অসম

assam

ETV Bharat / state

চৰকাৰৰ নাৰীকেন্দ্ৰিক আঁচনিৰ চমকৰ ৰহস্য: ৬৯ টা সমষ্টিতে মহিলা ভোটাৰৰ সংখ্যা বেছি

অৰুণোদয়, নিযুত মইনা, লাখপতি বাইদেউ.... ৷ ৰাজনৈতিক ক্ষেত্ৰখনত মহিলা শক্তিৰ প্ৰধান্য বৃদ্ধি পাইছে । যাৰ বাবে চৰকাৰখনে লক্ষ্য কৰি লৈছে মহিলাসকলক ।

GOVERNMENT SCHEMES IN ASSAM
চৰকাৰৰ নাৰীকেন্দ্ৰিক আঁচনিৰ চমকৰ ৰহস্য (ETV Bharat)

By ETV Bharat Assamese Team

Published : Nov 12, 2024, 6:31 PM IST

গুৱাহাটী:ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত ৬৯ টা সমষ্টিত মহিলা ভোটাৰৰ সংখ্যা বেছি । দেশৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি ৰাজ্যৰ নিৰ্বাচন বিভাগে শেহতীয়াকৈ প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকাত এই তথ্য প্ৰকাশ পাইছে । সেই অনুসৰি ৬৯টা সমষ্টিত পুৰুষ ভোটাৰৰ তুলনাত মহিলা ভোটাৰৰ সংখ্যা অধিক হৈছে । এই সমষ্টিসমূহত প্ৰাৰ্থীৰ জয়-পৰাজয়ত মুখ্য ভূমিকা গ্ৰহণ কৰিব মহিলা ভোটাৰে । এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি চৰকাৰে মহিলা, যুৱতী তথা শিক্ষাৰ্থীসকলৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰি গৈছে এখনৰ পাছত আন এখন আকর্ষণীয় আঁচনি । সংসদ বা বিধানসভাত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কার্যকৰী হোৱা নাই যদিও ৰাজনৈতিক ক্ষেত্ৰখনত মহিলা শক্তিৰ প্ৰধান্য বৃদ্ধি পাইছে । যাৰ বাবে চৰকাৰখনে মহিলাসকলক লক্ষ্য কৰি লৈছে আৰু আঁচনিৰ চমক দিছে ।

মহিলা ভোটাৰৰ সংখ্যা বেছি থকা ৬৯ টা সমষ্টি :

শেহতীয়াকৈ প্ৰকাশিত খচৰা ভোটাৰ তালিকা অনুসৰি মুঠ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত ৬৯টা বিধানসভা সমষ্টিত মহিলা ভোটাৰৰ সংখ্যা পুৰুষতকৈ বেছি । অৰ্থাৎ মুঠ বিধানসভা সমষ্টিৰ আধাতকৈ বেছিসংখ্যক সমষ্টিত মহিলা ভোটাৰৰ সংখ্যা বেছি । খচৰা ভোটাৰ তালিকা অনুসৰি মহিলা ভোটাৰ অধিক হোৱা ৬৯টা সমষ্টি হৈছে - কোকৰাঝাৰ জিলাৰ বাওখুংগ্ৰী, দতোমা আৰু কোকৰাঝাৰ, ধুবুৰী জিলাৰ বিলাসীপাৰা, গোৱালপাৰা জিলাৰ গোৱালপাৰা পশ্চিম, গোৱালপাৰা পূব আৰু দুধনৈ, বঙাইগাঁও জিলাৰ অভয়াপুৰী আৰু বঙাইগাঁও, চিৰাং জিলাৰ চিদলী-চিৰাং, কামৰূপ জিলাৰ বকো, ছয়গাঁও, পলাশবাৰী, আৰু হাজো-শুৱালকুছি, কামৰূপ মহানগৰ জিলাৰ দিছপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, গুৱাহাটী মধ্য আৰু জালুকবাৰী, বাক্সা জিলাৰ বাক্সা, ওদালগুৰি জিলাৰ ভেৰগাঁও, ওদালগুৰি, মাজবাট আৰু টংলা, মৰিগাঁও জিলাৰ মৰিগাঁও, নগাঁও জিলাৰ কলিয়াবৰ, বঢ়মপুৰ, নগাঁও-বটদ্ৰৱা আৰু ৰহা, শোণিতপুৰ জিলাৰ বৰচলা, তেজপুৰ, ৰঙাপৰা আৰু নদুৱাৰ, বিশ্বনাথ জিলাৰ বিশ্বনাথ আৰু বিহালী, লখিমপুৰ জিলাৰ বিহপুৰীয়া, ৰঙানদী আৰু লখিমপুৰ, ধেমাজি জিলাৰ ধেমাজি আৰু জোনাই, তিনিচুকীয়া জিলাৰ ডুমডুমা, ডিগবৈ আৰু মাকুম, ডিব্ৰুগড় জিলাৰ চাবুৱা, লাহোৱাল, ডিব্ৰুগড়, খোৱাং, দুলীয়াজান, টিংখং আৰু নাহৰকটীয়া, চৰাইদেউ জিলাৰ সোণাৰি আৰু মাহমৰা, শিৱসাগৰ জিলাৰ ডিমৌ, শিৱসাগৰ আৰু নাজিৰা, যোৰহাট জিলাৰ টীয়ক, যোৰহাট, মৰিয়নি আৰু তিতাবৰ, গোলাঘাট জিলাৰ গোলাঘাট, দেৰগাঁও, বোকাখাত আৰু খুমটাই, কাৰ্বি আংলং জিলাৰ বোকাজান, হাওৰাঘাট আৰু ডিফু, ডিমা হাছাও জিলাৰ হাফলং, কাছাৰ জিলাৰ উদৰবন্দ আৰু শিলচৰ ৷

