আনহাতে বিগত বৰ্ষটোত নিৰাপত্তা বাহিনীয়ে উগ্ৰপন্থী আৰু উগ্ৰপন্থীৰ হৈ কাম কৰা ১৩০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল । ইয়াৰে ছেপ্টেম্বৰ মাহত সৰ্বাধিক ২৫ জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰা হৈছিল । গ্ৰেপ্তাৰ হোৱা উগ্রপন্থী সংগঠনৰ ভিতৰত আলফা স্বাধীনৰ সদস্যৰ সংখ্যাই বেছি । গ্ৰেপ্তাৰ হোৱা সদস্যসমূহ ক্রমে আলফা স্বাধীন, কে এল অ', কে এল অ’-কে এন, ইছলামিক ষ্টেট, এ বি টি, ইউ কে এন এ, এন এছ চি এন-কে, এন এছ চি এন-আই-এম, আনলা, জৈইছ-ই-মহম্মদ আদি সংগঠনৰ । বৰ্ষটোত উগ্ৰপন্থী সংগঠনৰ চাৰিজন সদস্যই আত্মসমৰ্পণ কৰে । ইয়াৰে তিনিজন কে পি এল এৰ আৰু এজন আলফা স্বাধীনৰ ।
ইফালে সংঘৰ্ষত উগ্রপন্থী নিহত হোৱা ঘটনা বিগত বৰ্ষটোত এটা হৈছে । কাছাৰ জিলাৰ ভুৱন পাহাৰত ১৫ জুলাইত আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত এজন মাৰ উগ্ৰপন্থী নিহত হৈছিল । বৰ্ষটোত বোমা-বাৰুদ, অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হোৱা ৩৫ টাৰো অধিক ঘটনা সংঘটিত হৈছিল ।
বিশ্বৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ এটা শাখা 'আনচাৰুল্লাহ বাংলা টীম'ৰ হৈ তেওঁলোকে কাম কৰিছিল । গ্ৰেপ্তাৰ হোৱা ৮ জেহাদী আছিল বাংলাদেশী নাগৰিক মহম্মদ ছাদ ৰাদি, পশ্চিমবংগৰ মিনাৰুল শ্বেইখ আৰু আব্বাছ আলী, অসমৰ নুৰুল ইছলাম মণ্ডল, আব্দুল কৰিম মণ্ডল, মজিবৰ ৰহমান, হামিদুল ইছলাম আৰু ইনামূল হক । ইফালে এই জেহাদীকেইটাক কৰা জেৰাৰ ভিত্তিত ২৪ ডিচেম্বৰৰ নিশা অভিযান চলাই আৰক্ষীয়ে কোকৰাঝাৰৰ নামাপাৰাত বহু বিস্ফোৰকসহ দুই জেহাদীক গ্ৰেপ্তাৰ কৰিছিল । ধৃত দুই জেহাদী বিশ্বৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ এটা শাখা বাংলাদেশৰ মৌলবাদী সংগঠন ‘আনচাৰুল্লাহ বাংলা টীম’ৰ সদস্য । এই দুই জেহাদীয়ে সংগঠনটোৰ শ্লিপাৰ চেল হিচাপে কাম কৰি আছিল ।
গ্ৰেপ্তাৰ কৰা দুই জেহাদী আছিল কোকৰাঝাৰৰ নামাপাৰাৰ আব্দুল জাহিৰ শ্বেইখ আৰু চেৰফাংগুৰিৰ চাব্বিৰ মিৰ্ধা । এই দুই জেহাদীৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ এক বৃহৎ ভাণ্ডাৰ আৰু যুদ্ধসদৃশ সামগ্ৰী উদ্ধাৰ কৰা হৈছিল । আৰক্ষীয়ে তেওঁলোকৰ পৰা চাৰিটা হস্তনিৰ্মিত ৰাইফল (দেখাত এ কে ৰাইফলৰ দৰে), ৩৪ ৰাউণ্ড সজীৱ গোলাবাৰুদ, ২৪ ৰাউণ্ড খালী কাৰ্ট্ৰিজ, কৰ্টেক্সৰ সৈতে এযোৰ লাইভ আন-প্ৰাইমড আই ই ডি, এটা বিস্ফোৰকেৰে নিৰ্মিত গ্ৰেনেড, কৃষি সঁজুলিৰ পৰা তৈয়াৰ কৰা ডিট'নেটৰৰ এটা বৰ্তনী, ১৪ টা ইলেক্ট্ৰনিক ছুইচ, ২০টা লোৰ টুকুৰা আৰু প্লেটৰ সৈতে আই ই ডি তৈয়াৰ কৰাৰ বাবে তিনিটা লোৰ কেচ (সৰ্বাধিক ক্ষতি/ধ্বংস কৰাৰ বাবে ব্যৱহাৰ কৰা হয়), ফায়াৰ ক্ৰেকাৰত ব্যৱহৃত বিস্ফোৰকৰ সৈতে বৃহৎসংখ্যক ছুইচ আৰু তাঁৰসহ অন্যান্য আপত্তিজনক সামগ্ৰী জব্দ কৰিছিল ।
আনহাতে ২৭ ডিচেম্বৰত অসম আৰক্ষীৰ বিশেষ টাস্ক ফৰ্চে ধুবুৰী জিলাৰ বিলাসীপাৰাৰ বান্ধৱগাঁৱৰ পৰা চাহিনুৰ ইছলাম (বয়স ৩৬) নামৰ এটা দুধৰ্ষ জেহাদীক কৰায়ত্ব কৰিছিল । দুধৰ্ষ জেহাদীটোৰ পৰা আৰক্ষীয়ে উর্দু ভাষাত লিখা "নুৰিলিজা" নামৰ ৮২৯ পৃষ্ঠাৰ এখন কিতাপ, শ্বেইখ নজিবুল্লাহ হাকানীয়ে লিখা "জানা ৱাহিদ” নামৰ ৪৭ পৃষ্ঠাৰ আন এখন কিতাপ, আধাৰ কাৰ্ড, পাছপৰ্ট, পান কাৰ্ড আৰু এটা মোবাইল ফোনৰ লগতে অন্যান্য আপত্তিজনক নথি-পত্রও জব্দ কৰিছিল । লক্ষণীয় বিষয় যে জেহাদীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে ।