অসম

assam

ETV Bharat / state

১১ নৱেম্বৰত ১২ ঘণ্টীয়া তিনিচুকীয়া-ডিব্ৰুগড় বন্ধ ঘোষণা মৰাণ সংগঠনৰ - TINSUKIA DIBRUGARH BANDH APPEAL

জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ মন্তব্য়ত ক্ষুব্ধ মৰাণ জনগোষ্ঠী ।

Moran Oaganizations Protest
সদৌ মৰাণ ছাত্ৰ সন্থাৰ সংবাদমেল (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 9, 2024, 9:36 PM IST

তিনিচুকীয়া: অহা ১১ নৱেম্বৰৰ পুৱা ৫ বজাৰ পৰা ১২ ঘণ্টীয়া তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা বন্ধ ঘোষণা কৰিছে সদৌ মৰাণ ছাত্ৰ সন্থা আৰু সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনে । অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি নিদিয়াৰ প্ৰতিবাদত সংগঠন দুটাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

শেহতীয়াকৈ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে মৰাণ-মটককে ধৰি অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সম্পৰ্কত সিদ্ধান্ত লোৱা নাই বুলি কোৱা বিষয়টোত ক্ষুব্ধ হৈছে সদৌ মৰাণ ছাত্ৰ সন্থা আৰু সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন । শনিবাৰে তিনিচুকীয়াত সদৌ মৰাণ ছাত্ৰ সন্থা আৰু সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনে এখন জৰুৰীভাৱে যৌথ সভাত মিলিত হৈ গ্ৰহণ কৰে জিলা বন্ধৰ কাৰ্যসূচী ।

সদৌ মৰাণ ছাত্ৰ সন্থাৰ সংবাদমেল (ETV Bharat Assam)

পৰৱৰ্তী সময়ত সময়ত বৰগুৰিত দুয়োটা সংগঠনে এখন সংবাদমেল সম্বোধন কৰি সোমবাৰে পুৱা ৫ বজাৰ পৰা আবেলি ৫ বজালৈ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা বন্ধ কাৰ্যসূচী ঘোষণা কৰে ৷ উক্ত সংবাদমেলত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে জনজাতিকৰণ সম্পৰ্কত কেৱল ৰাজনীতি কৰি আছে আৰু এনে ৰাজনীতি মৰাণ, মটকে কোনোপধ্যে সহ্য নকৰে বুলি সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পলিন্দ্ৰ বড়া, সাধাৰণ সম্পাদক জয়কান্ত মৰাণ, মটক যুৱ ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক স্বৰূপ গোঁহায়ে সকীয়াই দিয়ে ।

সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পলিন্দ্ৰ বড়াই কয়," অসমৰ মুখ্যমন্ত্ৰীয়ে নিজে মডেলিটি কমিটীৰ অধ্যক্ষ থকাৰ পিছতো জনজাতিকৰণৰ বিষয়টো আগবঢ়াই নিনিয়াটো খিলঞ্জীয়া বিৰোধী ৷ মুখ্যমন্ত্ৰীৰ কথাৰ ফুলজাৰি মৰাণ আৰু মটক জনগোষ্ঠীটোয়ে বুজি পাইছে ।" তেওঁ মুখ্যমন্ত্ৰীক খিলঞ্জীয়াৰ উন্নয়ন আৰু উত্তৰণৰ বিৰোধী, হিন্দু বাংলাদেশীৰহে ৰক্ষক বুলি উল্লেখ কৰে । লগতে গণতান্ত্ৰিক প্ৰতিবাদৰ যদি গুৰুত্ব নিদিয়ে তেন্তে অন্য পন্থা গ্ৰহণ কৰিবলৈও মৰাণ,মটক জনগোষ্ঠীৰ লোক সাজু হৈ আছে বুলি মন্তব্য কৰে ।

আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ দাবী

তেওঁ পুনৰ কয় যে অতি শেহতীয়াকৈ মিছন বসুন্ধৰা ৩.০ ৰ জৰিয়তে মৰাণ,মটকক বঞ্চিত কৰা হৈছে । লগতে ২০২৬ চনত এই প্ৰতাৰণাৰ ফল ভুগিব বুলি তেওঁ সকীয়াই দিয়ে ৷ সমান্তৰালভাৱে আজি জনজাতিকৰণৰ দাবীত সাব্যস্ত কৰা প্ৰতিবাদত আৰক্ষী-প্ৰশাসনে প্ৰয়োগ কৰা গেছ আৰু হতাহতিত কেইবাগৰাকী ছাত্ৰ কৰ্মী আহত হয় । যিসকল আৰক্ষী বিষয়াই প্ৰতিবাদকাৰীসকলক আঘাতপ্ৰাপ্ত কৰিল তেওঁলোকৰ বিৰুদ্ধে প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পলিন্দ্ৰ বড়াই ।

লগতে পঢ়ক:জুৱেল ওৰামে জুই জ্বলালে তিনিচুকীয়াত: আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ

প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্যাতন চলোৱা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে: বসন্ত গগৈ

ABOUT THE AUTHOR

...view details