অসম

assam

ETV Bharat / state

সংকটৰ দিশে নামৰূপ সাৰ কাৰখানা: উৎপাদন হ্ৰাসৰ লগতে কমিছে উপার্জন - Namrup fertilizer factory - NAMRUP FERTILIZER FACTORY

Namrup fertilizer factory: যিকোনো মুহূৰ্ততে স্তব্ধ হ'ব নামৰূপ সাৰ কাৰখানাৰ তৃতীয় গোট । চতুর্থ গোট স্থাপনৰ ক্ষেত্রত কেন্দ্ৰৰ নাই কোনো তৎপৰতা । প্রতিশ্রুতিতে সীমাবদ্ধ নেন' ইউৰিয়া প্ৰকল্প । সদনত কেন্দ্রীয় সাৰ আৰু ৰসায়ন দপ্তৰৰ ৰাজ্য মন্ত্ৰী অনুপ্রিয়া পেটেলে দিয়া তথ্যই স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰৰ অনিহা ।

Namrup fertilizer factory
সংকটৰ দিশে নামৰূপ সাৰ কাৰখানা (ETV Bharat)

By ETV Bharat Assamese Team

Published : Aug 25, 2024, 2:54 PM IST

গুৱাহাটী, ২৫ আগষ্ট : নামৰূপ সাৰ কাৰখানাত পুনৰ অচলাৱস্থাই দেখা দিছে । ৰাজহুৱা খণ্ডৰ উদ্যোগটোৰ আধুনিকীকৰণ কৰা হ'ব বুলি বিগত বৰ্ষৰ জুলাই মাহত কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে সদৰি কৰিছিল যদিও কাৰ্যতঃ সেয়া হৈ নুঠিল । যাৰ বাবে পুনৰ নামৰূপ সাৰ কাৰখানাই সংকটৰ সন্মুখীন হৈছে ।

লক্ষণীয় বিষয় যে সাৰ কাৰখানাটোৰ চতুৰ্থটো গোট স্থাপনৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰে এতিয়াও পৰীক্ষা কৰিয়েই আছে । আনকি কেন্দ্রীয় চৰকাৰে ২০১৫ চনৰ ১৫ মে'ত নামৰূপত এটা নতুন এম'নিয়া-ইউৰিয়া সাৰ কাৰখানা স্থাপনৰ বাবে লোৱা সিদ্ধান্ত এতিয়া পাহৰণিৰ গৰ্ভত ।

উল্লেখ্য যে সংসদৰ শেহতীয়া অধিবেশনত কেন্দ্রীয় সাৰ আৰু ৰসায়ন দপ্তৰৰ ৰাজ্য মন্ত্ৰী অনুপ্রিয়া পেটেলে প্ৰকাশ কৰা তথ্যৰ পৰাই স্পষ্ট হৈ পৰিছে যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগটো পুনৰুজ্জীৱিত কৰাৰ কোনো আশা নাই । ইফালে সাৰ কাৰাখানাটোৰ উৎপাদন আৰু বাৰ্ষিক আয়ো দ্রুতগতিত হ্ৰাস পোৱাৰ কথা ব্যক্ত কৰিছে কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে ।

তথ্য মতে ২০২১-২২ বিত্তীয় বৰ্ষত নামৰূপ সাৰ কাৰখানা অর্থাৎ ব্ৰহ্মপুত্ৰ ভেলী ফার্টিলাইজাৰ কৰ্প'ৰেশ্যন লিমিটেডৰ উৎপাদন আছিল ১.৭ লাখ মেট্রিক টন । ২০২২-২৩ বিত্তীয় বৰ্ষত এই উৎপাদন ২.২৩ লাখ মেট্রিক টনলৈ বৃদ্ধি পায় যদিও ২০২৩-২৪ বিত্তীয় বৰ্ষত এই উৎপাদন পুনৰ ১.৮০ লাখ মেট্রিক টনলৈ হ্ৰাস পায় ।

