মৰাণ, ৩১ জানুৱাৰী :আজি পবিত্ৰ মে-ডাম-মে-ফি । তাই আহোম সকলৰ উপৰিপুৰুষ সকলক তৰ্পণ কৰা অনুষ্ঠান মে-ডাম-মে-ফি । পৰম্পৰা ৰক্ষা কৰি উপৰিপুৰুষ সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ অৰ্থে আজি সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ উদ্যোগত অনুষ্ঠিত হয় কেন্দ্ৰীয় মে-ডাম-মে-ফি। ডিব্ৰুগড়ৰ বৰপথাৰত অনুষ্ঠিত এই কেন্দ্ৰীয় মে-ডাম-মে-ফিত উপস্থিত থাকে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ ।
উক্ত অনুষ্ঠানত ধৰ্মীয় কাৰ্যসূচীৰ লগতে ৰাজহুৱা সভা অনুষ্ঠিত হয় । এই অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়," উপৰিপুৰুষৰ পৰা আশীৰ্বাদ লাভ কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে অসম জাতীয় পৰিষদে মে-ডাম-মে-ফি অনুষ্ঠিত কৰি আহিছে । মে-ডাম- মে-ফি কেৱল তাই আহোম সমাজতে সীমাবদ্ধ নাৰাখি সকলো অসমীয়া ৰাইজৰ আধ্যাত্মিক অনুষ্ঠান হিচাপে গঢ়ি তুলিব লাগে । " লগতে সাম্প্ৰদায়িক, ধৰ্মীয় উন্মাদনাৰ পৰিৱৰ্তে ভাতৃত্ববোধৰ চিন্তাৰে সমাজ গঢ়িবলৈ সকলোকে আহ্বান জনাই সভাপতি গৰাকীয়ে ।