অসম

assam

ETV Bharat / state

মাজুলীৰ ৬৫ খন ৰাস মঞ্চৰ হাতত পৰিল ৭৫ হাজাৰ টকীয়া চেক - BYE ELECTION 2024

মাজুলীৰ ৰংগমঞ্চলৈ চেক প্ৰদান মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ । উপ-নিৰ্বাচন প্ৰসংগতো মন্তব্য মন্ত্ৰীগৰাকীৰ ।

Jayant Mallabarua distributes cheques worth Rs 75,000 to 65 platforms in Majuli
৬৫ খন মঞ্চলৈ ৭৫ হাজাৰ টকাৰ চেক বিতৰণ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 13, 2024, 8:18 PM IST

মাজুলী: মাজত মাত্ৰ এটা দিন । উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে সত্ৰপীঠ মাজুলীত । ৰাস প্ৰদৰ্শনৰ বাবে সাজু হৈছে ১২ খনকৈ সত্ৰৰ লগতে অৰ্দ্ধ শতাধিক ৰংগমঞ্চ । নিশা দুপৰলৈকে চলিছে ৰাসৰ আখৰা ।

বৃন্দাবনত যদি দেখিবলৈ পোৱা গৈছে ৰাধা-কৃষ্ণৰ লীলা, মথুৰাত শুনিবলৈ পোৱা গৈছে কংসৰ আৰ্তনাদ । ইয়াৰ মাজতে মাজুলীৰ ৰাস উদযাপন সমতিসমূহলৈ আহিল এক ভাল খবৰ ।

৬৫ খন মঞ্চলৈ ৭৫ হাজাৰ টকাৰ চেক বিতৰণ (ETV Bharat Assam)

পূৰ্বে কৰা ঘোষণা অনুসৰি বুধবাৰে মাজুলীৰ কমলাবাৰী সাংস্কৃতিক প্ৰেক্ষাগৃহত মাজুলীৰ ৬৫ খন মঞ্চলৈ ৭৫ হাজাৰ টকাকৈ চেক বিতৰণ কৰে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । মন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকে অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা । মাজুলীবাসীক ৰাসৰ শুভেচ্ছা জনাই মন্ত্ৰী গৰাকীয়ে । তেওঁ কয়,"আজি মাজুলীৰ ৬৫ টা মঞ্চলৈ ৭৫ হাজাৰ টকাকৈ যি এক আৰ্থিক অনুদান আগবঢ়ালো সেই অনুদানৰ পৰা ৰাস মঞ্চসমূহৰ কিছু পৰিমাণে হলেও সকাহ হ'ব ।"

আনহাতে মন্ত্ৰীগৰাকীয়ে ইয়াৰ মাজতে পাঁচ সমষ্টিত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচন প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,"আমি উপ-নিৰ্বাচনৰ পাঁচখন আসনৰ পাঁচোখনতেই জয়ী হ'ম ।" লগতে বিহালী আৰু বিতৰ্কিত চামগুৰি সমষ্টি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়,"সকলোৰে চোৱাৰ দৃষ্টিভংগী বেলেগ বেলেগ । কাৰোবাৰ দৃষ্টিত বিহালীত প্ৰতিদ্বন্দ্বিতা হ'ব, আন কাৰোবাৰ দৃষ্টিত চামগুৰিত প্ৰতিদ্বন্দ্বিতা হ'ব । কিন্তু আমি জানো যে আমি পাঁচোটা সমষ্টিতে জয়ী হ'ম ।"

চামগুৰি সমষ্টিত দেখা দিয়া নিৰ্বাচনী হিংসা সম্পৰ্কত তেওঁ কয়,"ৰকিবুল হুছেইন কংগ্ৰেছৰ মন্ত্ৰী হৈ থকা দিনৰ পৰা এই মাৰপিট চলি আহিছিল । এতিয়া ৰাইজ সজাগ হৈছে, আগতে মানুহে মাৰ খাই প্ৰতিবাদ কৰা নাছিল, এতিয়া প্ৰতিবাদ কৰিছে । চামগুৰিত এতিয়াও পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলি আছে ।"

লগতে পঢ়ক:ৰাসলীলা: মাজুলীত এজাক শিশুৰ প্ৰাণোচ্ছল ব্যস্ততা, ধেমাজিত কংস-দৈৱকীৰ আখৰা

শৰতৰ পূৰ্ণিমাত ৰাসলীলা কৰিবলৈ সাজু ৰাজ্যৰ গোপিনী

হিংসাজৰ্জৰ চামগুৰিত ভোটগ্ৰহণ সম্পন্ন

ABOUT THE AUTHOR

...view details