অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সংস্থাৰ তথ্য অনুসৰি অসমত মাহত গড়ে ৬০০ জনকৈ এইচ আই ভি দ্বাৰা সংক্ৰমিত লোক চিহ্নিত হয় । অসমত দৈনিক গড়ে জনকৈ ১৮-২০ জনকৈ এইচ আই ভি দ্বাৰা সংক্ৰমিত লোক চিহ্নিত হয় । ২০২২-২৩ বিত্তীয় বৰ্ষত (এপ্ৰিলৰ পৰা ডিচেম্বৰলৈ) অসমত ৪০১৮ জন এইচ আই ভিৰ দ্বাৰা সংক্ৰমিত লোক চিহ্নিত হৈছিল । ২০২৩-২৪ বিত্তীয় বৰ্ষত (এপ্ৰিলৰ পৰা ডিচেম্বৰলৈ) ৭২৭৪ জন এইচ আই ভিৰ দ্বাৰা সংক্ৰমিত লোক চিহ্নিত হৈছিল । ২০২৪-২৫ বিত্তীয় বৰ্ষত (এপ্ৰিলৰ পৰা অক্টোবৰলৈ ) সাতমাহত অসমত ৩৯৪৭ জন এইচ আই ভিৰ দ্বাৰা সংক্ৰমিত লোক চিহ্নিত হৈছে ।
সৰ্বাধিক এইচ আই ভি দ্বাৰা সংক্ৰমিত জিলা:
অসমৰ নগাঁও জিলাত সৰ্বাধিক এইচ আই ভি দ্বাৰা সংক্ৰমিত লোক চিহ্নিত হৈছে । ২০২২-২৩ বিত্তীয় বৰ্ষত কামৰূপ মহানগৰ সৰ্বাধিক এইচ আই ভিৰ দ্বাৰা সংক্ৰমিত লোক চিহ্নিত জিলা আছিল । সেই বছৰত নগাঁও দ্বিতীয় স্থানত আছিল । কিন্তু ২০২৩-২৪ বিত্তীয় বৰ্ষত নগাঁও জিলাই প্ৰথম স্থান অধিকাৰ কৰে, কামৰূপ মহানগৰ (গুৱাহাটী) দ্বিতীয় হয় ।
তথ্য মতে, ২০২২-২৩ বিত্তীয় বৰ্ষত নগাঁও জিলাত ৭০৭ জন এইচ আই ভিৰ দ্বাৰা সংক্ৰমিত লোক চিহ্নিত হৈছিল । ঠিক সেইদৰে গুৱাহাটীত ৮১৬ জন এইচ আই ভিৰ দ্বাৰা সংক্ৰমিত লোক চিহ্নিত হৈছিল । তথ্য মতে, ২০২৩-২৪ বিত্তীয় বৰ্ষত নগাঁও জিলাত ১৩৫৩ জন এইচ আই ভিৰ দ্বাৰা সংক্ৰমিত লোক চিহ্নিত হৈছিল । ঠিক সেইদৰে গুৱাহাটীত ১২৪০ জন এইচ আই ভি সংক্ৰমিত লোক চিহ্নিত হৈছিল ৷
উল্লেখযোগ্য যে অসমৰ সৰ্বাধিক এইচ আই ভিৰ দ্বাৰা সংক্ৰমিত লোক চিহ্নিত পাঁচখন জিলাৰ ভিতৰত আছে ক্ৰমে কামৰূপ মহানগৰ (গুৱাহাটী), নগাঁও, কাছাৰ, তিনিচুকীয়া আৰু শোণিতপুৰ জিলা ।
জিলা
২০২২-২৩
২০২৩-২০২৪
২০২৪-২০২৫ (অক্টোবৰলৈ)
কামৰূপ মহানগৰ (গুৱাহাটী)
৮১৬
১২৪০
৫৩৩
নগাঁও
৭০৭
১৩৫৩
৩৭৫
কাছাৰ
৪০৭
৬৫১
৩৬০
তিনিচুকীয়া
১২০
৪৯৭
৩৩১
শোণিতপুৰ
১৫৬
৩৬৩
৩৪৪
বেজীৰে ড্ৰাগছ লোৱাৰ বাবে বৃদ্ধি হৈছে এইচ আই ভি:
অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সংস্থাৰ সহকৰী সঞ্চালক ৰঞ্জনজ্যোতি ডেকাই কয়- ‘‘শেহতীয়াকৈ অসুৰিক্ষত যৌন সম্পৰ্কৰ জৰিয়তে এইচ আই ভি সংক্ৰমণ কমিছে । কিন্তু নতুনকৈ যি এইচ আই ভি সংক্ৰমণ বৃদ্ধি পাইছে তাৰ অন্যতম কাৰণ হ'ল অসমত বেজীৰে ড্ৰাগছ লোৱা লোকৰ সংখ্যা বৃদ্ধি । কাৰণ এইধৰণৰ লোকৰ পৰা এই সংক্ৰমণ বৃদ্ধি পাইছে । তেওঁলোকে সুৰক্ষিতভাৱে বেজী ব্যৱহাৰ নকৰে । এটা বেজীৰে বহুত কেইজনে ড্ৰাগছ সেৱন কৰে । তথ্য মতে, 64.6 শতাংশ এইচ আই ভি সংক্ৰমণ বেজীৰে ড্ৰাগছ লোৱাৰ পৰা হৈছে । আনহাতে 25.2 শতাংশ অসুৰিক্ষত যৌন সম্পৰ্কৰ জৰিয়তে হৈছে ।’’
অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সংস্থাৰ সহকৰী সঞ্চালক ৰাজীৱ শৰ্মাই কয়, ‘‘এইডছ হৈছে এইচ আই ভি সংক্ৰমণৰ চৰম পৰ্যায় । এইচ আই ভিৰ দ্বাৰা সংক্ৰমিত ব্যক্তিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা নাইকীয়া হৈ যায় । এইডছে ৰোগীসকলক যক্ষ্মা, হেপাটাইটিছ বি আৰু চি, কিছুমান কৰ্কট ৰোগৰ দৰে আন কেইবাটাও সংক্ৰামক ৰোগৰ প্ৰতি অত্যন্ত সংবেদনশীল কৰি তোলে । কোনোৱে যক্ষ্মা, মেলেৰিয়া বা আন ৰোগ হৈ ৰোগ প্ৰতিৰোধ ক্ষমতা হেৰুৱাই মৃত্যুৰ মুখত পৰে । যাৰ বাবে এইডছত মৃত্যু হোৱাৰ সঠিক তথ্য সংগ্ৰহ কৰা অসুবিধা হয় । সি যি কি নহওঁক এইচ আই ভিৰ সংখ্যাই স্বাস্থ্য সংকটৰ ইংগিত দিয়ে । এই ক্ষেত্ৰত অসমৰ বাবে নতুনকৈ এইচ আই ভি সংক্ৰমণ বৃদ্ধিয়ে স্বাস্থ্য সংকটৰ ভয়াৱহ ইংগিত বহন কৰিছে ।