অভয়াপুৰীত উপস্থিত অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা বঙাইগাঁও,২১ মাৰ্চ:আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে শাসক-বিৰোধী সকলো । সমষ্টিয়ে সমষ্টিয়ে উজান উঠিছে নেতা-মন্ত্ৰীৰ । ব্যতিক্ৰম নহয় বৰপেটা লোকসভা সমষ্টিত । বৃহস্পতিবাৰে বঙাইগাঁও জিলাৰ অভয়াপুৰীত সমষ্টি ভিত্তিত বিজেপি-অগপৰ কাৰ্যকৰ্তা সন্মিলনত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা । উক্ত সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে আগবঢ়াই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য ।
কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ঐক্য মঞ্চই বিজেপি চৰকাৰৰ বিৰুদ্ধে মুকলিকৈ উত্থাপন কৰা অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী মল্লবৰুৱাই কোনো অভিযোগৰ কথা শুনা নাই বুলি উল্লেখ কৰে । ৰাজনীতিত সক্ৰিয় হৈ থাকি তেৱেঁই যেতিয়া শুনা নাই তেন্তে সাধাৰণ মানুহে বিৰোধীৰ মহা অভিযোগৰ বিষয়ে কেনেকৈ জানিব বুলি কটাক্ষ কৰে । ইয়াৰোপৰি সাংসদ আব্দুল খালেকৰ পদত্যাগৰ সিদ্ধান্ত প্ৰত্যাহাৰ সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ।
তেওঁ কয়, "আব্দুল খালেকৰ দৰে মানুহ সেই দলটোত থাকিবই । তেওঁক লৈ আমাৰ কোনো উৎকন্ঠা নাই । যিসকল লোকক আমাৰ দললৈ অহাটো বিচাৰিছো তেওঁলোক আহিবই । আব্দুল খালেকৰ দৰে লোক বিজেপিলৈ অহাটো দলে বিচৰা নাই । আব্দুল খালেকেই হওক অথবা বদৰুদ্দিন আজমলেই হওক আমি কথা নাপাতো । আদৰ্শৰ বাহিৰৰ মানুহৰ লগত কথা নাপাতো ।"
কংগ্ৰেছ চৰকাৰ আহিলে প্ৰথম কেবিনেটতে CAA বাতিলৰ সপক্ষে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি গৌৰৱ গগৈয়ে কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, যাৰ চৰকাৰ নাই আৰু নাহে তেওঁলোকে অলীক কল্পনা কৰে । যাৰ চৰকাৰ নাহেই, তেওঁ যিকোনো কথা ক'ব পাৰে । যাৰ চৰকাৰ আহিব তেওলোকেহে জুখি-মাখি কথা ক'ব লাগে । ইতিমধ্যে বৰপেটা লোকসভা সমষ্টিত অগপ নেতা ফণীভূষণ চৌধুৰীক জয়ী কৰাই সমষ্টিটো দখল কৰিবৰ বাবে মিত্ৰদলে প্ৰস্তুতি তুংগত তোলা পৰিলক্ষিত হৈছে ।
লগতে পঢ়ক:উদয় শংকৰ হাজৰিকা নে ৰাণী নৰহ ? কোন হ’ব কংগ্ৰেছৰ লখিমপুৰৰ প্ৰাৰ্থী ? - Lakhimpur Lok Sabha Constituency