অসম

assam

অসমীয়া ভাষাক বিকৃত ৰূপত উপস্থাপন ইণ্ডিয়ান অইলৰ; ক্ষোভিত জাতীয় সংগঠন - Non Assamese controversy

By ETV Bharat Assamese Team

Published : Aug 31, 2024, 10:41 AM IST

Non Assamese controversy: সোণাৰি গেছ এজেন্সিৰ ৰচিদত অসমীয়া ভাষা ভুলকৈ উপস্থাপন কৰি বিপদত ইণ্ডিয়ান অইল । চৰাইদেউৰ কেইবাটাও সংগঠনে পৌৰপতিক স্মাৰক পত্ৰ প্ৰদান কৰিলে । নামফলকত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিলে পৌৰপতিয়ে ।

Non Assamese controversy
অসমীয়া ভাষাক বিকৃত ৰূপত উপস্থাপন ইণ্ডিয়ান অইলৰ (ETV Bharat)

মৰাণ, ৩১ আগষ্ট :অসমীয়া জাতি আৰু অসমীয়া ভাষা সুৰক্ষাৰ স্বাৰ্থত ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত আন্দোলন আৰম্ভ হৈছে । বিশেষকৈ উজনি অসমৰ কেইবাখনো জিলাত অনা-অসমীয়া বিৰোধী প্ৰতিবাদো অব্যাহত আছে । আনকি শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ পৰা মিঞা মুছলমানক কৰ্মক্ষেত্ৰ এৰি যাবলৈ বাধ্য কৰোৱা হৈছে ।

অসমীয়া ভাষাক বিকৃত ৰূপত উপস্থাপন ইণ্ডিয়ান অইলৰ (ETV Bharat)

মিঞা মুছলমানক উজনি এৰিবলৈ দাবী জনোৱাৰ সময়তে এতিয়া উজনি অসমত অসমীয়া ভাষা ৰক্ষাৰ বাবে আন্দোলনো আৰম্ভ কৰিছে দল-সংগঠনসমূহে । বিভিন্ন জিলাত অনুষ্ঠান-প্ৰতিষ্ঠানৰ নামফলক অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ প্ৰশাসনেও নিৰ্দেশনা জাৰি কৰিছে ।

  • অসমীয়া ভাষাক বিকৃত ৰূপত উপস্থাপন

ইয়াৰ মাজতে ঐতিহাসিক চৰাইদেউ জিলাত অসমীয়া ভাষাৰ শ্ৰাদ্ধ পাতিলে ইণ্ডিয়ান অইলৰ মহাৰত্ন কোম্পানীয়ে । সোণাৰিত গেছ এজেন্সিৰ ৰচিদত অসমীয়া ভাষাক বিকৃত কৰা কাৰ্যত ক্ষোভিত হৈ পৰিছে আছুকে ধৰি বিভিন্ন সংগঠন । বিকৃত ৰূপত অসমীয়া ভাষাক উপস্থাপন কৰা সোণাৰি গেছ এজেন্সিৰ ৰচিদ ভাইৰেল হোৱাৰ পিচতে সোণাৰিত তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে ।

  • জাতীয় সংগঠনৰ প্ৰতিবাদ

এনে পৰিস্থিতিত চৰাইদেউ জিলাৰ ১২ টাকৈ সংগঠনে সোণাৰি পৌৰসভাৰ পৌৰপতিক স্মাৰক পত্ৰ প্ৰদান কৰে । ১০ ছেপ্টেম্বৰৰ ভিতৰত সকলো প্ৰতিষ্ঠানে অসমীয়া ভাষাৰ নামফলক লগাব লাগিব বুলিও এই স্মাৰক পত্ৰৰ জৰিয়তে দাবী জনাইছে সংগঠনকেইটাই । স্মাৰক পত্ৰ গ্ৰহণ কৰি সোণাৰিৰ পৌৰপতি তিলক চন্দ্ৰ নেওগে কয় যে পৌৰসভাৰ অন্তৰ্গত সকলো প্ৰতিষ্ঠানে নামফলকত অসমীয়া ভাষাক প্ৰাধান্য দিব লাগিব । তেওঁ উল্লেখ কৰা মতে ২০২২ চনৰ পৰাই সোণাৰি পৌৰসভাই অসমীয়া ভাষা ব্যৱহাৰ সন্দৰ্ভত পদক্ষেপ গ্ৰহণ কৰি আহিছে ।

ইফালে ডিব্ৰুগড় জিলাতো আৰম্ভ হৈছে অসমীয়া ভাষা ৰক্ষাৰ স্বাৰ্থত আন্দোলন । ডিব্ৰুগড়ত আছুৱে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক অসমীয়া ভাষাত নামফলক লগাবলৈ ১০ দিনৰ সময়সীমা বান্ধি দিলে । ডিব্ৰুগড় চহৰৰ সকলো অনুষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠানৰ নামফলকত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ দাবীত পৌৰনিগমৰ মেয়ৰক স্মাৰক পত্ৰও প্ৰদান কৰিছে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই । ১০ দিনৰ ভিতৰত বিশেষ পদক্ষেপ হাতত নল'লে আছুৱে নিজাববীয়াকৈ কাৰ্যসূচী হাতত ল'ব বুলিও সকীয়নি প্ৰদান কৰে ।

লগতে পঢ়ক :গোলাঘাটত ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলকত সানিলে ক'লা ৰং - Non Assamese controversy

ABOUT THE AUTHOR

...view details