তিনিচুকীয়া, ২ আগষ্ট : সমগ্ৰ দেশতেই আৰম্ভ হৈছে ঘৰচীয়া বা পোহনীয়া হাতীৰ গণনা প্ৰক্ৰিয়া ৷ দেশৰ প্ৰতিখন ৰাজ্যৰ লগতে অসমতো আৰম্ভ কৰা হৈছে ঘৰচীয়া বা পোহনীয়া হাতীৰ তথ্য সংগ্ৰহৰ কাম ৷ ভাৰত চৰকাৰৰ বন মন্ত্ৰণালয়ৰ উদ্যোগত আৰম্ভ কৰা হৈছে এই গণনাকাৰ্য ৷
সমগ্ৰ দেশত কিমানটা হাতী ঘৰচীয়া হৈ আছে তাৰ প্ৰকৃত তথ্য উদ্ঘাটন কৰাৰ বাবে ভাৰত চৰকাৰে এই পদক্ষেপ হাতত লৈছে ৷ বন বিভাগৰ মুখ্য গণনা বিষয়া আৰু ঘৰচীয়া হাতীৰ বিশেষজ্ঞ ড৹ গোপাল ছেত্ৰীৰ নেতৃত্বত বন বিভাগৰ এটা দলৰ সহযোগত চলিছে এই গণনাকাৰ্য ৷ এটা ঘৰচীয়া বা পোহনীয়া হাতীৰ জোখ-মাখ, তেজ, শ্বাবৰ নমুনা সংগ্ৰহৰ অন্তত কাণত মাইক্ৰ’চিপ লগাই দিয়া হয় ৷ হাতীৰ উচ্চতা, দৈৰ্ঘ, দাত, নখ আদিৰ বিৱৰণ হাতীৰ গৰাকীৰ নামৰ সৈতে অনলাইনত উপলব্ধ থাকিব ৷
সমগ্ৰ দেশতেই হাতী গণনাৰ কাম সমাপ্ত হোৱাৰ পিচত হাতীৰ গৰাকীক হাতীটোৰ নামত প্ৰদান কৰা হ’ব এখন প্ৰমাণপত্ৰ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ বন সংমণ্ডলৰ অন্তৰ্গত পেঙেৰীৰ খাটাংপানী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ তৰাণি গাঁৱত বন বিভাগৰ এটা দল উপস্থিত হৈ গাঁওখনৰ লোকসকলৰ ঘৰচীয়া হাতীৰ তথ্য সংগ্ৰহ কৰা হয় ৷