অসম

assam

ETV Bharat / state

বিজেপিৰ পক্ষত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অধিবক্তা সমাজক আহ্বান মন্ত্ৰী অজন্তা নেওগৰ - golaghat advocates conference

BJP Assam Pradesh Law Cell: ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশ আইন কোষৰ আহ্বান মৰ্মে গোলাঘাটত আইন কোষৰ উদ্যোগত অধিবক্তা সন্মিলন। সভাত অধিবক্তাসকলৰ অংশগ্ৰহণে ভাৰতীয় জনতা পাৰ্টীক অধিক শক্তিশালী কৰিব বুলি মন্তব্য় অজন্তা নেওগৰ ।

Lok Sabha election 2024
গোলাঘাটত আইন কোষৰ উদ্যোগত অধিবক্তা সন্মিলন

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 5:10 PM IST

Updated : Mar 10, 2024, 7:53 PM IST

গোলাঘাটত আইন কোষৰ উদ্যোগত অধিবক্তা সন্মিলন

গোলাঘাট, ১০ মাৰ্চ :গোলাঘাট জিলা ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ত আজি বিজেপিৰ গোলাঘাট জিলা আইন কোষৰ উদ্যোগত আয়োজন কৰা হয় অধিবক্তা সন্মিলন । এই অধিবক্তা সন্মিলনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিত্তমন্ত্ৰী অজন্তা নেওগে অধিবক্তাসকল সমাজৰ একো একোজন প্ৰৱোদ্ধ ব্যক্তি বুলি উল্লেখ কৰে । মন্ত্ৰীগৰাকীয়ে অধিবক্তাসকল সমাজৰ দিকদৰ্শক বুলি মন্তব্য় কৰে । তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত কৰাৰ লক্ষ্যৰে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত আগন্তুক নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ অধিবক্তা সমাজক আহ্বান জনায় ।

দুই শতাধিক অধিবক্তাই অংশগ্ৰহণ কৰা এই সভাখনত আদৰণি ভাষণ প্ৰদান কৰি গোলাঘাট জিলা বিজেপিৰ সভাপতি দেৱপ্ৰদীপ বৰাই অধিবক্তাসকলক দলৰ মজিয়ালৈ আদৰণি জনায় আৰু অধিবক্তাসকলৰ ব্যাপক অংশগ্ৰহণে দলক অধিক শক্তিশালী কৰিব বুলি মন্তব্য় কৰে । গোলাঘাট জিলা আইন কোষৰ আহ্বায়ক ধ্ৰুৱজ্যোতি কোঁৱৰে সভাপতিত্ব কৰা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যসভাৰ সাংসদ তথা কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই সমাজখনৰ উত্তৰণৰ বাবে অধিবক্তাসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে ।

উক্ত সভাত সাংগঠনিক বক্তব্য প্ৰদান কৰি ৰাজ্যিক আইন কোষৰ ৰাজ্যিক আহ্বায়ক জয়ন্ত কুমাৰ গোস্বামীয়ে কয় যে ২০১৪ ৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে ভাৰতীয় আইন ব্যৱস্থাৰ পৰা বৃটিছ যুগৰ গোলামী মানসিকতাৰ পৰিপূৰ্ণ আইনসমূহ সমাপ্ত কৰি ভাৰতীয় চিন্তন সংযোজিত নতুন আইন প্ৰণয়নৰ জৰিয়তে দেশৰ জনসাধাৰণক ন্যায় প্ৰদান কৰিবলৈ সক্ষম হৈছে । জিলা আইন কোষৰ সহকাৰী আহ্বায়ক দুলেশ্বৰ শইকীয়াই সম্বৰ্ধনা অনুষ্ঠানত আঁত ধৰে । সহকাৰী আহ্বায়কে শলাগৰ শৰাই আগবঢ়োৱা সভাখনত ৰাজ্যিক আইন কোষৰ সহআহ্বায়ক সত্যৱতী কোঁৱৰ, সদস্য দীপ্ত প্ৰসাদ গোস্বামী, গোলাঘাট জিলাৰ প্ৰাভাৰী গোস্বামী, জিলা সাধাৰণ সম্পাদক সঞ্জীৱ দাস আদি বহুকেইজন ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ নেতাই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:অনুৰোধ ৰক্ষা কৰিলে মুখ্যমন্ত্ৰীয়ে: টি. আও ষ্টেডিয়ামৰ নতুন ৰূপ হ’ব ৰাইজৰ বাবে মুকলি

Last Updated : Mar 10, 2024, 7:53 PM IST

ABOUT THE AUTHOR

...view details