অসম

assam

ETV Bharat / state

ভুৱা বিত্তীয় প্ৰতিষ্ঠান খুলি বহুতক লুটিলে স্বামী-স্ত্ৰীয়ে - fake financial institution

পুনৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ কবলত শিৱসাগৰৰ শ শ গ্ৰাহক ৷ জমাকাৰীৰ লক্ষ লক্ষ টকা আত্মসাৎ কৰি পলাতক স্বয়ম্ভূ মেনেজাৰ-চেয়াৰ মেনেজাৰৰূপী স্বামী-স্ত্ৰী ৷ ভুক্তভোগী গ্ৰাহকে ঘেৰাও কৰিলে স্বামী-স্ত্ৰীৰ গৃহ ৷

husband wife loot many people by opening fake financial company in sivasagar
ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ লুট ।

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 7:52 PM IST

ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ লুট

শিৱসাগৰ, ১৭ ফেব্ৰুৱাৰী : শিৱসাগৰত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ লুট । উচ্চ হাৰত সুত দিয়াৰ প্ৰলোভন দি এজেণ্টৰ জৰিয়তে সংগ্ৰহ কৰিছিল ধন । শিৱসাগৰ নগৰৰ আমোলাপট্টিত মুখ্য কাৰ্যালয় খুলি উজনি অসমত সংগ্ৰহ কৰিছিল ধন । লখিমী সঞ্চয় আৰু ঋণদান সমবায় সমিতি লিমিটেড নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠান খুলি এই ধন সংগ্ৰহৰ অভিযান অব্যাহত ৰাখিছিল জিতা গগৈ আৰু অভিজিৎ গগৈয়ে ।

উল্লেখ্য যে, অভিজিৎ গগৈ আৰু জিতা গগৈ দুয়ো স্বামী-স্ত্ৰী । অভিজিৎ হ’ল ভুৱা বিত্তীয় প্ৰতিষ্ঠান লখিমী সঞ্চয় আৰু ঋণদান সমবায় সমিতি লিমিটেডৰ শ্বেয়াৰ মেনেজাৰ আৰু জিতা গগৈ হ’ল মেনেজাৰ । দুই স্বামী-স্ত্ৰীয়ে এই ভুৱা বিত্তীয় প্ৰতিষ্ঠানটো খুলি গ্ৰাহকক উচ্চ হাৰত সুত দিয়াৰ বিনিময়ত গ্ৰাহকৰ পৰা চেভিংছ, ৰেকাৰিং, ফিক্সড ডিপজিত আৰু ডেইলী একাউণ্টৰ নামত সংগ্ৰহ কৰিছিল লক্ষ লক্ষ টকা ।

ইতিমধ্যে যোৱা জানুৱাৰী মাহৰ ধন মেচিঅ’ৰিটি হোৱাৰ পিচতো প্ৰতিষ্ঠানটোৱে গ্ৰাহকক দিয়া নাছিল ধন । আজি দিম কাইলৈ দিম বুলি কৈ কৈ প্ৰায় ডেৰমাহ ধৰি গ্ৰাহকক বুৰ্বক বনাই আছিলে স্বামী-স্ত্ৰীয়ে । কালি গ্ৰাহকে মেচিঅ’ৰিটিৰ ধন বিচাৰি শিৱসাগৰ নগৰৰ আমোলাপট্টিৰ কাৰ্যালয়লৈ আহিছিল যদিও গ্ৰাহক অহাৰ উমান পাই প্ৰতিষ্ঠানটোত তলা লগাই অভিজিৎ-জিতাই পলায়ন কৰে ।

আজি পুনৰ অভিজিৎ-জিতাক বিচাৰি গ্ৰাহকৰ এটা দলে তেওঁলোকৰ শিৱসাগৰ নগৰৰ ফুকন নগৰস্থিত গৃহত উপস্থিত হৈ যদিও ইয়াৰ পূৰ্বেই দুয়ো পলাই যায় । প্ৰায় দুঘণ্টা সময় ধৰি গ্ৰাহক অভিজিৎ-জিতাৰ ঘৰৰ সন্মুখত দুয়োৰে অপেক্ষাত ৰৈ থাকে যদিও দুই অভিযুক্তকে কিন্তু লগ নাপায় । তেওঁলোকৰ ঘৰৰ সন্মুখত এক উত্তেজিত পৰিৱেশৰ সৃষ্টি হয় ।

লগতে পঢ়ক :A Fake Institution In Narayanpur:নাৰায়ণপুৰত ভুৱা প্ৰতিষ্ঠানৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ

ABOUT THE AUTHOR

...view details