গুৱাহাটী :ওপজা দিনত অসমবাসীৰ আশীৰ্বাদ বিচাৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । শনিবাৰে ৫৬ বছৰত ভৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । শুকুৰবাৰে নিশা সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে নিজৰ ওপজা দিনত ৰাজ্যবাসীৰ আশীৰ্বাদ কামনা কৰে । সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কেইবাটাও বিষয়ত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।
- ৫৬ বছৰত ভৰি দিলে মুখ্যমন্ত্ৰীয়ে :
মুখ্যমন্ত্ৰীয়ে কয়, "শনিবাৰে মোৰ ওপজা দিন । অসমৰ বাবে কৰি অহা কিবা এটা ভাল কামক পৰ্যবেক্ষণ কৰিব যোৱাৰ বাবে মোৰো এটা সৰু ইচ্ছা আছে । যাৰ বাবে শনিবাৰে জাগীৰোডৰ ছেমিকণ্ডাক্টৰ উদ্যোগৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ ল'বলৈ যাম । অসমে এতিয়া প্ৰতিদিনৰ যুগৰ পৰা ছেমিকণ্ডাক্টৰৰ যুগত প্ৰৱেশ কৰিছে ।’’
তেওঁ আৰু কয়, ‘‘এডভাণ্টৰজ অসমৰ দ্বিতীয় সংস্কৰণ ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব । ভাল ভাল নতুন নতুন খবৰ আহিব বুলি আমি আশাবাদী । ২৪ ফেব্ৰুৱাৰীৰ সন্ধিয়া সৰুসজাইত ঝুমুৰ নৃত্যৰ সামগ্ৰিক পৰিৱেশন কৰা হ'ব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিজে উপস্থিত থাকিব । অহা নৱেম্বৰ মাহত গুৱাহাটীত আমি সামগ্ৰিকভাৱে বাগৰুম্বা নৃত্যও প্ৰদৰ্শন কৰিম ।"
- ছেপ্টেম্বৰ মাহত বি টি আৰৰ নিৰ্বাচন :
মুখ্যমন্ত্ৰীয়ে কেবিনেটত লোৱা সিদ্ধান্তৰ প্ৰসংগত কয়, "অহা ছেপ্টেম্বৰ মাহত বি টি আৰৰ নিৰ্বাচন অনুষ্ঠিত হ'ব । আনহাতে ৰাভা হাচং পৰিষদৰ নিৰ্বাচন মাৰ্চ মাহৰ ভিতৰত অনুষ্ঠিত কৰা হ'ব । স্বাভৱিকতে ইয়াৰ মাজতে পঞ্চায়তৰ নিৰ্বাচনো অনুষ্ঠিত হ'ব ।’’
‘‘আনহাতে গণৰাজ্য দিৱসত মই ষ্টাৰ্টআপ সকলৰ বাবে এটা সুকীয়া বিভাগ গঠন কৰাৰ কথা কৈছিলো । কেবিনেটে ডিপাৰ্টমেণ্ট অব ইন'ভেচন, ইনকিউভেচন এণ্ড ষ্টাৰ্টআপ নামেৰে অসম চৰকাৰৰ এটা নতুন বিভাগ কৰাৰ সিদ্ধান্ত লৈছে । লগতে এখন পলিচিও ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে । অসম চৰকাৰৰ এই নতুন বিভাগটোৰ বাবে বিত্ত বিভাগক অহা বছৰৰ বাজেটত ১০০ কোটি আৱণ্টন দিয়াৰ বাবে নিৰ্দেশ দিয়া হৈছে ।" শৰ্মাই কয় ৷
- প্ৰসংগ কেবিনেট সিদ্ধান্ত :
মুখ্যমন্ত্ৰীয়ে কয়, "চীনৰ সীমান্ত থকাৰ বাবে উত্তৰ-পূবত আটাইতকৈ বেছি সেনা মোতায়ন কৰা হয় । বিশেষকৈ ১৯৬২ৰ যুদ্ধৰ পাছত । কিন্তু সেনাৰ বাবে প্ৰয়োজনীয় অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণৰ বাবে উত্তৰ-পূবত এটাও কাৰখানা নাছিল । কেবিনেটত আসাম এৰোস্পেচ আৰু ডিফেন্স মেন্যুফেকচাৰিং পলিচি-২০২৫ অনুমোদন জনোৱা হৈছে । যাতে অসমলৈ প্ৰতিৰক্ষাৰ সৈতে জড়িত উদ্যোগসমূহ আনিব পাৰো । ছেমিকণ্ডাক্টৰৰ পাছত আমি জৈবিক সম্পদৰ জগতখনত প্ৰৱেশ কৰিব বিচাৰিছো ।’’
‘‘বায় ইঞ্জিনিয়াৰিঙৰ জগতখনৰ পৰা আঁতৰত নথকাৰ বাবে কেবিনেটত আসাম একচন প্লেন অন বায় ই থ্ৰি পলিচি নিৰ্মাণ কৰা হৈছে । যাতে এই নতুন উদ্যমিতাত ৰাজ্যখন পিছপৰি নাথাকে । নতুনকৈ গঠন কৰা ৩৯খন সম-জিলাত সম জিলা আয়ুক্ত নিয়োগ কৰাৰ পিছত এইবাৰ সম জিলা পুলিচ আয়ুক্ত নিয়োগৰ সিদ্ধান্ত কেবিনেটত লোৱা হৈছে । মিছন বসুন্ধৰাত আবেদনৰ সময়সীমা ১৫ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত কেবিনেটত লোৱা হৈছে ।’’ তেওঁ কয় ৷