নিউজ ডেস্ক, ২১ ফেব্ৰুৱাৰী:ৰাজ্যত সুদখোৰৰ বিৰুদ্ধে অভিযান অব্যাহত আছে ৷ সুদখোৰৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক কঠোৰ নিৰ্দেশনা দিয়াৰ পিচতো একাংশই চলাই আছে এই বেহা । ৰাজ্য়ৰ আন ঠাইৰ লগতে মৰিগাঁও,পলাশবাৰী,বৰপেটাৰোতো চলিছে সুদখোৰৰ দপদপনি । আনকি প্ৰাণৰ মমতাত পলাই থাকিবলগীয়া হৈছে ভুক্তভোগী ।
মৰিগাঁৱত এজন ভুক্তভোগীৰ ক'ল ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পিচতেই পোহৰলৈ আহিছে এই ভয়ংকৰ ছবিখন । পৰিমল নাথ নামৰ সুদখোৰজনৰ ভয় আৰু ভাবুকিত ভীতিগ্ৰস্থ হৈ প্ৰাণৰ মমতাত পলাই ফুৰিব লগীয়া হৈছে মৰিগাঁৱৰ এইজন ভুক্তভোগীয়ে। মিকিৰভেটা থানাৰ জালুগুটি পহৰা চকীৰ অন্তৰ্গত মিকিৰ গাঁৱৰ লাঠৰবড়ী গাঁৱৰ পৰিমল নাথ নামৰ সুদখোৰজনৰ আছে নাৰী দেহ ব্যৱসায়ৰ সৈতেও গোপন সম্পৰ্ক । সুদৰ টকা আদায় দিব নোৱাৰা বাবেই ভুক্তভোগীৰ পত্নীক বিক্ৰী কৰিবলৈ ধমক দিছে । ভুক্তভোগীৰ পত্নীক ক'ত বিক্ৰী কৰিব তাৰো লিংক আছে পৰিমল নাথৰ হাতত ।