অসম

assam

ETV Bharat / state

প্ৰতিপদ তিথি উপলক্ষে বিল্বেশ্বৰ দেৱালয়ত নৱৰাত্ৰিৰ পূজা আৰম্ভ - Navratri 2024 - NAVRATRI 2024

Billeswar Devalaya: মহালয়াৰ লগে লগে আৰম্ভ হৈছে নৱৰাত্ৰিৰ পূজা । প্ৰতিপদ তিথি উপলক্ষে নলবাৰীৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত বৃহস্পতিবাৰৰ পুৱাৰে পৰা আৰম্ভ হৈছে পূজা । দুৰ্গা পূজা উপলক্ষে এইবাৰ দেৱালয়ত গ্ৰন্থমেলাৰো আয়োজন কৰা হৈছে ।

Billeswar Devalaya
প্ৰতিপদ তিথি উপলক্ষে বিল্বেশ্বৰ দেৱালয়ত নৱৰাত্ৰিৰ পূজা আৰম্ভ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Oct 3, 2024, 3:28 PM IST

নলবাৰী,৩ অক্টোবৰ : সমাগত দুৰ্গা পূজা । ৰাজ্যৰ চাৰিওফালে দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি চলিছে । মহালয়াৰ লগে লগে অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে নৱৰাত্ৰিৰ পূজাও । প্ৰতিটো মন্দিৰ, দেৱালয় আদিত দেখা গৈছে নৱৰাত্ৰিৰ ব্যাপক আয়োজন । শাস্ত্ৰৰ মতে মহালয়াৰ পিছদিনা অৰ্থাৎ আজি প্ৰতিপদ তিথি । ৰাজ্যৰ দেৱালয়সমূহত প্ৰতিপদ তিথি উপলক্ষে দেৱী দুৰ্গাক প্ৰতিষ্ঠা কৰি পূজা অৰ্চনা আৰম্ভ কৰা হৈছে ।

বিল্বেশ্বৰ দেৱালয়ত নৱৰাত্ৰিৰ পূজা

ব্যতিক্ৰম নহয় নলবাৰীৰ ঐতিহাসিক শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয়ো । প্ৰতিবছৰৰ দৰে এইবাৰো দেৱালয়ত প্ৰতিপদ তিথিৰ লগত সংগতি ৰাখি নৱৰাত্ৰিৰ পূজা আৰম্ভ হৈছে । বিল্বেশ্বৰ দেৱালয়ৰ মূল মন্দিৰত শৈলপুত্ৰীৰ ৰূপত নৱৰাত্ৰিৰ পূজা ইতিমধ্যে আৰম্ভ কৰা হৈছে । পুৰোহিতৰ মন্ত্ৰোচ্চাৰণত মুখৰিত হৈ পৰিছে বিল্বেশ্বৰ দেৱালয় ।

প্ৰতিপদ তিথি উপলক্ষে বিল্বেশ্বৰ দেৱালয়ত নৱৰাত্ৰিৰ পূজা আৰম্ভ (ETV Bharat)

দেৱালয়ৰ দলৈ ৰঞ্জিত মিশ্ৰই জনোৱা মতে দেৱালয়ত প্ৰতিপদ তিথিৰ পৰা দশমীৰ দিনালৈ চলি থাকিব দুৰ্গতি নাশিনীৰ বিশেষ পূজা অৰ্চনা । আনহাতে এইবাৰ দেৱালয়ত আধ্যাত্মিকতাৰ উপৰিও ভক্তসকলক কিছু গ্ৰন্থৰ সুৱাস দিবলৈ সাজু হৈছে উদ্যোক্তাসকল । বৃহস্পতিবাৰৰ পৰা বিল্বেশ্বৰ দেৱালয়ত গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে ।

জাকজমকতাৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা কৰা হৈছে যদিও মূল আধ্যাত্মিকতাক অধিক গুৰুত্ব আৰোপ কৰা হৈছে বুলি দেৱালয়ৰ দলৈ ৰঞ্জিত মিশ্ৰই জানিবলৈ দিয়ে । ইফালে এইবাৰ অষ্টমী আৰু নৱমী পূজা একেদিনাই হোৱাত কোনো ভক্তৰে যাতে অসুবিধা নহয় তাৰ বাবেও দেৱালয় কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । ভক্তৰ সুবিধাৰ্থে যান-বাহনৰ পাৰ্কিঙৰো সুকীয়া ব্যৱস্থা কৰিছে দেৱালয় কৰ্তৃপক্ষই ।

লগতে পঢ়ক :চিত্ৰশিল্পীৰ ৰং-তুলিকাৰে অংকন মা দুর্গাৰ ভিন্ন দৃশ্য - Mahalaya 2024

ABOUT THE AUTHOR

...view details