অসম

assam

সাৱধান ! বিপদসীমাৰ ওপৰেৰে বৈছে কলঙৰ জলস্তৰ - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 10:04 AM IST

Flood in Nagaon : নগাঁৱত বিপদসীমাৰ ওপৰেৰে বৈছে কলঙৰ জলস্তৰ । কলঙৰ বাঢ়নী পানীয়ে বুৰালে নগাঁৱৰ লোক নিৰ্মাণ বিভাগৰ পথৰ এটা অংশ । কলঙৰ পানী বৃদ্ধিয়ে শংকিত কৰিছে নগাঁওবাসীক ।

Flood in Assam
নগাঁৱত বিপদসীমাৰ ওপৰেৰে বৈছে কলঙৰ জলস্তৰ (ETV Bharat Assam)

নগাঁও, 11 জুলাই : সাৱধান ! আকৌ বাঢ়িছে পানী ৷ যিকোনো মুহূৰ্ততে হ’ব পাৰে অঘটন ৷ আহিব পাৰে ডাঙৰ বিপদ ৷ কলঙৰ পানীয়ে উটুৱাই নিব পাৰে হেঁপাহেৰে সজা আপোন ঘৰখন, মৰমৰ পশুধনকেইটা ৷ এয়া হৈছে নগাঁওবাসীৰ মনৰ অৱস্থা ৷

কলঙৰ বাঢ়নী পানীয়ে বুৰালে নগাঁৱৰ লোক নিৰ্মাণ বিভাগৰ পথ (ETV Bharat Assam)

কিয়নো ৰাজ্যৰ বিভিন্ন প্ৰান্তত বছৰৰ দ্বিতীয়টো বানে বিস্তৰ ক্ষতিসাধন কৰাৰ পাচতে শেহতীয়াকৈ বানৰ আশংকাত শংকিত হৈ পৰিছে নগাঁও চহৰবাসী । নগাঁৱত শেহতীয়াকৈ বিপদ সীমাৰ ওপৰেৰে বৈছে কলং নদীৰ জলস্তৰ । কলঙৰ পানী বৃদ্ধি পোৱাৰ লগে লগে চিন্তা বাঢ়িছে নগাঁও চহৰবাসীৰ ।

এইবোৰক লৈ গুণা-গঁথা চলি থকাৰ মাজতে বুধবাৰে নগাঁও চহৰৰ সমীপৱৰ্তী মাজৰআটিৰ এটা লোক নিৰ্মাণ বিভাগ কলঙৰ বাঢ়নী পানীয়ে বুৰাই পেলায় । দৈনিক চাৰি-পাঁচ শতাধিক লোকে আহ-যাহ কৰা পথটি কলঙৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱাত অধিক শংকিত হৈ পৰিছে নগাঁৱৰ জনতা ।

আকৌ বাঢ়িছে পানী (ETV Bharat Assam)

লগতে পঢ়ক :বান বিধ্বস্ত ধেমাজিত নাৱেৰে গৈ আশ্ৰয় শিবিৰত বানাক্ৰান্তৰ স্বাস্থ্য পৰীক্ষা চিকিৎসক-নাৰ্ছৰ - Assam Flood 2024

জিলাখনৰ কলং নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত সদৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মাজৰআটি-শ'লমাৰী সংযোগী পথৰ এটি অংশৰে পানী বাগৰাত বুধবাৰে বিয়লি জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ তাৎক্ষণিকভাৱে উক্ত স্থানত উপস্থিত হৈ পৰিস্থিতি নিৰীক্ষণ কৰে ৷ লগতে তেওঁ সাম্ভাব্য বান পৰিস্থিতিৰ বুজ লয় ।

নগাঁৱত বিপদসীমাৰ ওপৰেৰে বৈছে কলঙৰ জলস্তৰ (ETV Bharat Assam)

জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিভাগক কলঙৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱা উক্ত পথছোৱাৰ ক্ষেত্ৰত অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । জিলা প্ৰশাসনে অবিৰতভাৱে নগাঁৱৰ বান পৰিস্থিতি নিৰন্তৰ নজৰত ৰাখি কাম কৰি আছে ৷ এই কথা জিলা জনসংযোগ বিষয়া মন্দিৰা চায়েঙিয়াই এক প্ৰেছ বিবৃতিযোগে সদৰী কৰিছে ।

বানাক্ৰান্ত অঞ্চলৰ ৰাইজক সুকলমে বান সাহাৰ্য শিবিৰত আশ্ৰয় প্ৰদানৰ ব্যৱস্থা কৰি থকাৰ কথাও উক্ত প্ৰেছ বিবৃতিটোত উল্লেখ কৰে । জিলাখনৰ বান সাহাৰ্য শিবিৰতসমূহত পৰ্যাপ্ত পৰিমাণে খাদ্য সামগ্ৰী, বিশুদ্ধ খোৱাপানী, চিকিৎসা সেৱা প্ৰদান কৰি থকাৰ লগতে পশুধনৰ বাবেও খাদ্য সামগ্ৰী যোগান ধৰি থকা হৈছে বুলি মন্দিৰা চায়েঙিয়াই উল্লেখ কৰে ৷

লগতে পঢ়ক :বানত পুনৰ ৫ জনৰ মৃত্যু: বৰ্তমানলৈ মৃতকৰ সংখ্যা ৮৪; ৯ টা গঁড়সহ কাজিৰঙাত ১৫৯ টা বন্যপ্ৰাণীৰ মৃত্যু - Assam Flood 2024

ইপিনে চামগুৰি, ৰহা আৰু সদৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কলং নদীত পানীমেটেকা আৱদ্ধ হৈ আছে ৷ ফলত কলং নদীৰ পানী বৈ যাব নোৱাৰাৰ দৰে অৱস্থা হৈছে ৷ কোনো কোনো এলেকাত কলঙৰ পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ আশংকা ব্যক্ত কৰিছে অঞ্চলবাসীয়ে ৷ সেয়ে কলং নদীৰ বিভিন্ন প্ৰান্তত জিলা প্ৰশাসনে পানী মেটেকা চাফাই কার্য অব্যাহত ৰাখিছে ৷

কলঙৰ বাঢ়নী পানীয়ে বুৰালে নগাঁৱৰ লোক নিৰ্মাণ বিভাগৰ পথ (ETV Bharat Assam)

উল্লেখ্য যে, বুধবাৰে কলঙৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱা অঞ্চল পৰিদর্শনৰ কৰিবলৈ যোৱাৰ সময়ত জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ সৈতে অতিৰিক্ত আয়ুক্ত তথা বিষয়া জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ বিভাগৰ মুখ্য কাৰ্যবাহী ফিলিছ ভি.এল.এইছ. হ্ৰংচাল, সদৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ঈশান সিং, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অন্যান্য বিষয়াসকলো উপস্থিত থাকে ।

লগতে পঢ়ক :গোৱালপাৰাৰ বানাক্ৰান্তৰ আশ্রয় শিবিৰত নাই পৰ্যাপ্ত সাহায্য, নাই শিশুৰ পুষ্টিকৰ খাদ্য - Assam Flood 2024

ABOUT THE AUTHOR

...view details