অসম

assam

ETV Bharat / state

মাতৃয়ে পঢ়ি ভালপোৱা গ্ৰন্থ বিচাৰি গ্ৰন্থমেলাত মন্ত্ৰী কেশৱ মহন্ত - KALIABOR BOOK FAIR

গ্ৰন্থমেলাই শৈশৱৰ দিনলৈ মনত পেলাই দিলে মন্ত্ৰী কেশৱ মহন্তক । কলিয়াবৰ গ্ৰন্থমেলাৰ দ্বিতীয় দিনটোত গ্ৰন্থমেলাত উপস্থিত উপস্থিত হৈ কেইবাখনো প্ৰিয় গ্ৰন্থ ক্ৰয় কৰে মন্ত্ৰীগৰাকীয়ে ।

KALIABOR BOOK FAIR
গ্ৰন্থমেলাত মন্ত্ৰী কেশৱ মহন্ত (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Feb 13, 2025, 7:49 PM IST

কলিয়াবৰ: কলিয়াবৰত প্ৰথমবাৰৰ বাবে ৬ দিনীয়াকৈ অনুষ্ঠিত হৈছে কলিয়াবৰ গ্ৰন্থমেলা । গ্ৰন্থমেলাৰ প্ৰথম দিনটোৰ পৰাই ৰাইজৰ বিপুল সঁহাৰি দেখিবলৈ পোৱা গৈছে । গ্ৰন্থমেলাৰ দ্বিতীয় দিনটোত বৃহস্পতিবাৰে গ্ৰন্থ বিপণিত দেখা গ’ল মন্ত্ৰী কেশৱ মহন্তক ৷ পিছে এইবাৰ কোনো কাৰ্যসূচী অথবা অনুষ্ঠানত অংশ ল’বলৈ গ্ৰন্থমেলাৰ বাকৰিলৈ অহা নাই মন্ত্ৰী মহন্ত ৷ এজন গ্ৰন্থপ্ৰেমী হিচাপেহে গ্ৰন্থমেলাত তেওঁ উপস্থিত হয় ৷ গ্ৰন্থমেলাৰ বিপণিত সাধাৰণ লোকৰ দৰেই মহন্তই নিজৰ পচন্দৰ কিতাপ বিচাৰে ৷

ৰাইজৰ বিপুল সঁহাৰিৰ মাজতে মন্ত্ৰী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই মাতৃয়ে পঢ়ি ভাল পোৱা গ্ৰন্থ বিচাৰি গ্ৰন্থৰ বিপণিত ব্যস্ত হৈ থকা দেখা যায় ৷ নিজৰ আৰু মাতৃৰ বাবে বহুকেইখন কিতাপো ক্ৰয় কৰে তেওঁ ৷

গ্ৰন্থমেলাত মন্ত্ৰী কেশৱ মহন্ত (ETV Bharat Assam)

মন্ত্ৰী মহন্তই কয়, "গ্ৰন্থৰ বিপণিত সোমালে এনে লাগে যেন প্ৰত্যেকখন কিতাপেই দৰকাৰী । কিন্তু তাৰ ভিতৰতে কিছুসংখ্যকহে কিতাপ লোৱা যায় । আজিও তেনে কিছু কিতাপ লক্ষ্য কৰিছো । আধ্যাত্মিক গ্ৰন্থ, হোমেন বৰগোহাঞিৰ গ্ৰন্থ, জৈৱিকভাৱে কৃষিকাৰ্য বিষয়ক গ্ৰন্থ, আমাৰ মাজত থকা ঔষধি খাদ্যসম্ভাৰ বিষয়ক গ্ৰন্থ চকুত পৰিছে । আমাৰ মাতৃ আহিছিল । কিন্তু কি লৈ গ'ল নাজানিলো । মাতৃয়ে পঢ়িব পৰা কিতাপ দুখনমানো লৈছো । যাতে আজৰি সময়ত পঢ়িব পাৰে ।"

কলিয়াবৰ গ্ৰন্থমেলাৰ প্ৰথম দিনটোতে লক্ষাধিকতকৈ অধিক টকাৰ গ্ৰন্থ বিক্ৰী হয় । মন্ত্ৰীগৰাকীয়ে লগতে কয়, "যদিও প্ৰজন্ম নামৰ এটা অনুষ্ঠানে প্ৰথমবাৰৰ বাবে কলিয়াবৰত গ্ৰন্থমেলা আয়োজন কৰিছে, তথাপি সকলো স্তৰৰ লোকে সহযোগ কৰিছে । যিটো সকলোৰে বাবে শুভ লক্ষণ ।"

সৰুৰে পৰা গ্ৰন্থৰ সুবাসৰ প্ৰতি আগ্ৰহী আছিল মন্ত্ৰীগৰাকী । দীৰ্ঘ বিৰতিৰ অন্তত প্ৰথমবাৰলৈ অনুষ্ঠিত কলিয়াবৰ গ্ৰন্থমেলাই শৈশৱৰ দিনলৈ মনত পেলাই দিলে মন্ত্ৰী কেশৱ মহন্তক । সেয়ে কলিয়াবৰ গ্ৰন্থমেলাৰ দ্বিতীয় দিনটোত গ্ৰন্থমেলাত উপস্থিত উপস্থিত হৈ কেইবাখনো প্ৰিয় গ্ৰন্থ ক্ৰয় কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক:গ্ৰন্থই পৃথিৱীক কেতিয়াও বিশ্বাসঘাতকতা নকৰে: কলিয়াবৰ ...

ABOUT THE AUTHOR

...view details