লগতে পঢ়ক:মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগ

কামৰূপ মহানগৰ জিলাৰ পাঁচোটা সমষ্টিতে মহিলা ভোটাৰৰ আধিপত্য :

১) দিছপুৰ বিধানসভা সমষ্টিত ১,১৮,৬২৫ গৰাকী পুৰুষৰ বিপৰীতে আছে ১,২৪,৫৭২ গৰাকী মহিলা ভোটাৰ । ২) ডিমৰীয়া বিধানসভা সমষ্টিত ১,১১,৫০৭ গৰাকী মহিলা ভোটাৰৰ বিপৰীতে আছে ১,০৬,৩১৪ গৰাকী পুৰুষ ভোটাৰ । ৩) নিউ গুৱাহাটী বিধানসভা সমষ্টিত ১,০০,০৮৫ গৰাকী মহিলাৰ বিপৰীতে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ৯৪,১১৯ জন । ৪) গুৱাহাটী চেণ্ট্ৰেল বিধানসভা সমষ্টিত ৯৭,২৩৯ গৰাকী পুৰুষ ভোটাৰৰ বিপৰীতে আছে ৯৮,৫৮৭ গৰাকী মহিলা ভোটাৰ । ৫) জালুকবাৰী বিধানসভা সমষ্টিত ৯৮,০৭৭ গৰাকী পুৰুষ ভোটাৰৰ বিপৰীতে আছে ১,০৬,৪২৭ গৰাকী মহিলা ভোটাৰ ।

চৰকাৰৰ নাৰীকেন্দ্ৰিক আঁচনিৰ আঁৰৰ ৰহস্য :

মহিলা ভোটাৰৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হৈ থকাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে মহিলাকে ধৰি যুৱতী শিক্ষাৰ্থীক উপকৃত আৰু আকৰ্ষিত কৰিব পৰাকৈ এখনৰ পাছত আনখনকৈ আঁচনি ৰূপায়ণ কৰি আহিছে । পুৰুষ বা ছাত্ৰ সমাজক লক্ষ্য কৰি লোৱা আঁচনিৰ বিপৰীতে চৰকাৰে মহিলা বা ছাত্ৰীক লক্ষ্য কৰি লোৱা আকৰ্ষণীয় আঁচনিৰ সংখ্যা বহু বেছি । নিৰ্বাচন বিভাগে প্ৰকাশ কৰা খচৰা ফটোযুক্ত ভোটাৰ তালিকাৰ পৰিসংখ্যাই ৰাজ্য চৰকাৰে মহিলা বা ছাত্ৰী সমাজক উপকৃত তথা আকৰ্ষিত কৰিব পৰা আঁচনি গ্ৰহণৰ আঁৰৰ কথা উদঙাইছে । ভোটৰ অংকত চৰকাৰে মহিলাসকলক টাৰ্গেট কৰি লৈছে চমকপ্ৰদ আঁচনি ।

নাৰীক আকৰ্ষিত কৰাৰ লক্ষ্যৰে চৰকাৰে লৈছে আঁচনি :

লক্ষণীয় বিষয় যে প্ৰতি মাহে ১২৫০ টকাকৈ ‘অৰুণোদয়’ৰ জৰিয়তে লাভ কৰি থকা মহিলাৰ সংখ্যা বর্তমান আছে ২৭ লাখ । এই সংখ্যা অহা বছৰ ৰাজ্য চৰকাৰে ৩৭ লাখলৈ বৃদ্ধি কৰিব । ইফালে নিযুত মইনা আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে উচ্চ শিক্ষা গ্ৰহণৰ সুবিধাৰ বাবে উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ, বি এড পর্যন্ত ১২৫০ টকাৰ পৰা ২৫০০ টকাকৈ প্ৰতি মাহে বছৰত ১০ মাহৰ বাবে আগবঢ়াব । নিযুত মইনাই সামৰি ল'ব প্ৰায় ১০ লাখ ছাত্ৰীক। সেইদৰে ইতিপূৰ্বে ঘোষণা কৰি থোৱা লাখপতি বাইদেউ আঁচনিখন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অহা বছৰৰ এক ফ্ৰেব্ৰুৱাৰীত বিহালীৰ পৰা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে । ৩৯ লাখ মহিলাক সামৰি লোৱা লাখপতি বাইদেউ আঁচনিত আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাই প্ৰথম অৱস্থাত লাভ কৰিব ১০ হাজাৰকৈ টকা । চৰকাৰখনে মহিলাসকলক লক্ষ্য কৰি ভোটৰ অংকত বিভিন্ন আঁচনি গ্ৰহণ কৰিছে । অনাগত দিনত ২০২৬ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি হয়তো নাৰীকেন্দ্ৰিক আৰু নতুন আঁচনিৰে বিজেপি চৰকাৰে চমক দিব ।

লগতে পঢ়ক:হালধীয়া হ’ল লেচিয়াৰ দুয়োপাৰ: হাজাৰ হাজাৰ হেক্টৰ ভূমিত কৃষকে সিঁচিছে সৰিয়হ

ABOUT THE AUTHOR

...view details