অসম

assam

মাতব্বৰৰাজ বন্ধ কৰিবলৈ মৰিগাঁৱৰ চৰাঞ্চলত কঠোৰ নিৰ্দেশনা জিলা আয়ুক্তৰ - Land issues in Char areas

By ETV Bharat Assamese Team

Published : Sep 16, 2024, 9:15 PM IST

Matabbar process: চৰাঞ্চলত চলি থকা ভূমি বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত মাতব্বৰৰাজ বন্ধ কৰাৰ আহ্বান মৰিগাঁও জিলা আয়ুক্তৰ ৷ একাংশ মাতব্বৰে নিজৰ চক্ৰান্তৰে দুখীয়া ৰাইজক প্ৰৱঞ্চনা কৰি অহা বুলি তেওঁ উল্লেখ কৰে ৷

Matabbar process
Land issues in Char areas (ETV Bharat)

ধিং, 16 ছেপ্টেম্বৰ: ‘‘স্বৰাজোত্তৰ কালৰে পৰা সামাজিক অৰ্থনৈতিক ৰাজনৈতিক আৰু দৰিদ্ৰতাৰ বলি হৈ অহা চৰ-চাপৰিত এতিয়া আৰু মাতব্বৰৰাজ নচলিব । ব্ৰহ্মপুত্ৰ নদীয়ে সৃষ্টি কৰা চৰসমূহত মাটিৰ সীমা লৈ চলে মাতব্বৰৰাজ । একাংশ দালাল আৰু মাতব্বৰে প্ৰায়ে চৰৰ লোকৰ নিৰক্ষতাৰ সুযোগ লৈ প্ৰভুত্ব চলাই আহিছে । কিন্তু এতিয়াৰ পৰা আৰু মাতব্বৰৰাজ চলিবলৈ দিয়া নহ’ব ।’’ এই মন্তব্য মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাৰ ।

মাতব্বৰৰাজ বন্ধ কৰিবলৈ মৰিগাঁৱৰ চৰাঞ্চলত কঠোৰ নিৰ্দেশনা জিলা আয়ুক্তৰ (ETV Bharat)

দীৰ্ঘদিন ধৰি লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত টেঙাগুৰি, পানীগাং, আমতলা, কাশিগুৰি, বৰিগাঁও, শিয়ালমাৰী আৰু কিছামগুৰি চৰত সীমাক লৈ চলি আহিছিল বিবাদ । এই বিবাদৰ কাৰণে প্ৰায়ে মাৰপিটৰ ঘটনা সংঘটিত হৈ আহিছে । কেইজনমান মাতব্বৰে নিৰক্ষৰ লোকক উচটনি দি কাজিয়া লগাই মুনাফা লুটি অহাৰ অভিযোগো উত্থাপিত হয় ।

দেওবাৰে মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথ, লাহৰীঘাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বিকাশ চেত্ৰী আৰু বেলুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াকে ধৰি বৃহৎ আৰক্ষী বাহিনী এটা লগত লৈ পানীগাং চৰত উপস্থিত হয় । পাঁচখন চৰৰ ৰাইজ গোট খায় । আয়ুক্ত দেৱাশীষ শৰ্মাই সকলো পক্ষক একলগ কৰি প্ৰত্যেকৰে নিজৰ নিজৰ মতামত দিবলৈ আহ্বান জনায় ।

ৰাইজৰ মতামতৰ পৰা স্পষ্ট হয় যে একাংশ মাতব্বৰ আৰু দালালৰ কাৰণে মাটিৰ সীমা লৈ দীৰ্ঘদিন ধৰি মাৰ পিট আৰু সংঘাত চলি আহিছে । প্ৰায় দুই এবছৰৰ মূৰে মূৰে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াত নিচিহ্ন হোৱা অধিকাংশ গাঁৱেই চৰলৈ ৰূপান্তৰিত হয় । লগে লগে আৰম্ভ হয় চৰ দখলৰ দাদাগিৰি । খহনীয়াৰ তাণ্ডৱত হেৰুওৱা নিজৰ মাটিখিনিত কৃষিকৰ্ম কৰিবলৈ যাওঁতে মাতব্বৰৰ ওচৰত শৰণাপন্ন হ’ব লগা হয় দৰিদ্ৰ কৃষক । ধন দি অস্থায়ী দখলীস্বত্ব কিনিব লগা হয় । এই অভিযোগ খোদ ভুক্তভোগীৰ ৷

দীৰ্ঘদিন ধৰি চলি অহা মাতব্বৰৰাজ দেওবাৰে আয়ুক্ত দেৱাশীষ শৰ্মাই সকলো পক্ষক লৈ নিঃশেষ কৰাৰ আহ্বান জনায় । নিজৰ নিজৰ প্ৰাপ্য মাটিখিনি আয়ুক্ত দেৱাশীষ শৰ্মাই নিজে ফিটাৰে জোখ মাফ কৰি খুটি পুতি দিয়ে । কাশিগুৰি চৰত থকা দালাল কেইজন অৱশেষত পলাবলগীয়া হয় । মণ্ডল-কানানগো আৰু চক্ৰ বিষয়াৰ জৰিয়তে মাটিৰ সীমা জোখ-মাফ কৰি পৰিয়ালক ভাগ ভাগ কৰি দিয়াত ৬ টা চৰৰ দীৰ্ঘদিনীয়া সীমা বিবাদ নিষ্পত্তি হয় । একে দিনাই চিতলমাৰী চৰতো একেই সীমা বিবাদ নিষ্পত্তি কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক:ভূমি বিবাদ : দুৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণত মহিলাসহ আহত তিনিগৰাকী - Land Dispute

ভূমি বিবাদক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিট; আহত প্ৰায় 20 জন

ABOUT THE AUTHOR

...view details