অসম

assam

ETV Bharat / state

অসমৰ পৰা ৩ হাজাৰ কোটি লুটি মুখ্যমন্ত্ৰীয়ে ঝাড়খণ্ডৰ নিৰ্বাচনত ব্য়য় কৰিছে: অখিল গগৈ - AKHIL GOGOI SLAMS ASSAM CM

ঝাড়খণ্ডৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা কিয় সফল নহ'ল ?

MLA Akhil Gogoi Press Meet
অখিল গগৈৰ সংবাদমেল (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 25, 2024, 7:12 PM IST

শিলচৰ:কেন্দ্ৰীয় নেতা হোৱাৰ সপোন পূৰণ কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমখন লুটিলে বুলি মন্তব্য় কৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে ।

উপ-নিৰ্বাচনৰ ফলাফলৰ পিছতেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য় কৰি লৈছে বিধায়কগৰাকীয়ে । সোমবাৰে শিলচৰত পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰিল ৰাইজৰ দলৰ সভাপতি তথা বিধায়কগৰাকী ।

অখিল গগৈৰ সংবাদমেল (ETV Bharat Assam)

শিলচৰত সোমবাৰে আয়োজিত এক সংবাদমেলত অখিল গগৈয়ে মুখ্য়মন্ত্ৰীক সমালোচনা কৰি কয়," অসমৰ পৰা ৩ হাজাৰ কোটি টকা লুটি নি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঝাড়খণ্ডৰ নিৰ্বাচনত খৰচ কৰিছে ৷ হিমন্ত বিশ্ব শৰ্মাৰ ভুল কৌশলৰ বাবে ঝাড়খণ্ডত বেয়াকৈ হাৰিছে বিজেপি ৷ "

হিমন্ত বিশ্ব শৰ্মাই অসমখনক লুটিছে

আনহাতে, হিমন্ত বিশ্ব শৰ্মাক অসমৰ খিলঞ্জীয়া মানুহে প্ৰত্যাখ্য়ান কৰিছে বুলি অখিল গগৈয়ে মন্তব্য় কৰি কয়," কেন্দ্ৰীয় নেতা হোৱাৰ সপোন পূৰ্ণ কৰিবলৈ গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমখনক লুটিছে ৷ অসমৰ পৰা হাজাৰ হাজাৰ কোটি টকা লুটি দিল্লীত জমা দিছে মুখ্যমন্ত্ৰীয়ে ৷ "

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীক চাপত ৰাখিবলৈ অমিত শ্বাহে মাজে মাজে অসমৰ মুখ্যমন্ত্ৰীক ব্যৱহাৰ কৰে বুলি মন্তব্য় কৰি অখিল গগৈয়ে কয়," এইবাৰ ঝাড়খণ্ডতো এনেদৰে হিমন্ত বিশ্ব শৰ্মাক ব্যৱহাৰ কৰিছিল অমিত শ্বাহে ৷ কিন্তু হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণভাৱে ফেইল মাৰিছে ৷ হিমন্তৰ ভুল কৌশলৰ বাবে ঝাড়খণ্ডত বেয়াকৈ পৰাজিত হৈছে বিজেপি ৷ মুখ্যমন্ত্ৰীয়ে বৰাকৰ মানুহক যেনেকৈ টুপী পিন্ধাই তেনেকৈ টুপী ঝাড়খণ্ডত পিন্ধাবলৈ গৈছিল । কিন্তু ঝাড়খণ্ডৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ টুপী পিন্ধা নাই ।"

মিঞাৰ ভোটৰ পৰিকল্পনা মুখ্য়মন্ত্ৰীৰ

আনহাতে, হিমন্ত বিশ্ব শৰ্মাক অসমৰ খিলঞ্জীয়া মানুহে প্ৰত্যাখান কৰিছে বুলি মন্তব্য় কৰি অখিল গগৈয়ে কয়," সেয়েহে এতিয়া মুছলমান আৰু মিঞাৰ ভোটেৰে নিৰ্বাচন খেলাৰ পৰিকল্পনা কৰিছে মুখ্যমন্ত্ৰীয়ে ৷ অসমৰ চাৰিটা মিঞা অধ্যুষিত সমষ্টি দখলৰ বাবে এতিয়া মুখ্যমন্ত্ৰীয়ে সংকল্প লৈছে ।"

লগতে পঢ়ক:বিজেপিক ভোট দিবলৈ কোন বিধায়কে কাক ৫ কোটি টকাৰ প্ৰস্তাৱ আগবঢ়াইছিল ?

উপ-নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ কাৰণ ব্য়াখ্য়া কৰিলে অখিল গগৈয়ে

ABOUT THE AUTHOR

...view details