অসম

assam

ETV Bharat / state

বিশাল সম্পত্তি থকাৰ পাচতো অসম ৰাজ্যিক পৰিবহণ নিগমত বৰ্তমান মৃত্যুঘণ্টা বাজিছে : ৰেকিবুদ্দিন আহমেদ - Assam State Transport Corporation - ASSAM STATE TRANSPORT CORPORATION

Rekibuddin Ahmed on ASTC and wine shop : পৰিবহণ নিগমৰ দুৰৱস্থা আৰু পাইকাৰী হাৰত সুৰাৰ বিপণি মুকলি কৰাকলৈ সৰৱ বিধায়ক ৰেকিবুদ্দিন আহমেদ ৷ পৰিবহণ নিগমৰ বৰ্তমান নিজস্ব বহু বাহন থকাৰ পাচতো মৃত্যুঘণ্টা বাজিছে বুলি মন্তব্য কৰে বিধায়ক আহমেদে ।

MLA Rekibuddin Ahmed reacts on ASTC and wine shop
পৰিবহণ নিগমৰ দুৰৱস্থা আৰু পাইকাৰী হাৰত সুৰাৰ বিপণি মুকলি কৰাকলৈ সৰৱ বিধায়ক ৰেকিবুদ্দিন আহমেদ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Aug 31, 2024, 8:41 AM IST

গুৱাহাটী, 31 আগষ্ট : ‘‘বিশাল সম্পত্তি থকাৰ পাচতো অসম ৰাজ্যিক পৰিবহণ নিগমত বৰ্তমান মৃত্যুঘণ্টা বাজিছে । নিগমৰ বৰ্তমান 646 খন নিজস্ব বাহন চলি আছে । মুঠ 486 খন বাহন বৰ্তমান পথত চলি থকা অৱস্থাত নাই । ইয়াৰ ভিতৰত মেৰামতি সম্ভৱ হোৱা বাহনৰ সংখ্যা ৮৮ খন আৰু মেৰামতি সম্ভৱ নোহোৱা বাহনৰ সংখ্যা 172 খন । এই 172 খন বাছ নিগমে নিলাম কৰিব । আনহাতে, 226 খন অচল হৈ থকা বাছ লিজত দিব ।’’ এই মন্তব্য বিধায়ক ৰেকিবুদ্দিন আহমেদৰ ।

বিশাল সম্পত্তি থকাৰ পাচতো অসম ৰাজ্যিক পৰিবহণ নিগমত বৰ্তমান মৃত্যুঘণ্টা বাজিছে : ৰেকিবুদ্দিন আহমেদ (ETV Bharat)

বিধানসভাত উত্থাপন কৰা প্ৰশ্নৰ বিপৰীতে লাভ কৰা তথ্য দাঙি ধৰি এইদৰে কয় বিধায়ক আহমেদে । বিধায়কগৰাকীয়ে লগতে কয়, ‘‘ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশাল সম্পত্তি থকাৰ পাচতো পৰিবহন নিগমে বাহন নিলাম কৰিবলগীয় হৈছে । এই অৱস্থা হৈছে নিগমৰ । কি অৱস্থালৈ গৈ আছে পৰিবহণ নিগম । বিশাল সম্পত্তি থকা পৰিবহণ নিগমক পুনৰুজ্জীবিত কৰাৰ বাবে চৰকাৰে পৰিকল্পনা কৰিব লাগে । নিগমৰ সম্পত্তি যাতে বেলেগৰ হাতলৈ নাযায় তাৰ ব্যৱস্থা কৰিব লাগে ।’’

লগতে পঢ়ক:বৰগাঙৰ পৰা চলাচল কৰা একমাত্ৰ ৰঙা বাছখনো বন্ধ কৰিলে পৰিবহণ নিগমে - Assam State Transport Corporation

  • আৱকাৰী ৰাজহৰ নামত ভৱিষ্যত প্ৰজন্মক ধ্বংস নকৰিব :

আৱকাৰী ৰাজহ বৃদ্ধিৰ বাবে চৰকাৰে সুৰাৰ বিপণি মুকলি কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক ৰেকিবুদ্দিন আহমেদে । বিধায়ক আহমেদে কয়, "চৰকাৰৰ বাবে আবকাৰী ৰাজহ গুৰুত্বপূৰ্ণ । কিন্তু ৰাজহৰ নামত ভৱিষ্যৎ প্ৰজন্মক ধ্বংস কৰিবলৈ দিব নোৱাৰি । ৰাজহ বৃদ্ধি কৰিব লাগে যদিও পাইকাৰী হাৰত সুৰাৰ বিপণী মুকলি কৰি দিলে পৰিণাম কি হ'ব উপলব্ধি কৰা উচিত । ৰাজহ লাগিব কিন্তু সেই বুলি স্কুল-কলেজৰ ওচৰত খুলিব নালাগে । ভৱিষ্যত প্ৰজন্মৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অন্যথা পৰিণতি বিষম হ'ব ।"

লগতে পঢ়ক :অতীজৰে পৰা চলি অহা এক পৰম্পৰা বন্ধ কৰি হিমন্ত বিশ্ব শৰ্মাই একো বীৰত্ব প্ৰদৰ্শন কৰা নাই: প্ৰদ্যুৎ বৰদলৈ - Namaz Break of Assam Assembly

ABOUT THE AUTHOR

...view details