অসম

assam

ETV Bharat / state

বিষয়া-কৰ্মচাৰীয়েই নাই ! সমজিলা চলিব কেনেকৈ ? - LACK OF SUFFICIENT OFFICERS

খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্রাহক সুৰক্ষা বিভাগত অনুমোদিত পদৰ ৭৪৮ টাৰ ভিতৰত ৩৪২ টা পদেই খালী । কেনেকৈ সম্ভৱ হ'ব অৰুণোদয় আৰু আয়ুষ্মানৰ কাম ?

LACK OF SUFFICIENT OFFICERS
নতুন সমজিলাত নিযুক্তি দিবলৈ অভাৱ পর্যাপ্ত বিষয়া-কৰ্মচাৰীৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Nov 13, 2024, 8:06 PM IST

গুৱাহাটী: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমত প্ৰথমবাৰৰ বাবে নতুন প্ৰশাসনিক ব্যৱস্থাৰে গঠন কৰা সমজিলাই আৰম্ভণিতে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ আশংকা আছে । ইতিমধ্যে যোৱা ৩০ ছেপ্টেম্বৰত সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰা জাননী অনুসৰি সমজিলাত খাদ্য আৰু ৰাজহুৱা বিতৰণ, গ্ৰাহক সুৰক্ষা বিভাগৰ মুঠ ৬জন বিষয়া থাকিব । কিন্তু লক্ষণীয় বিষয়টো হ'ল যে ৰাজ্যত উক্ত বিভাগটোত অনুমোদিত পদৰ ৭৪৮ টাৰ ভিতৰত ৩৪২ টা পদেই খালী হৈ আছে । ৰাজ্য চৰকাৰে ৰেচন কাৰ্ড থকা পৰিয়ালক অৰুণোদয়, আয়ুষ্মান অসম আঁচনিত অন্তৰ্ভুক্ত কৰাত সমজিলাত বিভাগটোৰ কাম-কাজ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।

বিভাগটোৰ এগৰাকী সহকাৰী সঞ্চালকে জনোৱা মতে সমজিলাত খাদ্য আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে ৰেচন কাৰ্ডৰ কাম কৰিবলৈ বিভাগটোত নাই পর্যাপ্ত বিষয়া-কৰ্মচাৰী । যাৰ ফলত প্ৰশাসনক ৰাইজৰ ওচৰ চপাই নিবলৈ দেশৰ আন ৰাজ্যত নোহোৱা অসমৰ সমজিলাই কিমান বাস্তৱ ৰূপ পাব তাক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে । সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰা জাননী অনুসৰি এটা বিধানসভা সমষ্টিৰ সমজিলাসমূহত অতিৰিক্ত সঞ্চালক বা অধীক্ষকৰ ভিতৰত যিকোনো এজন, এজন পৰিদৰ্শক আৰু দুজনকৈ উপ-পৰিদৰ্শক, এজনকৈ জ্যেষ্ঠ সহায়ক আৰু কনিষ্ঠ সহায়ক থাকিব ।

লগতে পঢ়ক:ফেব্ৰুৱাৰীত স্থাপন হ'ব আৰু ৫২খন সমজিলা :মুখ্যমন্ত্ৰীৰ ঘোষণা

বিভাগটোৰ বিষয়াগৰাকীয়ে জনোৱা মতে সমজিলাৰ কামৰ দায়িত্ব দিবলৈ বিষয়া-কর্মচাৰীৰ অভাৱ । কেৱল সেয়াই নহয়, ৰাজ্যত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ চ’ৰা দামৰ সময়ত বজাৰ পৰিদৰ্শন কৰি অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে যথোপযুক্ত ব্যৱস্থা ল'বলৈ বিভাগটোত বর্তমানে নাই পর্যাপ্ত বিষয়া-কৰ্মচাৰী । খাদ্য আৰু ৰাজহুৱা বিতৰণ গ্ৰাহক সুৰক্ষা বিভাগত মুঠ অনুমোদিত পদৰ সংখ্যা ৭৪৮টা । ইয়াৰ ভিতৰত খালী হৈ আছে ৩৪২টা পদ । যুটীয়া সঞ্চালকৰ পৰা খাদ্য পৰিদৰ্শকলৈ ২১৮টা পদ খালী হৈ আছে । আয়ুষ্মান অসম বা অৰুণোদয় আঁচনি লাভ কৰাৰ ক্ষেত্ৰত প্ৰথম চৰ্তটোৱেই হ'ল ৰেচন কাৰ্ড ।

ৰেচন কাৰ্ডৰ কাম কৰিবলৈ ৰাইজে জিলা সদৰলৈ যোৱাৰ পৰিৱৰ্তে সমজিলাত কাম কৰিব পাৰিব বুলি ৰাজ্য চৰকাৰে ঘোষণা কৰিছে যদিও খাদ্য আৰু ৰাজহুৱা বিতৰণ, গ্ৰাহক সুৰক্ষা বিভাগত নতুন নিযুক্তি হ'ব লাগিব । বিভাগটোত অনুমোদিত হৈ থকা ২১টা উপ-সঞ্চালক পদৰ ভিতৰত ১৭টা পদ খালী হৈ আছে । তেনেদৰে ২৫টাৰ ভিতৰত ১৫টা সহকাৰী সঞ্চালকৰ পদ, ৪২টা অধীক্ষকৰ পদৰ ভিতৰত ১৪টা, ৬৫টা পৰিদৰ্শকৰ পদ, ১০৩ উপ-পৰিদৰ্শকৰ পদ খালী হৈ আছে । আনহাতে জোখ-মাপ নিয়ন্ত্ৰণ বিভাগতো অনুমোদিত ৩৬০টা পদৰ বিপৰীতে ৯৪টা পদ খালী হৈ আছে । উল্লেখ্য যে ইতিমধ্যে প্ৰথম পৰ্যায়ত ৰাজ্যৰ ২১ খন জিলাত ৩৯খন সমজিলাৰ কাৰ্যালয় মুকলি কৰা হৈছে ।

লগতে পঢ়ক:সমজিলা উদ্বোধনত দ্বিতীয় দিনাও উথপথপ অসমৰ ভিন্ন প্ৰান্ত

ABOUT THE AUTHOR

...view details