অসম

assam

ETV Bharat / state

ঐতিহাসিক নাগশংকৰ দেৱালয়ৰ ইতিবৃত্ত: কাছ সংৰক্ষণৰ বাবে উত্তৰ-পূব টি এছ এ ফাউণ্ডেচন ইণ্ডিয়াৰ পদক্ষেপ - Nagshankar Mandir - NAGSHANKAR MANDIR

Historic Shiv temple in Assam: আপুনি হয়তো নাগশংকৰ দেৱালয়লৈ বহুবাৰ গৈছে ! ইয়াত থকা ভগৱান বিষ্ণুৰ অৱতাৰ কাছক বিভিন্ন খাদ্য দি আৰ্শীবাদ লৈছে । এই দেৱালয়ৰ ইতিবৃত্ত বা কাছৰ বিষয়ে জানেনে ? চাওঁ আহক জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এই বিশেষ প্ৰতিবেদন...

Historic Shiv temple in Assam
ঐতিহাসিক নাগশংকৰ দেৱালয়ৰ ইতিবৃত্ত (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Sep 2, 2024, 6:04 PM IST

তেজপুৰ, ২ ছেপ্টেম্বৰ:শোণিতপুৰ জিলাৰ চতিয়াত আছে ইতিহাস প্ৰসিদ্ধ নাগশংকৰ দেৱালয় । অতীতৰ পৰাই দৰ্শক আৰু ভক্তপ্ৰাণ পৰ্যটকৰ মন আকৰ্ষণ কৰি আহিছে নাগশংকৰ দেৱালয়ে । শোণিতপুৰ জিলাৰ সদৰ তেজপুৰ চহৰৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ নিলগত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত এই দেৱালয় । বৰ্তমান চকীঘাট দলঙৰ চাৰিলেনযুক্ত পথেৰে গ’লে তেজপুৰৰ পৰা মাত্ৰ ৩৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই দেৱালয় সৰ্বজনবিদিত ।

ঐতিহাসিক নাগশংকৰ দেৱালয়ৰ ইতিবৃত্ত (ETV Bharat Assam)

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ লোকে ধৰ্মীয় পৰ্যটনৰ অংশ হিচাবে পৰিদৰ্শন কৰে এই দেৱালয় । এই দেৱালয়ৰ বিশেষত্ব হৈছে ইয়াত থকা ভগৱানখ্যাত বিশ্বৰ বিলুপ্ত প্ৰজাতিৰ 'কাছ' । মন্দিৰ পৰিচালনা সমিতিৰ মতে সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ তৎপৰতাত মন্দিৰৰ সমগ্ৰ পৰিবেশক এক নতুনত্ব প্ৰদান কৰাৰ লগতে পৰ্যটনৰ কেন্দ্ৰবিন্দু হিচাবে গঢ়ি তোলাৰ চেষ্টা কৰা হৈছে ।

শ্ৰী শ্ৰী নাগশংকৰ দেৱালয়ৰ সৈতে জড়িত প্ৰবাদ:

প্ৰবাদ মতে গোপিনী কীৰ্তনত উল্লেখ আছে, "বিশ্বনাথত শিৰ দিয়া, নাগশংকৰত নাভি, ৰুদ্ৰপদত পদ থৈয়া আছা শয়ন কৰি ।"
ভগৱান শিৱৰ পৰম ভক্ত বাণ ৰজাই বিশ্বনাথত ‘দ্বিতীয় কাশী’ স্থাপনৰ কথা জানিব পাৰি, দেবাদিদেৱ মহাদেৱে আনন্দত ‘কাশী’ দৰ্শন কৰিবলৈ আহিছিল । কাশী স্থাপনৰ বাবে প্ৰয়োজনীয় এক কোটি শিৱলিংগৰ এটা লিংগ নাৰদ মুনিয়ে লুকুৱাই থোৱাৰ বাবে বিশ্বনাথ ধামত কাশী প্ৰতিষ্ঠা কৰিব নোৱাৰিলে । যাৰ বাবে আজিও বিশ্বনাথ ধামক ‘গুপ্ত কাশী’ নামে জনা যায় ।

