যোৰহাট:ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে যোৰহাট দ-গাঁও গৰখীয়া দ'লত তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে মহাশিৱৰাত্ৰি । আজি পৱিত্ৰ দিনটোত মহাদেৱক আৰাধনা কৰাৰ উদ্দেশ্যে বুধবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ভক্তৰ সমাগম দেখিবলৈ পোৱা যায় গৰখীয়া দ'লত, সকলো ভক্তপ্ৰাণ ৰাইজে ধূপ-চাকি জ্বলাই আৰু নৈবেদ্য আগৱঢ়াই দেৱৰো দেৱ মহাদেৱক আৰাধনা কৰা দেখা যায় । এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে জাগ্ৰত শক্তিপীঠ গৰখীয়া দ'ল শিৱ মন্দিৰত ।
এজন গৰখীয়া ল'ৰাৰ প্ৰাণৰ বিনিময়ত প্ৰতিষ্ঠা হৈছিল যোৰহাটৰ গৰখীয়া দ'ল:
পূৰ্বপুৰুষৰ পৰাই যোৰহাট নগৰৰ উত্তৰ প্ৰান্তত থকা গৰখীয়া দ'ল শিৱ মন্দিৰত পূজা-অৰ্চনা চলি আহিছে । প্ৰবাদ অনুসৰি গৰখীয়া দ'ল প্ৰতিষ্ঠা হোৱাৰ পূৰ্বে উক্ত স্থানত আই নামেৰে এখন নদী আছিল । উক্ত নদীখনত গৰখীয়া ল'ৰা-ছোৱালীয়ে বালিৰ দ'ম বনাই দ'ল সাজিছিল । তেওঁলোকে সেই বালিৰ দ'লত ধেমালি কৰি বিভিন্ন কাৰ্য সম্পাদন কৰিছিল ।
বালিৰ দ'লত প্ৰত্যেক দিনাই সকলো গৰখীয়াই পাল পাতি একোটা ফৰিং আনি বিৰিণা পাতেৰে কাটি দিছিল ৷ কিন্তু এদিন এজন গৰখীয়া ল'ৰাই ফৰিং আনিব নোৱাৰিলে, ফলত উক্ত স্থানত থকা বালিৰ দ'লত তেওঁ কলে যে বিৰিণা পাতেৰে তেওঁৰ ডিঙিটোকে কাটি দিয়ক ৷ ফলত বিৰিণা পাতখিলা গৰখীয়া ল'ৰাজনৰ ডিঙিত দিয়াৰ লগে লগে ডিঙিটো সুলকি গৈছিল ।