মাজুলী, ১৭ ছেপ্টেম্বৰ:আজিও নিমাওমাও হৈ আছে যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণস্থলী । মাজুলীবাসীৰ সপোনৰ যোৰহাট-মাজুলী সংযোগী দলঙত লাগিছে কেনা । যোৱা ৫ ছেপ্টেম্বৰৰ পৰা বন্ধ দলংখনৰ নিৰ্মাণকাৰ্য । মাজুলীবাসীৰ সপোন আছিল যোৰহাট-মাজুলী সংযোগী এখন দলং হওক । এই সপোনৰ দলংখনৰ বাবে মাজুলীবাসীয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰদক্ষেপ গ্ৰহণ কৰি আহিছিল ।
মাজুলীবাসীৰ এই সপোনক বাস্তৱত পৰিণত কৰিবলৈ ২০২১ চনৰ ২৯ নৱেম্বৰ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে যোৰহাট-মাজুলী সংযোগী দলঙৰ খুঁটাৰ কাম আৰম্ভ কৰিছিল । দলংখনৰ ৩০ শতাংশ কাম শেষ হোৱাৰ পাচত যোৱা ৫ ছেপ্টেম্বৰ তাৰিখৰ পৰা বন্ধ হৈ আছে দলংখনৰ নিৰ্মাণকাৰ্য । এই দলংখনৰ নিৰ্মাণৰ ঠিকা লাভ কৰিছিল ইউ পি ষ্ট্ৰেট ব্ৰীজ ক'ৰ্পৰেচনে, কিন্তু ইউ পি ষ্ট্ৰেট ব্ৰীজ ক'ৰ্পৰেচনৰ পৰা উপ-ঠিকা লাভ কৰিছিল বদ্ৰী ৰায় কোম্পানীয়ে ।
ৰাইজৰ অভিযোগ মতে, ইউ পি ষ্ট্ৰেট ব্ৰীজ ক'ৰ্পৰেচন আৰু বি আৰ চি কোম্পানীৰ মাজত লৈ চলিছে এতিয়া বিত্তীয় যুজঁ । যাৰ ফলত বন্ধ হৈ আছে দলংখনৰ নিৰ্মাণৰ কাম । ৰাষ্ট্ৰীয় পথ পৰিবহণ বিভাগে দুয়োটা প্ৰতিষ্ঠানৰ মাজত চলা যুঁজৰ মীমাংসা কৰিবৰ বাবে ১০ দিনৰ সময়সীমা বান্ধি দিছিল । সোমবাৰেই উকলিল ৰাষ্ট্ৰীয় পথ পৰিবহণ বিভাগে বান্ধি দিয়া সময়সীমা ।