মহাদেৱে সেই দুখতে শুই পৰিছিল আৰু শিৱৰ শিৰ বিশ্বনাথত, নাভি অংশ এই পূণ্য ভূমি নাগশংকৰ আৰু পদ অংশ ৰুদ্ৰপদত পৰে । মহাদেৱৰ নাভিয়ে এই স্থান স্পর্শ কৰাৰ বাবে এই দেৱালয়ৰ নাম ‘নাভিশংকৰ’ বুলি ‘যোগিনী তন্ত্ৰ’ত পোৱা যায় । কালক্ৰমত, নাভিশংকৰৰ পৰাই এই স্থানৰ নাম নাগশংকৰ হয় ।

ইতিহাস :

ইতিহাস মতে পৰৱৰ্তী সময়ত তপস্বী ধৌম্য মহামুনিয়ে মহাদেৱৰ নাভিচিহ্ন থকা এই ঠাইত শিৱৰ আৰাধনা কৰিবলৈ লয় আৰু এই স্থান ধৌম্য মুনিৰ আশ্ৰম ৰূপে গঢ় লৈ উঠে । কিন্তু পাণ্ডৱৰ ৰাজপুৰোহিত ৰূপে ধৌম্যমুনি যাব লগা হোৱাত এই ‘ধৌম্যাশ্ৰম’ এখন অৰণ্য হৈ পৰে । কেইবাশ বছৰৰ পিছত খ্ৰীষ্টীয় চতুৰ্থ শতিকাৰ প্ৰথম ভাগত জিতাৰী বংশৰ ৰাজা প্ৰতাপ সিংহৰ তত্বাৱধানত এই দেৱালয় পুনৰ উদ্ধাৰ কৰা হয় আৰু সেই শতিকাৰ শেষৰফালে নাগাক্ষ ৰজাই এই দেৱালয় স্থাপন কৰে । ৰাজা নাগাক্ষৰ পৃষ্ঠপোষকতাতে ইয়াত পুনৰ মহাদেৱৰ অনুচৰ বৃন্দই কাছ ৰূপে ‘মোহন’ নাম লৈ স্থায়ীভাৱে এই পুখুৰীতে থাকিবলৈ লয় ।

জনবিশ্বাস মতে, আজিও একেদৰে পূজাৰ অন্তত ‘মোহনৰূপী’ কাছই ভক্তৰ প্ৰসাদ গ্ৰহণ কৰি পূজাৰ সফলতা বিফলতাৰ বিষয়ে জাননী দিয়ে । এই পুখুৰীত থকা বিৰল প্ৰজাতিৰ "বৰমূৰীয়া কাছ" দৰ্শন তথা গৱেষণাৰ বাবে বছৰি বহু দেশ-বিদেশৰ পৰ্যটকৰ আগমন ঘটে । কালক্ৰমত প্ৰাকৃতিক কাৰণত নাগাক্ষ ৰজাই নিৰ্মাণ কৰা এই দেৱালয় ধ্বংস হয় ।

পৰৱৰ্তী সময়ত আহোম স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত বিশ্বনাথৰ পৰা ভৰলী নদীলৈকে এই ভূখণ্ডৰ নদুৱাৰ শাসনকৰ্তা হিচাবে নিয়োজিত শলাল বৰগোঁহাইয়ে ধ্বংস হৈ যোৱা এই শৈৱপীঠৰ কথা জানিব পাৰি শিৱসিংহক জনায় । শিৱসিংহই ১৪৮০ খ্ৰীষ্টাব্দ এই দেৱালয় পুনৰ নিৰ্মাণ কৰা আৰু ৰামানন্দ বৰুৱাক এই শৈৱপীঠৰ পূজা-অৰ্চনা চলাবৰ বাবে বৰঠাকুৰ পাতি লগত ১২ ঘৰ 'পাইক' নিয়োগ কৰে । তেতিয়াৰ পৰা এই দেৱালয়ত মহাদেৱৰ পূজা-অৰ্চনা চলি আহিছে ।

কাছৰ সংখ্যা আৰু কৃত্ৰিম প্ৰজনন:

