অসম

assam

ETV Bharat / state

পাহাৰৰ মামা-মামীক আদৰিবলৈ জোনবিলৰ বাকৰিত ব্যাপক প্ৰস্তুতি - JONBEEL MELA PREPARATIONS

১৬ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত হ'ব ঐতিহাসিক গোভা দেওঁৰজাৰ জোনবিল মেলা ৷

Jonbeel Mela Preparations
পাহাৰৰ মামা-মামীক আদৰিবলৈ জোনবিলৰ বাকৰিত ব্যাপক প্ৰস্তুতি (ETV Bharat)

By ETV Bharat Assamese Team

Published : Jan 11, 2025, 12:35 PM IST

মৰিগাঁও :ঐতিহাসিক গোভা দেওঁৰজাৰ জোনবিল মেলা সমাগত । ১৬, ১৭ আৰু ১৮ জানুৱাৰীত ৩ দিনীয়াকৈ জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত হ'ব এই ঐতিহাসিক জোনবিল মেলা ৷ বিশ্বৰ বুকুৰ পৰা হেৰাই যোৱা বিনিময় প্ৰথাৰে উজলি উঠিব জোনবিলৰ পাৰ ৷ ইতিহাস প্ৰসিদ্ধ জোনবিল মেলাৰ প্ৰস্তুতি ইতিমধ্যে তুংগত উঠিছে । পাহাৰত উৎপাদিত কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰ লৈ কাৰ্বি আংলং আৰু মেঘালয়ৰ শতাধিক গাঁৱৰ পৰা মেলালৈ আহিব মামা-মামীসকল ৷

সমান্তৰালকৈ জোনবিলত চলিব কুকুৰা যুঁজ আৰু সমূহীয়া মাছধৰা পৰ্ব ৷ ১৭ জানুৱাৰীত মেলাত অনুষ্ঠিত হ'বলগীয়া ৰাজ দৰবাৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মধ্য অসমৰ ২২ গৰাকীকৈ তিৱা ৰজাক ৰাজভাট্টা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

পাহাৰৰ মামা-মামীক আদৰিবলৈ জোনবিলৰ বাকৰিত ব্যাপক প্ৰস্তুতি (ETV Bharat)
  • জোনবিল মেলাৰ কাৰ্যসূচী

জোনবিল মেলা পৰিচালনা সমিতিৰ সভাপতি জুৰসিং বৰদলৈয়ে এই সন্দৰ্ভত কয়, "ইতিমধ্যে আমাৰ প্ৰস্তুতি চলিছে । ২০ শতাংশ কাম বাকী আছে । প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে দেউশালত মাংগলিক পৰ্ব হ'ব, তাৰ পাছতে পতাকা উত্তোলন হ'ব । ভালে সংখ্যক বড়ো, হাচং, ৰাভা, তিৱা, কাৰ্বি, টিহু আদি সাংস্কৃতিক দলে এইবাৰ জোনবিললৈ আহিব । প্ৰথম দিনৰ কাৰ্যসূচীত এইবাৰ নৰ্থ ইষ্ট জ'ন কালচাৰেল চেণ্টাৰ ডিমাপুৰৰ ভাৰত চৰকাৰৰ দুটাকৈ সাংস্কৃতিক দলে নৃত্য পৰিবেশন কৰিব । দুপৰীয়ালৈ গোভা দেওঁৰজাই জোনবিলৰ বাকৰিত প্ৰীতিভোজত অংশ ল'ব । সন্ধিয়ালৈ জোনবিল মেলাৰ স্মৃতি গ্ৰন্থখন উন্মোচন কৰিব কাৰ্বি স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে আৰু তাৰ পাছতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব ।"

বৰদলৈয়ে লগতে কয়, "দ্বিতীয় দিনা অৰ্থাৎ ১৭ জানুৱাৰীত প্ৰথম কাৰ্যসূচী হিচাপে বিখ্যাত বিনিময় প্ৰথা পুৱা ৫.৫০ বজাৰ ৭.৫০ বজালৈ অনুষ্ঠিত হ'ব । বিনিময় প্ৰথা উদ্বোধন কৰিব মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে । দুপৰীয়ালৈ ৰাজদৰবাৰ অনুষ্ঠিত হ'ব ৷ লগতে মুকলি সভা হ'ব য'ত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । ৰাজদৰবাত ২২ গৰাকী তিৱা ৰজা উপস্থিত থাকিব আৰু তেওঁলোকক ৰাজভাট্টা প্ৰদান কৰা হ'ব । বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মন্ত্রী পীযুষ হাজৰীকা । মুকলি সভাতে এইবাৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ জগতৰ বঁটা লাভ কৰা অভিনেত্ৰী আইমী বৰুৱা আৰু বিশিষ্ট ছবি পৰিচালক ড৹ ববী শৰ্মাক সম্বৰ্ধনা জনোৱা হ'ব । আনহাতে এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুগৰাকীকৈ সাংবাদিক আৰু বিদেশী পৰ্যটকক এইবাৰ নিমন্ত্ৰণ জনোৱা হৈছে জোনবিল মেলালৈ ।"

আন এক লক্ষণীয় কাৰ্যসূচী হৈছে জোনবিলত সমূহীয়া মাছধৰা কাৰ্যসূচী লগতে কুকুৰা যুঁজ প্ৰতিযোগিতা । এইবাৰ পাহাৰৰ পৰা ৬০ খন কাৰ্বি পাহাৰৰ গাঁৱৰ লোক আৰু মেঘালয়ৰ পৰা ২৫ ৰ পৰা ৩০ খন গাঁৱৰ লোক আহিব জোনবিল মেলালৈ । জোনবিল মেলালৈ অহা লোকসকলৰ বাবে বিশেষ প্ৰদৰ্শনীৰো ব্যৱস্থা কৰিছে উদযাপন সমিতিয়ে । ন বাৰ, চামাদি, মাৰু, টঙি ঘৰ, লখিমী চাউলৰ ভঁৰাল আদিৰ কাম চলি আছে ।

লগতে পঢ়ক :ৰাজ্যৰ কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে অসম কৃষি বিশ্ববিদ্যালয়ৰ এক বিশেষ পদক্ষেপ - AAU SIGNS MOU WITH PROMEC

ABOUT THE AUTHOR

...view details