অসম

assam

ETV Bharat / state

জে এম চি এইচতো বৃদ্ধি চিকিৎসা সেৱা মাচুল; পঞ্জীয়নৰ পৰা অস্ত্ৰোপচাৰলৈ সকলোতে সীমাহীন হাৰত মাচুল বৃদ্ধি - Jorhat Medical College Hospital - JORHAT MEDICAL COLLEGE HOSPITAL

Medical Service Charges in JMCH : জি এম চি এইচৰ পিছত এইবাৰ জে এম চি এইচত চিকিৎসা সেৱা মাচুল কেইবাগুণ হাৰত বৃদ্ধি ।

Medical Service Charges in JMCH
জে এম চি এইচতো বৃদ্ধি চিকিৎসা সেৱা মাচুল (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Oct 5, 2024, 12:21 PM IST

যোৰহাট, ৫ অক্টোবৰ : জি এম চি এইচৰ পিছত এইবাৰ জে এম চি এইচতো বৰ্ধিত হাৰত মাচুল দি ৰাইজে গ্ৰহণ কৰিব লাগিব চৰকাৰী চিকিৎসা সেৱা । পঞ্জীয়ন মাচুলৰ পৰা অস্ত্ৰোপচাৰলৈকে সকলোতে সীমাহীন হাৰত মাচুল বৃদ্ধি । ইয়াৰ উপৰি সংযোজন হ'ব 'পেইড ইভিনিং অ' পি ডি' সেৱা । অন্য চিকিৎসকে কৰিবলৈ দিয়া পৰীক্ষাও কৰিব পাৰিব যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত । দুৰ্গাপূজাৰ পিচৰে পৰা এই বৰ্ধিত হাৰত মাচুল দি চৰকাৰী চিকিৎসা গ্ৰহণ কৰিব লাগিব সৰ্বসাধাৰণ ৰাইজে ।

এক সংবাদমেলযোগে এই কথা জানিবলৈ দিয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰত্নকান্ত তালুকদাৰে । তেওঁ কয়, "চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত এতিয়াৰে পৰা ৰেজিষ্ট্ৰেচনৰ মূল্য পূৰ্বৰ ১০ টকাৰ পৰিবৰ্তে ২০ টকালৈ বৃদ্ধি কৰা হৈছে । বেড চাৰ্জ ১০ টকাৰ পৰা ৫০ টকালৈ বৃদ্ধি কৰা হৈছে । পেয়িং কেবিনৰ মূল্য চিজাৰিয়ানৰ প্ৰসূতিৰ বাবে ১৮০০ টকাৰ ঠাইত ৩০০০ টকালৈ বৃদ্ধি কৰা হৈছে আৰু নৰ্মেল ডেলিভাৰীৰ ক্ষেত্ৰত পেয়িং কেবিনৰ মূল্য ৬০০ টকাৰ সলনি ১০০০ টকালৈ বৃদ্ধি কৰা হৈছে ।"

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষৰ সংবাদমেল (ETV Bharat Assam)

লগতে পঢ়ক:চিকিৎসা মাচুল বৃদ্ধি সন্দৰ্ভত কি ক'লে জি এম চি এইচৰ অধ্যক্ষই - Gauhati Medical College Hospital

অস্ত্ৰোপচাৰৰ ক্ষেত্ৰতো বৃদ্ধি কৰা হৈছে সীমাহীন মূল্য । এই ক্ষেত্ৰত অধ্যক্ষগৰাকীয়ে কয়, "সাধাৰণ অস্ত্ৰোপচাৰৰ মূল্য ৬০০ টকাৰ ঠাইত ৩০০০ টকালৈ বৃদ্ধি কৰা হৈছে । লেপাৰ'স্কপিক অস্ত্ৰোপচাৰ ৩০০০ টকাৰ সলনি ৫০০০ টকালৈ বৃদ্ধি কৰা হৈছে আৰু জটিল অস্ত্ৰোপচাৰৰ মূল্য ৬০০ টকাৰ সলনি ৬০০০ টকালৈ বৃদ্ধি কৰা হৈছে ।"

সংবাদমেলত অধ্যক্ষগৰাকীয়ে কয় যে বিগত বৰ্ষৰ পৰাই আন আন চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহৰ দৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালতো চৰকাৰী সাহায্য বন্ধ কৰি দিয়া হৈছে । ইয়াৰে পৰিপ্ৰেক্ষিতত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে যাতে সূচাৰুৰূপে ৰোগীৰ চিকিৎসা সেৱা চলাই যাব পাৰে ।

