অসম

assam

প্ৰৱঞ্চকৰ জালত নপৰিবলৈ ভক্তক আহ্বান কামাখ্যা দেৱালয় কৰ্তৃপক্ষৰ - Maa Kamakhya Temple

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 3:18 PM IST

Ambubachi Mela 2024: ভিৰ বাঢ়িছে শক্তিপীঠ কামাখ্যাত ৷ এই সময়তেই অনলাইন পূজাৰ নামত একাংশই প্ৰৱঞ্চনাৰ জাল পেলোৱাৰ অভিযোগ পোহৰলৈ আহিছে ৷ কামাখ্যাত পূজা আগবঢ়োৱাৰ নামত ৱেবপেজ, এপ আদিৰ দ্বাৰা একাংশই প্ৰৱঞ্চনাৰ জাল পেলোৱাৰ অভিযোগ কামাখ্যা দেৱালয় কৰ্তৃপক্ষৰ । প্ৰৱঞ্চকৰ জালত নপৰিবলৈ ভক্তক আহ্বান কামাখ্যা দেৱালয় কৰ্তৃপক্ষৰ ৷

কামাখ্যা দেৱালয়
কামাখ্যা দেৱালয় (Karna Kundal Bharali)

গুৱাহাটী, 25 জুন: আজি নিবৃত্তি ঘটিব মহা অম্বুবাচী মেলাৰ । আজি নিশা 8.56 মিনিটত নিবৃত্তি ঘটিব । ইফালে 26 জুন অৰ্থাৎ বুধবাৰৰ পুৱা নিত্য পূজা সমাপনৰ অন্তত ভক্তৰ বাবে খুলি দিয়া হ'ব কামাখ্যা মন্দিৰৰ মূলদ্বাৰ । অম্বুবাচীৰ এই সময়ছোৱাত কামাখ্যা ধামত দেৱীৰ শ্ৰী চৰণত আশীষ ল'বলৈ দেশ-বিদেশৰ পৰা আহে বহু ভক্ত ।

প্ৰৱঞ্চকৰ জালত নপৰিবলৈ ভক্তক আহ্বান কামাখ্যা দেৱালয় কৰ্তৃপক্ষৰ (Karna Kundal Bharali)

প্ৰবাদ আছে যে দেশৰ 51 খন শক্তিপীঠৰ ভিতৰত অন্যতম শক্তিপীঠ কামাখ্যা ধামত এই সময়ছোৱাত যদি দেৱীক আৰাধনা কৰা হয় তেনেহ'লে মনোকামনা পূৰ্ণ হয় । সেয়ে মাৰ আশীষ বিচাৰি এই সময়ছোৱাত দূৰ-দূৰণিৰ পৰা অহা ভক্তৰ সমাগম ঘটে শক্তিপীঠ কামাখ্যাত । দেৱালয়খনত ভিৰ বঢ়াৰ সময়তেই ধন ঘটাৰ জাল পাতিছে একাংশ দুষ্ট চক্ৰই ৷

প্ৰৱঞ্চকৰ জালত নপৰিবলৈ ভক্তক আহ্বান কামাখ্যা দেৱালয় কৰ্তৃপক্ষৰ (Karna Kundal Bharali)

লগতে পঢ়ক:মূলদ্বাৰ বন্ধৰ পূৰ্বে মা কামাখ্যাৰ আশীষ ল'বলৈ নীলাচলত ভক্তৰ ভিৰ - AMBUBACHI MELA 2024

দেৱালয়খনত অনলাইন পূজা আগবঢ়োৱাৰ নামত একাংশই প্ৰৱঞ্চনাৰ জাল পেলোৱাৰ অভিযোগ উত্থাপন হৈছে । বিভিন্ন ৱেবপেজ, এপ আদিৰ দ্বাৰা একাংশই প্ৰৱঞ্চনাৰ জাল মেলাৰ অভিযোগ কামাখ্যা দেৱালয় কৰ্তৃপক্ষৰ । এনে দুষ্টলোকৰ বিজ্ঞাপনত পতিয়ন নাযাবলৈ এক প্ৰেছ বিবৃতিযোগে ভক্তসকলক অনুৰোধ জনাইছে মন্দিৰ কৰ্তৃপক্ষই ।

লগতে পঢ়ক:আজিৰে পৰা মহা অম্বুবাচী মেলা : 8 বাজি 35 মিনিট 14 ছেকেণ্ডত হ’ল প্ৰবৃত্তি - AMBUBACHI MELA 2024

বিবৃতি যোগে মন্দিৰ কৰ্তৃপক্ষই উল্লেখ কৰে, "কিছুমান ৱেবছাইট আৰু এপছে মা কামাখ্যা দেৱালয়ত অনলাইন পূজা আগবঢ়োৱাৰ নামত ভক্তসকলৰ পৰা বৃহৎ পৰিমাণৰ ধন বিচৰা আমাৰ দৃষ্টিগোচৰ হৈছে । আমি স্পষ্ট কৰিব বিচাৰো যে এনে কার্যকলাপ মা কামাখ্যা দেৱালয় কর্তৃপক্ষৰ দ্বাৰা আইনীভাৱে অনুমোদিত নহয় । মা কামাখ্যা দেৱালয়ত পূজা অনুষ্ঠিত কৰিবলৈ কোনো অনলাইন প্লেটফর্মক কর্তৃত্ব প্ৰদান কৰা হোৱা নাই । মা কামাখ্যা দেৱালয়ৰ নামত অনলাইন পূজাৰ বাবে কৰা যিকোনো আর্থিক লেনদেন অননুমোদিত আৰু সম্ভৱতঃ প্ৰৱঞ্চনামূলক হ'ব পাৰে । মা কামাখ্যা দেৱালয়ক অনলাইন পূজাৰ সৈতে জড়িত কৰোৱা বা প্ৰচাৰ কৰাটো আইন বিৰোধী আৰু ইয়াৰ ফলত আইনী পৰিণাম ভয়ানক হ'ব পাৰে ।"

ৰাইজক এইক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলৈ আৰু মা কামাখ্যা দেৱালয়ৰ নামত দাবী কৰা যিকোনো অনলাইন অফাৰৰ সত্যতা পৰীক্ষা কৰিবলৈ অনুৰোধ জনাই দেৱালয় কৰ্তৃপক্ষই । যদি কোনো লোক এনে কাৰ্যকলাপৰ সম্মুখীন হৈছে তেনেহ’লে কর্তৃপক্ষক অৱগত কৰিবলৈ অনুৰোধ মন্দিৰ কৰ্তৃপক্ষৰ ।

লগতে পঢ়ক:অম্বুবাচী মেলা : সাধুৰ সেৱাত ব্ৰতী এগৰাকী ব্যক্তি - Ambubachi Mela 2024

মা কামাখ্যাৰ আশীষ ল’বলৈ ভক্তৰ ভিৰ - Ambubachi Mela 2024

কামাখ্যাত অম্বুবাচী মেলা : নীলাচল পাহাৰত বিভিন্ন ৰাজ্যৰ সাধু-সন্ন্যাসী - Ambubachi Mela 2024

ABOUT THE AUTHOR

...view details