অসম

assam

ETV Bharat / state

বিশ্বনাথৰ সাধাৰুত মন্ত্ৰী-বিধায়কৰ তীব্ৰবেগী কনভয়ৰ খুন্দাত নিহত এজন: পৰিস্থিতি উত্তপ্ত

দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তাল বিশ্বনাথ চাৰিআলিৰ সাধাৰুৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ জিলা আয়ুক্ত-আৰক্ষী অধীক্ষক ৷

MINISTER CONVOY VEHICLES ACCIDENT
বিশ্বনাথৰ সাধাৰুত মন্ত্ৰী-বিধায়কৰ তীব্ৰবেগী কনভয়ৰ খুন্দাত নিহত এজন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 8 hours ago

বিশ্বনাথ:এক দুৰ্ঘটনাক কেন্দ্ৰ কৰি সোমবাৰে নিশা উত্তপ্ত হৈ পৰে বিশ্বনাথ চাৰিআলিৰ সাধাৰুৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ ক্ষুদ্ধ স্থানীয় লোকে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ন্যায়ৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ইফালে দুৰ্ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাছতেই বিপাঙত পৰে আৰক্ষীৰ লগতে জিলা আয়ুক্ত ৷ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী অধীক্ষকসহ বহু উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়া ৷ পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হয় আৰক্ষী তথা প্ৰশাসনৰ লোক ৷ কাৰণ কোনো সৰ্বসাধাৰণ জনতা নহয়, কোনো মন্ত্ৰী বা বিধায়কৰ কনভয়ৰ খুন্দাতহে নিহত হয় লোকজন ৷

লগতে পঢ়ক:মন্ত্ৰী বিমল বড়াৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত

ইফালে দুৰ্ঘটনাৰ সম্ভেদ লাভ কৰা পাছতেই অভিযুক্ত মন্ত্ৰী-বিধায়কজন বিশ্বনাথ জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় ৷ তেওঁ জিলা আয়ুক্তৰ জড়িয়তে নিহতৰ পৰিয়ালৰ লগত আলোচনাৰ বাবে আৱৰ্ত ভৱনলৈ আমন্ত্ৰণ জনাই যদিও ক্ষুদ্ধ লোকসকলে একেলগে মন্ত্ৰী-বিধায়কক সাক্ষাৎ কৰিবলৈ বিচাৰে ৷ ফলত উপায়ন্ত হৈ পৰে জিলা আয়ুক্ত তথা আৰক্ষীৰ লোক ৷ কনভয়ৰ খুন্দাত নিহত হোৱা লোকজন ৰাকেশ তেলামী বুলি জানিব পৰা গৈছে । স্থানীয় লোকে লোকজনৰ মৃতদেহ দুৰ্ঘটনাস্থলীৰ পৰা আৰক্ষীক উদ্ধাৰ কৰিবলৈ দিয়া নাই ।

বিশ্বনাথৰ সাধাৰুত মন্ত্ৰী-বিধায়কৰ তীব্ৰবেগী কনভয়ৰ খুন্দাত নিহত এজন (ETV Bharat Assam)

বিশ্বনাথ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসহ উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়াসকলে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমান পৰ্যন্ত তেওঁলোকক শান্ত কৰিবলৈ সক্ষম হোৱা নাই । ইফালে আন এক তথ্য মতে, মন্ত্ৰী পীযুষ হাজৰিকাই আজি উপ-নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গুৱাহাটীৰ পৰা বিহালীলৈ আহি থকা সময়তে মন্ত্ৰীৰ কনভয়ৰ বাহনে লোকজনক খুন্দা মৰা বুলি সন্দেহ কৰা হৈছে ।

লগতে পঢ়ক:দুৰ্ঘটনাগ্ৰস্ত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ বাহন - Biswajit Daimary convoy accident

ABOUT THE AUTHOR

...view details