অসম

assam

ETV Bharat / state

জ্বলিল আকাশ বন্তি-কৰিলে কামনা, মন্ত্ৰী-বিধায়ক-নেতাৰে ভৰিল ধাননিডৰা

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাতি বিহু উদযাপন । বিভিন্ন প্ৰান্তত অংশগ্ৰহণ মন্ত্ৰী-বিধায়কৰ ।

By ETV Bharat Assamese Team

Published : 4 hours ago

Ministers-MLAs celebrated Kati Bihu in different parts of the state
ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাতি বিহু উদযাপন (ETV Bharat Assam)

নিউজ ডেস্ক,১৭ অক্টোবৰ: শাওণৰ বোকা মাটিত কেঁচা ঘাম পৰি পথাৰ সোণোৱালী হোৱালৈ বেছিপৰ নাই । বছৰটোলৈ গোটোৱা ফচল ভঁৰালৰ তল পালে যদিও আগন্তুক আঘোণে কঢ়িয়াইছে আশাৰ বতৰা । সেয়ে অসমীয়াই বিলাইছে কঙালীৰ বতৰা । ৰাজ্যৰ চহা অসমীয়াই উদযাপন কৰিছে বাপতিসাহোন কাতি বিহু । লখিমীক আহ্বান জনাইছে, জ্বলাইছে বন্তি । ৰৈ নাথাকিল মন্ত্ৰী-বিধায়কো । জ্বলালে আকাশ বন্তি । প্ৰতিশ্ৰুতিময় সমচোৱাত মেলিলে আশাৰ পোহাৰ ।

কলিয়াবৰত কেশৱ মহন্ত:

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে কলিয়াবৰতো উদযাপন কৰা হৈছে বাপতিসাহোন কাতি বিহু । কলিয়াবৰত অসম কৃষক পৰিষদৰ উদ‍্যোগত কাতি বিহু পালন কৰে ঐতিহাসিক ভঁড়ালী বৰুৱা পুখুৰীৰ সমীপৰ পথাৰত । এই আকাশ বন্তি প্ৰজ্জ্বলন অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত । আনহাতে, কলিয়াবৰত কাতি বিহু উপলক্ষে ধাননিৰ বকীয়াত বোৱাৰী-জীয়ৰী, যুৱক-যুৱতীৰ সৈতে ৰবাব টেঙাৰ সোৱাদ লয় মন্ত্ৰী কেশৱ মহন্তই । কাতি বিহুত কলিয়াবৰত পথাৰৰ লখিমী আদৰাৰ নিয়মৰ লগতে পথাৰত ৰবাব টেঙা খোৱাৰ পৰম্পৰা চলি আহিছে । শিশুসকলে তুলসীৰ তলত গাঁৱৰ ঘৰে-ঘৰে নাম-কীৰ্তন পৰিৱেশন কৰে কলিয়াবৰত ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাতি বিহু উদযাপন (ETV Bharat Assam)

নলবাৰীত জয়ন্ত মল্লবৰুৱা:

ব্যতিক্ৰম নহয় নলবাৰীও । নলবাৰীৰ ভিন্ন প্ৰান্তৰ লগতে খাটিকুছিত বিজেপিৰ নলবাৰী জিলা কিষাণ মৰ্চাৰ উদ্যোগত পালন কৰা হয় আমাৰ বাপতিসাঁ‌হোন কাতি বিহু । বিস্তীৰ্ণ কৃষিভূমিত বন্তি প্ৰজ্বলন কৰি পালন কৰা হয় প্ৰতিজন অসমীয়াৰ হেঁপাহৰ এই উৎসৱ । পথাৰত তুলসীৰ তলত আৰু আকাশ বন্তি প্ৰজ্বলন কৰে কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই । আটচবাজী ফুটাই নলবাৰীৰ খেতিপথাৰত । আনহাতে কৃষক মৰ্চাৰ উদ্যোগত আয়োজিত কাতি বিহু অনুষ্ঠানত অঞ্চলটোৰ শতাধিক খেতিয়কক সম্বৰ্দ্ধনা জনোৱা হয় ।

বন্তি জ্বলালে লুৰীণজ্যোতি গগৈয়ে (ETV Bharat Assam)

বন্তি জ্বলালে লুৰীণজ্যোতি গগৈয়ে:

কাতি বিহুৰ দিনা সম্ভাৱনাৰে ভৰপূৰ সেউজ পথাৰত বন্তি জ্বলালে লুৰীণজ্যোতি গগৈয়ে । ডিব্ৰুগড়ৰ শিলপোতা গাঁৱৰ ৰাইজৰ সৈতে কাতি বিহুৰ সন্ধিয়া বন্তি জ্বলালে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে, কৰিলে অসমবাসীৰ মংগল কামনা ।

ৰাইজৰ সৈতে কাতি বিহু উদযাপন লুৰীণজ্যোতি গগৈৰ (ETV Bharat Assam)

জোনাইত সপত্নীক ভূৱন পেগু:

জোনাইত কাতি বিহু উপলক্ষত ৬০১ গছিৰে সমুহীয়া বন্তি প্ৰজ্বলন । মুখ্য অতিথি হিচাপে অংশগ্ৰহণ জোনাই বিধায়ক ভূৱন পেগুৰ । জোনাই প্ৰায় ৫ খন গাঁৱৰ ৰাইজৰ উপস্থিতিত ৩ নং মূৰ্কংচেলেক পথাৰত সমূহীয়া ৬০১ গছি চাকি জ্বলাই মা লক্ষ্মীক প্ৰাৰ্থনা কৰে । কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি জোনাই বিধায়ক ভূৱন পেগু তথা তেখেতৰ সহধৰ্মীনিয়ে বন্তি প্ৰজ্বলন কৰে ৷

লগতে পঢ়ক:কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জ্বলালে কাতি বিহুৰ বন্তি

তুলসীৰ ভেটি সজাত ব্যস্ত গাঁৱৰ কণমানি; পৰম্পৰা অনুসৰি কাতি বিহু পালনত ব্যস্ত ৰাজ্যবাসী

৩৭১ বছৰীয়া পৰম্পৰাৰে আউনীআটী সত্ৰত কাতি বিহু উদযাপন

ABOUT THE AUTHOR

...view details