লখিমপুৰ, 18 ফেব্ৰুৱাৰী:অবৈধভাবে সুদত টকা প্ৰদান কৰা লোকৰ বিৰুদ্ধে সষ্টম লখিমপুৰ আৰক্ষী । মুকলি কৰিলে যোগাযোগৰ নম্বৰ । নকল সোণ, জালনোট আদিৰ ক'লা সাম্ৰাজ্যখনৰ সমান্তৰালকৈ লখিমপুৰত কাবুলীৰ ৰূপত আছে একাংশ অবৈধ সুদখোৰ । কাবুলীতকৈয়ো উচ্চ হাৰত সুদলৈ টকা দিয়ে বুলি অভিযোগ আছে এইসকলৰ বিৰুদ্ধে ।
বৈধ কোনো নথি-পত্ৰ অবিহনে এইসকল লোকে এনে বেহা চলাই গৈছে বুলি স্থানীয় লোকে জনায় । জানিব পৰা মতে, কোনো লোকৰ আৰ্থিক দুৰৱস্থাৰ সুযোগ লৈ এইসকল লোকে টকা সুদলৈ দি সেই লোকজনক উচ্চ হাৰত সুদ বিচাৰি হাৰাশাস্তি কৰে । আনকি সুদ পৰিশোধ কৰিবলৈ ঘৰৰ সা-সম্পত্তি পৰ্যন্ত বিক্ৰী কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় বহুলোকৰ ৷
কেৱল লখিমপুৰতে নহয়, ৰাজ্যৰ বিভিন্ন জিলাতো চলি আছে সদৃশ কাৰবাৰ । শেহতীয়াকৈ তেনে কাণ্ডৰ বলি হৈ আত্মহননৰ দৰে পথ বাচি লোৱাৰ দৰে দুৰ্ভাগ্যজনক ঘটনাও সংঘটিত হৈছে । যাৰ বাবে তৎপৰ হৈ পৰিছে আৰক্ষী বিভাগ । লখিমপুৰ আৰক্ষীও এই ক্ষেত্ৰত সষ্টম হৈ পৰা পৰিলক্ষিত হৈছে । তেনে অবৈধ সুদখোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ আৰক্ষী সষ্টম হৈ আছে । ইয়াৰ বাবে আৰক্ষী বিভাগে ৰাইজৰ সহযোগিতা আহ্বান কৰিছে ।