গুৱাহাটী, ৬ ফেব্ৰুৱাৰী :মধ্যযুগৰ অসমৰ অমূল্য বৌদ্ধিক সম্পদৰূপে বিবেচিত সাঁচিপাতৰ পুথিৰ পাণ্ডুলিপিসমূহ বিজ্ঞানসন্মতভাৱে স্থায়ী ৰূপত সংৰক্ষণৰ পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগে । ইয়াৰ অংশ হিচাপে বিভাগটোৰ অধীনৰ অসম ইলেক্ট্ৰনিক্স ডেভেলপমেণ্ট কৰ্পোৰেচন লিমিটেডে (এমট্ৰন) পুৰণি সাঁচিপাতৰ পুথিৰ পাণ্ডুলিপিকলৈ প্ৰস্তুত কৰা এটা বিশেষ প’ৰ্টেল মঙলবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে তথ্য-প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই । দিছপুৰস্থিত তথ্য-প্ৰযুক্তি আৰু ইলেকট্ৰনিক সঞ্চালকালয়ত (ডাইটেক) মঙলবাৰে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে বিশেষ প’ৰ্টেলটো মুকলি কৰে ।
প’ৰ্টেলটো মুকলি কৰি মন্ত্ৰীগৰাকীয়ে কয়, ‘পাঁচশ বছৰৰ আগৰে পৰা দুয়োজনা গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ-মাধৱদেৱৰ লগতে আমাৰ আতাপুৰুষসকলে সাঁচিপাতত ৰচনা কৰি থৈ যোৱা অমূল্য বৌদ্ধিক সম্পদৰাজিয়ে আমাৰ সভ্যতা, সংস্কৃতি আৰু ঐতিহ্যৰ সমৃদ্ধিশালী ৰূপটোকে প্ৰতিফলিত কৰি আহিছে ।’ অসমৰ ভাষা-সাহিত্য-সংস্কৃতিৰ চহকী ঐতিহ্যক প্ৰতিফলিত কৰা এই অনন্য সম্পদৰাজি ডিজিটাইজেছনৰে ভৱিষ্যত প্ৰজন্মৰ বাবে স্থায়ীভাৱে সংৰক্ষণ কৰাৰ লগতে দেশ-বিদেশৰ গৱেষক-পণ্ডিতৰ বাবেও ইণ্টাৰনেটত সুন্দৰকৈ উপলব্ধ হোৱাকৈ তথ্য প্ৰযুক্তি বিভাগে এমট্ৰনৰ তত্বাৱধানত এক বিশেষ প্ৰকল্প কাৰ্য ৰূপায়নৰ ব্যৱস্থা কৰিছে । ইয়াৰ অংশ হিচাপে অসমৰ সত্ৰসমূহৰ লগতে বিভিন্ন স্থানত উপলব্ধ পুৰণি সাঁচিপতীয়া পুথিসমূহ ডিজিটাইজেচনৰ জৰিয়তে বিজ্ঞানসন্মতভাৱে স্থায়ী সংৰক্ষণৰ কাম চলাই থকা হৈছে ।
প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ত ইতিমধ্যে বৰদোৱা সত্ৰৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া আন চাৰিখন সত্ৰত থকা সাঁচিপাতৰ পাণ্ডুলিপিসমূহ অত্যাধুনিক স্কেনাৰৰ জৰিয়তে স্কেনিং কৰি ইমেজ প্ৰচেছিং আৰু মেটা ডাটা সৃষ্টিৰে ডিজিটাইজ কৰাৰ কাম সম্পূৰ্ণ হৈ উঠিছে । এনেদৰে ডিজিটাইজ কৰা সাঁচিপাতৰ পুথিৰ পাণ্ডুলিপিসমূহৰ স্থায়ী সংৰক্ষণ আৰু ইণ্টাৰনেটত একত্ৰে উপলব্ধ কৰিবলৈ এই বিশেষ প’ৰ্টেলটো প্ৰস্তুত কৰা হৈছে । ইতিমধ্যে এই প’ৰ্টেলত ৩৬৭ খন সাঁচিপাতৰ পুথিৰ পাণ্ডুলিপি ডিজিটাইজ ৰূপত আপলোড কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয় ।