ইয়াৰ উপৰি তেওঁ কয়, "অতি সোনকালেই চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত সংযোজিত হ'ব ইভিনিং অ' পি ডি সেৱা । বিয়লি ৫ বজাৰ পৰা ৭ বজালৈকে এই সেৱা আগবঢ়োৱা হ'ব । কেৱল চিকিৎসা মহাবিদ্যালয়খনৰ জ্যেষ্ঠ চিকিৎসকসকলে এই সেৱা আগবঢ়াব । এই সেৱাৰ বিনিময়ত মূল্য পৰিশোধ কৰিব লাগিব ।"

আনহাতে, ইয়াৰ লগতে জনসাধাৰণৰ বাবে উপলব্ধ হ'ব 'লেব টেষ্ট' । অৰ্থাৎ যিকোনো লেব'ৰেটৰীৰ পৰীক্ষা চিকিৎসা মহাবিদ্যালয় হাস্পতালখনতে সুলভ মূল্যত ৰোগীয়ে কৰিব পাৰিব । জে এম চি এইচৰ বাহিৰৰ চিকিৎসকে দিয়া পৰীক্ষাও ইয়াতে কৰিব পাৰিব । লগতে জে এম চি এইচ সম্পূৰ্ণৰূপে ডিজিটেল ৰূপত গঢ় লৈ উঠিছে বুলিও সংবাদমেলত কয় অধ্যক্ষ ৰত্নকান্ত তালুকদাৰে ।

লগতে পঢ়ক:মাচুল বৃদ্ধিয়ে দুখীয়া শ্ৰেণীৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় : জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মা - Govt Medical charges hike in Assam

এই ক্ষেত্ৰত তেওঁ কয়, "চিকিৎসা মহাবিদ্যালয়খনৰ ৱেবছাইটলৈ গৈ যিকোনো ব্যক্তিয়ে ৰেজিষ্ট্ৰেচন কৰিব পৰা ব্যৱস্থা কৰা হৈছে । তদুপৰি ৰিপ'ৰ্টৰ ক্ষেত্ৰত ikshana@jmch নামৰ এপ ডাউনলোড কৰি ঘৰতে বহি ৰিপ'ৰ্ট সংগ্ৰহ কৰিব পাৰিব ।" আনহাতে, ধন পৰিশোধৰ ক্ষেত্ৰতো সম্পূৰ্ণৰূপে ডিজিটেলাইজ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে ।

লগতে তেওঁ কয়, "অসম চৰকাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত JICA-ৰ অধীনত এখন ছুপাৰ স্পেচিয়েলিটী হস্পিটেল নিৰ্মাণৰ অনুমতি প্ৰদান কৰিছ । এইখন পুৰণি জে ডি এছ অসামৰিক চিকিৎসালয়ৰ এলেকাত স্থাপন কৰা হ'ব । দুটা মাহ পিচৰে পৰা উক্ত হাস্পতালখনৰ নিৰ্মাণকাৰ্য আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । উক্ত ছুপাৰ স্পেচিয়েলিটী হস্পিটেলখনত কাৰ্ডিঅ’লজী, কাৰ্ডিঅ’ থ’ৰেচিক ছাৰ্জাৰী, নিউৰ’লজী, নিউৰ’-ছাৰ্জাৰী, ইউৰ’লজী আৰু নেফ্ৰ’লজী বিভাগ থাকিব ।"

আনহাতে, অ' এন জি চিৰ চি এছ আৰ অনুদানৰ অধীনত জে এম চি এইচত চিকিৎসালয় ভৱনৰ তৃতীয় মহলাত আই চি ইউ, অপাৰেচন থিয়েটাৰ আৰু ৱাৰ্ডসহ এটা বাৰ্ন ইউনিট স্থাপন কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে ।

সংবাদমেলত যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ লগতে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ মানৱ গোঁহায়ো উপস্থিত থাকে ।

লগতে পঢ়ক :মেলেৰিয়া বিষয়াৰ ১৪টা পদৰ বাছনি প্রক্রিয়াক খাৰিজ; আদালতত এ পি এছ চিৰ আন কেলেংকাৰী উন্মোচন - Gauhati High Court
লগতে পঢ়ক :৮ অক্টোবৰত ৰাজ্য চৰকাৰে পুনৰ ল'ব ৭৫০ কোটিৰ ঋণ - Assam Govt RBI Loan

ABOUT THE AUTHOR

...view details