নগাঁও :প্ৰায়72 ঘণ্টা ধৰি চলা এক শ্বাসৰুদ্ধকৰ পৰিস্থিতি ৷ প্ৰাণৰ শংকাত ভুগি আছিল সাধাৰণ ৰাইজ ৷ নিজৰ ঘৰৰ পৰা ওলাব নোৱাৰা পৰিস্থিতি ৷ কোন সময়ত কি বিপদ হয় তাৰ কোনো ঠিক নাই ৷ এনেদৰে যোৱা চাৰিটা দিন অতিবাহিত কৰি আছিল মধ্য অসমৰ প্ৰাণকেন্দ্ৰ নগাঁৱৰ ৰাইজে ৷ কাৰণ চহৰৰ জনবহুল এলেকাত ঘূৰি ফুৰিছিল বনৰজা ৷
এটা বাঘ, নাহৰফুটুকী বাঘ ৷ অৱশেষত স্বস্তিৰ নিশ্বাস পেলালে নগঞা ৰাইজে ৷ অৰণ্যৰ পৰা জন অৰণ্যলৈ ওলাই আহি জনতাক ঢোকে ঢোকে পানী খুউওৱা নাহৰফুটুকী অৱশেষত পিঞ্জৰাৱদ্ধ হ’ল ৷ কিন্তু তাৰ বাবে সময় বিয়াগোম বন বিভাগৰ সময় লাগিল প্ৰায় চাৰিটা দিন ৷
- শনিবাৰে পুৱাই লাগিল হুৱা-দুৱা
নগাঁও চহৰত শনিবাৰে পুৱাই এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি হয় । বিগত চাৰিদিন ধৰি চহৰবাসীক আতংকিত কৰি ৰখা এটা নাহৰফুটুকী আজি পুৱাই নগাঁও চহৰৰ মাজমজিয়াৰ ঢাকাইপট্টিত বিচৰণ কৰি থকাৰ দৃশ্য এখন দোকানৰ চিচিটিভি কেমেৰাত বন্দী হয় । ইয়াৰ পাছতেই আতংকিত হৈ পৰে ঢাকাইপট্টিৰ বাসিন্দা ।
প্ৰথমে যোৱা বুধবাৰে নগাঁও চহৰৰ আমোলাপট্টিৰ এটা নিৰ্মিয়মান অট্টালিকাত আশ্ৰয় লৈ থকা অৱস্থাত স্থানীয় লোকে নাহৰফুটুকীটো প্ৰত্যক্ষ কৰি খবৰ দিছিল বন বিভাগক । পৰৱৰ্তী সময়ত বন বিভাগে বাঘটো ট্ৰেংকুলাইজ কৰিবলৈ চেষ্টা চলাওতেই খঙতে জপিয়াই পলায়ন কৰিছিল বাঘটো । তাৰ পাছৰে পৰাই বাঘটোৰ কোনো সন্ধান নোপোৱাত অধিক আতংকিত হৈ পৰে নগাঁও চহৰৰ বাসিন্দাসকল ।
পৰৱৰ্তী সময়ত বাঘটোৰ কোনো সন্ধান নাছিল যদিও শনিবাৰে পুৱাই সদাব্যস্ত ঢাকাইপট্টিত বাঘে দৌৰি ফুৰাৰ দৃশ্য প্ৰত্যক্ষ কৰাৰ পাছতেই স্থানীয় লোক আতংকিত হৈ পৰাৰ লগতে খবৰ দিয়ে স্থানীয় বন বিভাগক । পাছত বন বিভাগৰ লোকে নগাঁও চহৰৰ ঢাকাইপট্টিৰ জয়দ্বীপ সিংহৰ এটা অট্টালিকাৰ পিছফালে বাঘটোৱে আশ্ৰয় লৈ থকা অৱস্থাতেই বন বিভাগৰ লোকে প্ৰত্যক্ষ কৰি প্ৰস্তুতি চলাই ট্ৰেংকুলাইজ কৰিবলৈ ।
প্ৰায় ডেৰ ঘন্টীয়া এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ অৱসান ঘটাই অৱশেষত বাঘটোক ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয় বন বিভাগে ।
- ক’লৈ নিয়া হ'ব ট্ৰেংকুলাইজ কৰা বাঘটো?
কেৱল পুৱাৰ ডেৰঘণ্টীয়াই নহয়, প্ৰায় চাৰিদিনীয়া এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ যেন অৱসান ঘটাবলৈ সক্ষম হ'ল নগাঁৱৰ বন বিভাগে । বিগত চাৰিদিনে নগাঁও চহৰত আতংকৰ সৃষ্টি কৰা নাহৰফুটুকী বাঘটো কৰায়ত্ত কৰিবলৈ বন বিভাগৰ লোকে পিঞ্জৰাৰ ব্যৱস্থা কৰাৰ উপৰি ট্ৰেংকুলাইজ কৰিবলৈ পৰ্যাপ্ত বেজি আদিৰ ব্যৱস্থা কৰি বাঘটোক ট্ৰেংকুলাইজ কৰে ।
প্ৰথমে বন বিভাগৰ কাৰ্যালয়তে বাঘটোৰ স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত বাঘটোক গুৱাহাটী ৰাজ্যিক চিৰিয়াখানালৈ লৈ যোৱাৰ কথা জানিবলৈ দিয়ে নগাঁও বন বিভাগৰ সংমণ্ডল বিষয়াই । গুৱাহাটী চিৰিয়াখানাত বাঘটোৰ পুনৰ স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসকৰ নিৰীক্ষণত ৰখা হ'ব বুলি জানিবলৈ দিয়ে বন বিষয়াগৰাকীয়ে ।
- ক'ৰ পৰা নগাঁও চহৰলৈ আহিছে নাহৰফুটুকী ?