অসম

assam

ETV Bharat / state

স্বয়ং ভগৱানৰ ৰূপত আহিল দুটা ঘোঁৰা: ক’ত এই ঘটনা ? - White Horse in Gohpur - WHITE HORSE IN GOHPUR

Superstition in Gohpur: ঘোঁৰাৰ ৰূপত স্বয়ং ভগৱান আহি উপস্থিত হৈছেহি গহপুৰত ৷ ঘোঁৰাৰূপী ভগৱানক গামোচা পিন্ধাই, সেৱা কৰি তত্ পোৱা নাই ৰাইজে ৷

Superstition in Gohpur
স্বয়ং ভগৱানৰ ৰূপত আহিল দুটা ঘোঁৰা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 2, 2024, 7:38 PM IST

Updated : May 2, 2024, 9:11 PM IST

স্বয়ং ভগৱানৰ ৰূপত আহিল দুটা ঘোঁৰা (ETV Bharat Assam)

তেজপুৰ/বিশ্বনাথ, ২ মে’ : অদ্ভুত! অবিশ্বাস্য! সততে নেদেখা-নুশুনা এক ঘটনা সংঘটিত হৈছে বিশ্বনাথ জিলাৰ গহপুৰৰ এখন গাঁৱত । বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ দিনতো বহু সময়ত বিভিন্ন ঠাইত এনে কিছুমান ঘটনাৰ সংঘটিত হোৱাৰ শুনিবলৈ বা দেখিবলৈ পোৱা যায় । বহুলোকে এইধৰণৰ ঘটনা বিশ্বাস নকৰিলেও আওপকীয়াকৈ এনেধৰণৰ ঘটনাক প্ৰাধান্য দিয়া দেখিবলৈ পোৱা যায় ।

এনে এক ঘটনাই সংঘটিত হৈছে গহপুৰৰ এখন গাঁৱত । গাঁওখনৰ নাম জালুকবাৰী । গাঁওবাসীৰ বিশ্বাস অনুসৰি স্বয়ং ভগবানৰ ৰূপত আহিছে দুটা বগা ঘোঁৰা । বগা ঘোঁৰা দুটা দেখি ৰাইজৰ মাজত লাগিল হুৱা-দুৱা । গাঁওখনৰ ৰাইজ একগোট হৈ ভক্তিত গদগদ হৈ ঘোঁৰা দুটাৰ গাত চেলেং, গামোচা দি ধূপ-ধূনা জ্বলাই প্ৰাৰ্থনা কৰি পূজা আগবঢ়াইছে ।

উল্লেখ্য যে বুধবাৰৰ এই ঘটনাৰ আচল কাহিনী এমাহ পূৰ্বৰ । ৰাইজৰ মন্তব্য অনুসৰি গাঁওখনত সাতগৰাকী মহিলাৰ গাত আই লম্ভিছিল । সেই সাতগৰাকী মহিলাই ৰাইজক কৈছিল যে বুধবাৰৰ দিনটোতেই দুগৰাকী ডাঙৰীয়াৰ আৰ্বিভাব হ'ব । সেই অনুসৰি বুধবাৰে ৬ বজাত জালুকবাৰীৰ প্ৰশান্ত বৰাৰ বাসগৃহৰ পিচফালে খেৰৰ মেজিত খেৰ খাই থকা অৱস্থাত প্ৰত্যক্ষ কৰে আৰু লগে লগে গাঁৱৰ ৰাইজক অৱগত কৰোৱায় ।

তাৰ পিচতে ৰাইজে ভগৱানৰ আৱিৰ্ভাৱ বুলি ভাবি ভক্তিত গদগদ হৈ আঁঠু কাঢ়ি, মাটিত বাগৰি প্ৰাৰ্থনা কৰি আছে । আনহাতে আইলম্ভা সাতগৰাকী মহিলা আহি অদ্ভূতধৰণৰ মন্তব্য কৰি মূৰত বাটি লৈ, মাটিত বাগৰি অদ্ভূতধৰণৰ আচৰণ কৰে । এইদৰে বৰ্তমান সময়লৈকে কথাটো শুনি বহু লোকৰ সমাগম ঘটিছে আৰু পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে ।

বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ দ্ৰুত বিকাশৰ সময়ত এনেদৰে ঘোঁৰাৰ ৰূপত ভগৱানৰ অৱতাৰ কিমান যুক্তিসংগত সেয়া এতিয়া বহুতৰে বাবে হৈ পৰিছে চিন্তাৰ কাৰণ ৷

লগতে পঢ়ক:বিশ্ব শান্তিৰ মানসেৰে পদব্ৰজে কেদাৰনাথ যাত্ৰা গহপুৰৰ চন্দনৰ

Last Updated : May 2, 2024, 9:11 PM IST

ABOUT THE AUTHOR

...view details