লক্ষণীয় বিষয় যে ২০২১ চনৰ ১ ফেব্ৰুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অর্থনৈতিক পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় কেবিনেটে ব্রহ্মপুত্র ভেলী ফার্টিলাইজাৰ্ছ কৰ্প'ৰেশ্যনৰ অধীনৰ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্র সাৰ কাৰখানাটোৰ বাবে ১০০ কোটি টকাৰ পেকেজত অনুমোদন জনাইছিল । উক্ত ধনৰাশি সাৰ কাৰখানাটোৰ যন্ত্ৰপাতিৰ উন্নয়ন আৰু আন্তঃগাঁথনিৰ উন্নয়নত ব্যয় কৰাৰ ফলত ২০২২-২৩ বিত্তীয় বৰ্ষত উৎপাদন কিছু বৃদ্ধি পাইছিল । কিন্তু এটা বৰ্ষৰ পাছতে লক্ষণীয়ভাৱে উৎপাদন পুনৰ হ্রাস পায় ।

একেদৰে ২০২১-২২ বিত্তীয় বৰ্ষত সাৰ কাৰখানাটোৰ আয় ৩৩৫.৩৫ কোটি টকা আছিল যদিও ২০২২-২৩ বিত্তীয় বৰ্ষত এই আয় ১১৫৮.৮৯ কোটি টকালৈ বৃদ্ধি পায় । কিন্তু ২০২৩-২৪ বিত্তীয় বৰ্ষত এই আয় পুনৰ ৮১২.৫৩ কোটি টকালৈ হ্ৰাস পায় । ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে যে অনাগত সময়ত সাৰ কাৰখানাটোৰ উৎপাদন তথা আয় আৰু অধিক হ্রাস পাব ।

ইফালে চতুৰ্থ গোট স্থাপনৰ বাবে এটা সময়ত সিদ্ধান্ত গ্ৰহণ কৰা কেন্দ্ৰীয় চৰকাৰে এতিয়া আকৌ চতুৰ্থটো গোট স্থাপনৰ বিষয়টো পৰীক্ষা কৰি থকা বুলি মত প্রকাশ কৰাটো তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে । প্ৰণিধানযোগ্য যে কাৰখানাটোৰ চতুৰ্থটো গোট স্থাপনৰ ক্ষেত্ৰত কেন্দ্ৰৰ ওচৰত অসম চৰকাৰে নিজৰ অংশীদাৰিত্ব ১১ শতাংশৰ পৰা ২৬ শতাংশলৈ বৃদ্ধি কৰাৰো প্ৰস্তাৱ দিছিল । কিন্তু ৰাজ্য চৰকাৰে নিজৰ অংশীদাৰিত্ব বৃদ্ধি কৰাৰ বাবে প্ৰস্তাৱ দিয়াৰ পাছতো কেন্দ্ৰীয় চৰকাৰে আজিও চতুৰ্থটো গোট স্থাপনৰ কোনো গুৰুত্ব নিদিলে ।

আনহাতে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ কাৰখানাটোৰ প্ৰথম আৰু দ্বিতীয়টো গোট কেতিয়াবাই বন্ধ হৈ যোৱাৰ পাছত সম্প্ৰতি তৃতীয়টো গোটৰ দ্বাৰা উৎপাদনহে চলি আছে । তৃতীয়টো গোটো পুৰণি হৈ পৰাৰ ফলত আজিৰ তাৰিখত সাৰ কাৰখানাটোৰ চতুৰ্থটো গোট স্থাপন কৰাটো অতি প্রয়োজনীয় হৈ পৰিছে । এইক্ষেত্ৰত ৰাজ্যৰ পূৰ্বৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই কেইবাবাৰো কেন্দ্ৰীয় বিত্ত মন্ত্ৰী আৰু ৰসায়ন আৰু সাৰ মন্ত্ৰীক সাক্ষাৎ কৰিছে যদিও কেন্দ্ৰীয় চৰকাৰে গুৰুত্বই দিয়া পৰিলক্ষিত হোৱা নাই ।

লক্ষণীয় বিষয় যে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল আৰু চুবুৰীয়া ৰাষ্ট্ৰ নেপাল, ভূটান আৰু বাংলাদেশলৈ সাৰ কাৰখানাটোৱে এটা সময়ত সাৰৰ যোগান ধৰিছিল ।

২০০৬ চনৰ পৰা পূৰণ নহ'ল প্ৰতিশ্ৰুতি :

