুষ্ঠানত সমষ্টিটোৰ বাবে নতুনকৈ প্ৰদান কৰিবলগীয়া ৭৮৯৮ খন ৰেচন কাৰ্ড বিতৰণৰ বিতৰণৰ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় । শদিয়া সম-জিলাৰ আয়ুক্ত মানসজ্যোতি নাথে জনোৱা মতে, এই কাৰ্ডখিনিয়ে সমষ্টিটোৰ ১৫,৫৩৪ জন লোকক সামৰি লৈছে।
ইপিনে,মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বাবে ৰঙ্গমঞ্চ ব্লক তিনিআলিত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সমষ্টিটোৰ বিধায়ক ভাস্কৰ শৰ্মা । ইয়াত প্ৰদান কৰিবলগীয়া ৭২১০ খন ৰেচন কাৰ্ডে ১৩,১৫১ জন হিতাধিকাৰীক সামৰি ল'ব । একেদৰে ডিগবৈ বিধানসভা সমষ্টিৰ বাবে টিংৰাই ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে স্থানীয় বিধায়ক সুৰেণ ফুকন । এই সমষ্টিটোত ৫৪০৬ খন নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব, যাৰ দ্বাৰা লাভান্বিত হ'ব ১১,০৯৪ জন লোক। এই অনুষ্ঠানত অতিৰিক্ত আয়ুক্ত জাভেদ আৰমানো উপস্থিত থাকে।