নাগশংকৰ দেৱালয়ৰ পুখুৰীত বৰ্তমান "কাছ"ৰ জনসংখ্যা বৃদ্ধি আৰু প্ৰজননৰ বাবে এক সংগঠনে ব্যৱস্থা গ্ৰহণ কৰি আহিছে । উত্তৰ-পূব টি এছ এ ফাউণ্ডেচন ইণ্ডিয়া নামৰ সংগঠনটোৰ প্ৰকল্প সমন্বয়ক সুষ্মিতা কৰে জনায়, ‘‘নাগশংকৰ মন্দিৰৰ পুখুৰীটোত ব্ৰহ্মপুত্ৰ নদীৰ অৱবাহিকাৰ স্থানীয় কৃষ্ণ চফ্টশ্বেল কাছৰ এক বৃহৎ জনসংখ্যা আছে । ভগৱান বিষ্ণুৰ অৱতাৰ হিচাপে সাংস্কৃতিকভাৱে শ্ৰদ্ধা জনোৱাৰ উপৰিও এই স্থানীয় অঞ্চলত কাছৰ সংৰক্ষণৰ প্ৰতিও জনসাধাৰণ যথেষ্ট সচেতন । বৰ্তমান প্ৰায় ২৫০ -৩০০ টা কাছ এই পুখুৰীত উপলব্ধ যি সমগ্ৰ বিশ্বতে বিৰল ।’’

কৰৰ মতে, ‘‘মন্দিৰ সমিতিখনে বন বিভাগ আৰু প্ৰকল্পৰ দলটোক গণ সংবেদনশীলতাৰ জৰিয়তে দৰ্শনাৰ্থীয়ে এই কাছৰ বাবে শুকান মাছৰ খাদ্য প্ৰৱৰ্তন কৰাত সহায় কৰে, একে সময়তে মুড়ী, বিস্কুট আদি অযোগ্য খাদ্য সামগ্ৰী নিষিদ্ধ কৰিছিল ।’’

বৰ্তমান উত্তৰ পাৰত টি এছ এ ফাউণ্ডেশ্যন ইণ্ডিয়াই কাম কৰি আহিছে ৷ ব্ৰহ্মপুত্ৰত এই প্ৰজাতিটোক দুৰ্বল বাঁহৰ সুৰক্ষা আৰু কৃত্ৰিমভাৱে ইনকিউবেট কৰি পুনৰ সংৰক্ষণ কৰাত মুখ্য ভূমিকা পালন কৰে, তাৰ পিছত শোণিতপুৰ পূব সংমণ্ডল আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ সহায়ত এক পাইলট প্রজেক্ট মুকলি কৰে । মানুহৰ সমৰ্থনত এনে পদক্ষেপৰ ফলত এই কাছৰ দীৰ্ঘম্যাদী অস্তিত্বৰ আশা দেখা পোৱা গৈছে বুলি তেওঁ জনায় ।

চলিত বৰ্ষত এই পুখুৰীৰ পৰা সংস্থাটোৱে প্ৰায় ৩৫০ টা কণী সংগ্ৰহ কৰিছিল ইয়াৰ পৰা ২৩৫ টা কৃত্ৰিম প্ৰজননৰ বাবে ব্যৱহাৰ কৰে যদিও বিভিন্ন কাৰণত মাত্ৰ ১৫০ টা পোৱালী হে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ ব্ৰহ্মপুত্ৰত পুনৰ সংস্থাপনৰ বাবে মুকলি কৰি দিয়ে বুলি তেওঁ জনায় ।

লগতে পঢ়ক:ক’ত, কেতিয়া, কিদৰে ব্যৱহাৰ কৰা হৈছিল শূন্য : এক শিলালিপিয়ে দিছে প্ৰমাণ - HISTORY OF ZERO

৪৯ বছৰে চুলি কটোৱা নাই ভক্তই : কাৰণ কি জানেনে ? - 12 FEET HAIR FOR TEMPLE DEITY

মাত্ৰ এটা মাৰ্বল শিলতে খোদিত ১৮.৫ ফুট উচ্চতাৰ কালী মূৰ্তি - Pournamikavu Temple Kali Idol

ABOUT THE AUTHOR

...view details