ডিব্ৰুগড়:ৰাজ্যত অনুষ্ঠিত হ'ব লগা পঞ্চায়ত নিৰ্বাচনৰ বাবে শাসক বিৰোধী সকলো ৰাজনৈতিক দলে বিগত কেইবাটাও মাহৰ পৰা ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে । ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছিল । কিন্তু শুকুৰবাৰে সন্ধিয়া অনুষ্ঠিত হোৱা কেবিনেটৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেল সম্বোধন কৰি জানিবলৈ দিয়ে আদালতত চলি থকা গোচৰৰ বাবে পিছুৱাব পাৰে অনুষ্ঠিত হ'বলগা পঞ্চায়ত নিৰ্বাচন ।
কৰিমগঞ্জৰ কেইটামান পঞ্চায়তক লৈ উচ্চ ন্যায়ালয়ত চলি থকা গোচৰৰ বাবেই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত সমস্যা সৃষ্টি হোৱা বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । ইয়াৰ পাছতে চৰাইদেউ জিলাৰ সাপেখাতীত উপস্থিত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰা চৰকাৰ আৰু মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে ।
পঞ্চায়তক লৈ চৰকাৰৰ বিৰুদ্ধে কি অভিযোগ গৌৰৱ গগৈৰ:
এই সন্দৰ্ভত সাংসদগৰাকীয়ে কয়, "পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিফল হৈছে । ইয়াৰ মূল কাৰণেই হ'ল সমষ্টি পুনৰ নিৰ্ধাৰণ । সমষ্টি পুনৰ নিৰ্ধাৰণ ৰাইজৰ সুবিধা অনুসৰি কৰাহেতেন আদালতৰ মজিয়াত এনেবোৰ ঘটনা বিচাৰাধীন হ'ব লগা নহ'লহেঁতেন । উচ্চ ন্যায়ালয়ত চলি থকা কেছটোত যুক্তি থকাৰ বাবেহে আদালতে কেছটো গ্ৰহণ কৰিছে ।’’
তেওঁ লগতে কয়, "সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি অসমৰ ৰাইজৰ ভাল কৰিছো বুলি দাবী কৰিছিল মুখ্যমন্ত্ৰীয়ে কিন্তু পঞ্চায়তৰ ভিতৰত ৰাইজৰ যি মূল অধিকাৰ আছিল তাক কাঢ়ি লৈ গ'ল । সমষ্টি পুনৰ নিৰ্ধাৰণে কোনো জাতি জনগোষ্ঠীক উপকৃত কৰা নাই, কেৱল বিজেপিয়ে নিজৰ স্বাৰ্থ, নিজৰ ভোট বেংক ঠিক কৰাৰ বাবে এই কাম কৰিলে । পঞ্চায়ত নিৰ্বাচন সময়ত অনুষ্ঠিত কৰিব নোৱাৰি কংগ্ৰেছক দোষ দিবলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীয়ে । চৰকাৰৰ বিফলতাৰ বাবে তৃণমূল পৰ্যায়ৰ লোকক সাংবিধানিক অধিকাৰ প্ৰদান কৰাৰ পৰা বঞ্চিত কৰিছে চৰকাৰে ।"