প্ৰথম আৰু দ্বিতীয়টো গোট বন্ধ হৈ যোৱাৰ পাছত ২০০৬ চনত সেই সময়ৰ কেন্দ্ৰীয় সাৰমন্ত্ৰী প্ৰয়াত ৰাম বিলাস পাছোৱানে নামৰূপ ভ্ৰমণ কৰি প্ৰথমবাৰৰ বাবে চতুর্থ গোট স্থাপন কৰা হ'ব বুলি ঘোষণা কৰিছিল । কিন্তু পাছোৱানৰ পাছত বহুকেইগৰাকী মন্ত্ৰী আহিল আৰু গ'ল । কিন্তু সাৰ কাৰখানাটোৰ চতুৰ্থ গোট স্থাপনৰ ঘোষণা কেৱল ঘোষণা হৈয়ে থাকিল । আনকি কেন্দ্রীয় চৰকাৰে মাজতে নামৰূপত নেন' ইউৰিয়া প্ৰকল্প স্থাপন কৰা হ'ব বুলিও ঘোষণা কৰিছিল । লক্ষণীয় বিষয় যে কেন্দ্ৰীয় চৰকাৰৰ এনে স্থিতিৰ বাবেই এতিয়া নামৰূপ সাৰ কাৰখানাৰ ভৱিষ্যৎ গভীৰ অন্ধকাৰৰ দিশে গতি কৰিছে ।

বিগত বৰ্ষত সৰ্বানন্দ সোণোৱালে দিছিল ভাল খবৰ :

বিগত বৰ্ষৰ জুলাই মাহত নামৰূপ সাৰ কাৰখানাক আধুনিকীকৰণ কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে সদৰি কৰিছিল । উল্লেখ্য যে বিগত বৰ্ষত লোকসভাৰ প্রশ্নোত্তৰকালত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে উত্থাপন কৰা এক প্রশ্নৰ উত্তৰত নিটি আয়োগৰ পৰামৰ্শ অনুসৰি কেন্দ্ৰই নামৰূপ সাৰ কাৰখানাটো বন্ধ কৰাৰ সিদ্ধান্ত লোৱাৰ বিষয়টো পোহৰলৈ আহিছিল । ইয়াৰ পাছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।

অসমৰ ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে ইয়াৰ তীব্ৰ বিৰোধীতা কৰিছিল । ঠায়ে ঠায়ে হৈছিল প্ৰতিবাদ । ৰাজ্যজুৰি হোৱা ব্যাপক প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদৰ পাছতে সলনি হয় কেন্দ্ৰৰ সিদ্ধান্ত । সেই সময়ত কেন্দ্ৰই গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে সামাজিক মাধ্যমযোগে অৱগত কৰিছিল কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে । সেই সময়ত কেন্দ্ৰীয় মন্ত্রী সোণোৱালে স্পষ্ট কৰিছিল যে বন্ধ কৰা নহয় নামৰূপৰ সাৰ কাৰখানা, বৰং আধুনিকীকৰণহে কৰা হ'ব ।

কেন্দ্ৰীয় কেবিনেট বৈঠকৰ অন্তত সোণোৱালে নামৰূপৰ সাৰ কাৰখানা সন্দৰ্ভত সেই সময়ৰ কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী মনসুখ মাণ্ডৱিয়াৰ সৈতে নতুন দিল্লীত এখন বৈঠকত মিলিত হৈছিল । সেই বৈঠকৰ পাছতে সোণোৱালে জনাইছিল যে নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্প'ৰেশ্যন লিমিটেড (BVFCL) সাৰ প্ৰকল্পটো কোনোপধ্যেই বন্ধ কৰা নহয়, বৰং এই প্ৰকল্পটো আধুনিকীকৰণহে কৰা হ'ব ।

ইয়াৰ উপৰিও এটা নেন' ইউৰিয়া প্ৰকল্পও স্থাপন কৰা হ'ব, য'ত মূলতঃ স্থানীয় লোকসকলে নিযুক্তি লাভ কৰিব । তাৰ পৰা উৎপাদিত ইউৰিয়া আৰু নেন' ইউৰিয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চল আৰু পশ্চিমবংগৰ কৃষকসকলৰ বাবে শস্য উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব । কিন্তু সেই সকলো বিষয় এতিয়াও কাৰ্যকৰী হোৱা নাই আৰু ফলস্বৰূপে উদ্যোগটো পুনৰ সংকটৰ দিশে গতি কৰিছে ।

লগতে পঢ়ক :অসমৰ ভূমিত নগাৰ আদৰণি তোৰণ, তীব্ৰ উত্তেজনা - Assam Nagaland border

ABOUT THE AUTHOR

...view details