জোনাই, ২৬ মে': জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে জোনাই মহকুমাৰ অন্তৰ্গত বিভিন্ন গাঁও পৰিদৰ্শন কৰি ৰাইজৰ সৈতে মত বিনিময় কৰে । টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ জোনাই জিলা সমিতিৰ সহযোগত বিধায়কগৰাকীয়ে এই কাৰ্যসূচী ৰূপায়ন কৰে । এই পৰিদৰ্শনৰ সময়ত বিধায়কগৰাকীয়ে জোনাই বিধানসভা সমষ্টিৰ বিভিন্ন সমস্য়া সম্পৰ্কে ৰাইজৰ সৈতে আলোচনা কৰাৰ লগতে এইবোৰৰ সমধানৰ বাবে ৰাজ্য় চৰকাৰে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে ।
বিধায়ক ভূৱন পেগুৱে আজি প্ৰথমে জোনাইৰ অতি পুৰণি গাঁও উজনি বিজয়পুৰত উপস্থিত হৈ গাঁওখনৰ নিচেই কাষেদি বৈ যোৱা ৰাজাখানা নদীৰ গৰাখহনীয়া প্ৰতিৰোধ আৰু যাতায়ত সুচলৰ বাবে দলং নিৰ্মাণৰ কাৰণে গাঁৱৰ ৰাইজৰ উপস্থিতিত আলোচনা কৰে । এইক্ষেত্ৰত তেওঁ ৰাইজৰ পৰামৰ্শও বিচাৰে । ইয়াৰ পিচতে তেওঁ উত্তৰ কাৰ্দংচুক,নামনি বালিগাঁও ,কাৰ্দং চুক,ভেকেলী ,মধ্যলক্ষীপুৰ,মেম্বাৰচুক,১ নং চিৰামপুৰীয়া আৰু গালী চিকাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত নাহৰ বিজুলী আৰু ১নং অমৰপুৰ গাঁৱৰ জৰাজীৰ্ণ ৰাস্তা ,গৰাখহনীয়া,বিদ্যালয়ৰ আন্তঃগাঁথনি আদি বিভিন্ন সমস্যাৰ লগতে সামগ্ৰিক পৰিস্থিতিৰ বুজ লয় ।