অসম

assam

ETV Bharat / state

ৰাজ্যত পহিলা এপ্ৰিলৰ পৰা বৃদ্ধি পাব সুৰাৰ মূল্য - Assam Liquor Price Hike - ASSAM LIQUOR PRICE HIKE

Assam Liquor Price Hike: এক এপ্ৰিলৰ পৰা ৰাজ্যত পুনৰ বৃদ্ধি পাব সুৰাৰ দাম ৷ ১৫২ টকাৰ পৰা ৩১২ টকা পৰ্যন্ত দাম বৃদ্ধি পাব । চাওঁ আহক কোনটো ব্ৰেণ্ডত বাঢ়িব কিমান টকাকৈ...

Assam Liquor Price Hike
ৰাজ্যত পহিলা এপ্ৰিলৰ পৰা বৃদ্ধি পাব সুৰাৰ মূল্য

By ETV Bharat Assamese Team

Published : Mar 26, 2024, 10:14 PM IST

Updated : Mar 27, 2024, 12:15 PM IST

গুৱাহাটী, ২৬ মাৰ্চ: ৰাজ্যৰ সুৰাপায়ীসকলৰ বাবে বেয়া খবৰ । বৃদ্ধি পাব সুৰাৰ দাম । পহিলা এপ্ৰিলৰ পৰা ৰাজ্যত সুৰাৰ দাম ১৫২ টকাৰ পৰা ৩১২ টকালৈ বৃদ্ধি পাব । ৰঙালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যত বৃদ্ধি পাব সুৰাৰ দাম । এক কথাত ৰাজ্যৰ সুৰাপায়ীসকলৰ বাবে ভাল খবৰ নহয় ।

আবকাৰী ৰাজহৰ পৰিমাণ বৃদ্ধি কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে পুনৰ বৃদ্ধি কৰিব সুৰাৰ দাম । ১ এপ্ৰিলৰ পৰা ৰাজ্যত ৭৫০ মিলি লিটাৰৰ সুৰাৰ বিপৰীতে দাম বৃদ্ধি পাব ১৫০ টকাৰ পৰা ৩১২ টকালৈ । সেই অনুসৰি জেনেৰেল ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাত বৃদ্ধি পাব ১৫২ টকাকৈ ।

আনহাতে ৰেগুলাৰ ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাত বৃদ্ধি পাব ১৩০ টকাকৈ । সেইদৰে লাক্সাৰী ব্ৰেণ্ডৰ ৭৫০ মিলিলিটাৰৰ সুৰাত ১৭৫ টকা বৃদ্ধি পাব । এলিগেণ্ট ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰ সুৰাৰ দাম বৃদ্ধি হ'ব ২২৫ টকাকৈ ৷ প্ৰিমিয়াম ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰ সুৰাৰ দাম বৃদ্ধি হ'ব ৩১২ টকালৈ । আনহাতে ৭৫০ মিলি লিটাৰ বিয়েৰৰ দাম ১৬ টকাকৈ বৃদ্ধি পাব ।

উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বাবে বৰ্তমান সময়ত ৰাজহ সংগ্ৰহৰ অন্যতম এটা প্ৰধান উৎস হৈছে আবকাৰী ৰাজহ অৰ্থাৎ সুৰা । যাৰ বাবে চৰকাৰখনে সুৰাৰ প্ৰচলন বৃদ্ধিত বিশেষ গুৰুত্ব দিছে । ৰাজ্যখনত বিজেপিৰ চৰকাৰ গঠন হোৱাৰ পাচত বিগত ৮ বছৰত ১৬ খন বিলাতী সুৰাৰ বিপণিৰ অনুজ্ঞাপত্ৰ দিয়াৰ বিপৰীতে ৬৮৫ খন বাৰৰ অনুজ্ঞাপত্ৰ দিয়া হৈছে ।

এক কথাত ক'বলৈ গ'লে আবকাৰী ৰাজহেই হৈছে বিজেপি চৰকাৰৰ মূল চালিকা শক্তি । যাৰ বাবে চৰকাৰখনে সুৰাৰ প্ৰচলনত অধিক গুৰুত্ব দিছে । হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতেই অর্থাৎ ২০২২ চনত গাঁও অঞ্চলত অৱস্থিত ৪০৮খন বাৰক বিলাতী সুৰাৰ বিপণিলৈ পৰিৱৰ্তন কৰা হয় ।

সুৰাৰ দোকানৰ সংখ্যা বৃদ্ধি কৰি চৰকাৰে আবকাৰী ৰাজহ বৃদ্ধিত গুৰুত্ব দি আহিছে । যাৰ বাবে যিকোনো উৎসৱ-পাৰ্বনতে সুৰাৰ বিক্ৰীয়ে অভিলেখ সৃষ্টি কৰি আহিছে । সুৰা সহজলভ্য কৰাৰ লগতে সুৰাৰ যোগেদি অহা ৰাজহৰ পৰিমাণ বৃদ্ধি কৰাৰ লক্ষ্যৰে চৰকাৰে এইবাৰ পুনৰ বৃদ্ধি কৰিলে সুৰাৰ দাম । পহিলা এপ্ৰিলৰ পৰা প্ৰযোজ্য হ'ব এই নতুন দাম ।

লগতে পঢ়ক:নিৰ্বাচনৰ পূৰ্বে দেশবাসীক উপহাৰ, আজিৰে পৰা অসমকে ধৰি দেশত হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য

Last Updated : Mar 27, 2024, 12:15 PM IST

ABOUT THE AUTHOR

...view details