অসম

assam

বন বিষয়া আৰু চক্ৰ বিষয়াৰ সাংবাদিক নিগ্ৰহ

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 9:00 AM IST

Updated : Jan 23, 2024, 10:09 AM IST

Journalist attacked: গোৱালপাৰাৰ লক্ষীপুৰত সাংবাদিক নিগ্ৰহৰ ঘটনা । উচ্ছেদৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক মাৰপিট বনবিষয়া আৰু চক্ৰ বিষয়াৰ । বিভিন্ন দল-সংগঠনৰ প্ৰতিক্ৰিয়াৰ লগতে ভুক্তভোগী সাংবাদিকৰ এজাহাৰ দাখিল ।

Journalist attacked at Lakhipur in Goalpara
বন বিষয়া আৰু চক্ৰ বিষয়াৰ সাংবাদিক নিগ্ৰহ

বন বিষয়া আৰু চক্ৰ বিষয়াৰ সাংবাদিক নিগ্ৰহ

গোৱালপাৰা,২১ জানুৱাৰী: ৰাজ্যত পুনৰ সংঘটিত হৈছে সাংবাদিক নিগ্ৰহৰ ঘটনা । নগাঁৱত জিলা আয়ুক্তই সাংবাদিক কৰা আক্ৰমণৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ গোৱালপাৰাৰ লক্ষীপুৰত সংঘটিত হয় সাংবাদিকক আক্ৰমণৰ ঘটনা । জানিবপৰা মতে, লক্ষীপুৰ আঞ্চলিক বনবিভাগৰ অধীনস্থ কুমাৰখালি সংৰক্ষিত বনাঞ্চলত বনবিভাগে চলাইছিল উচ্ছেদ অভিযান ।

বনবিভাগৰ উচ্ছেদ চলি থকা সময়তে অসমৰ এটা ব্যক্তিগত চেটেলাইট চেনেলৰ সাংবাদিক দিলীপ কুমাৰ নাথে বাতৰি সংগ্ৰহ কৰি কৰিবলৈ উক্ত স্থানত উপস্থিত হৈছিল । বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাতে লক্ষীপুৰ আঞ্চলিক বনবিষয়া ধ্ৰুৱ দত্ত আৰু লক্ষীপুৰ চক্ৰ বিষয়া ৰাজীৱ গগৈয়ে প্ৰথম অৱস্থাত বাতৰি সংগ্ৰহত বাধা প্ৰদান কৰে । বনবিভাগৰ বাধা নেওচি উচ্ছেদিত লোকৰ ভাষ্য লোৱাৰ সময়তে বনবিষয়া আৰু চক্ৰ বিষয়াৰ ইংগিতত দুজনকৈ বন কৰ্মীয়ে আক্ৰমণ কৰে সাংবাদিকগৰাকীক ।

কেৱল আক্ৰমণ কৰিয়ে ক্ষান্ত নাথাকি সাংবাদিকগৰাকীক চোলাৰ কলাৰত টানি চোঁচৰাই প্ৰহাৰ কৰে । সাংবাদিক দিলীপ কুমাৰ নাথ দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ থকাৰ কথা বাৰম্বাৰ কোৱাৰ পিছতো সাংবাদিকগৰাকীক মাৰপিট কৰে বনকৰ্মী দুগৰাকীয়ে । সাংবাদিক দিলীপ কুমাৰ নাথক এনে বৰ্বৰভাৱে আক্ৰমণ কৰা কাৰ্যক আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে তীব্ৰ ভাষাৰে গৰিহণা দি কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সাধাৰণ ৰাইজ নাইবা সাংবাদিক কোনোৱেই নিৰাপদ নহয় ।

লগতে তেওঁ কয় মুখ্যমন্ত্ৰীৰ হিটলাৰী শাসনত এতিয়া চৰকাৰী কৰ্মচাৰীয়েও হিটলাৰ হৈ পৰিছে । মুখ্যমন্ত্ৰীৰ অনুসৰণ কৰিয়ে প্ৰশাসনৰ লোকে এতিয়া সাধাৰণ ৰাইজৰ লগতে সাংবাদিককো আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে । সাংবাদিকক আক্ৰমণ কৰা চক্ৰ বিষয়া ৰাজীৱ গগৈ আৰু বনবিষয়া ধ্ৰুৱ দত্তৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ।

লগতে পঢ়ক:লখিমপুৰত দুৰ্বৃত্তই ফালিলে পোষ্টাৰ, এজাহাৰ দাখিল জিলা কংগ্ৰেছৰ

Last Updated : Jan 23, 2024, 10:09 AM IST

ABOUT THE AUTHOR

...view details