নগাঁও, ২০ মাৰ্চ:পৱিত্ৰ ৰমজানৰ ৰোজাৰ মাজতে ধিঙৰ শালকাটিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । পত্নীক হত্যাৰ চেষ্টাৰে চুৰিকাঘাত কৰাৰ অভিযোগ উত্থাপিত হৈছে স্বামীৰ বিৰুদ্ধে । অভিযোগ অনুসৰি দুই সন্তানৰ মাতৃগৰাকীক দীর্ঘদিনৰ পৰাই স্বামীয়ে নিৰ্যাতন চলাই অহাৰ উপৰি ভৰণ-পোষণৰ কোনো দায়িত্ব লোৱা নাছিল । অভিযুক্ত স্বামীৰ নাম আব্দুল জলিল । কেৱল নিৰ্যাতন চলোৱাই নহয় দ্বিতীয় বিবাহো সম্পন্ন কৰে আব্দুল জলিলে ।
উপায়ন্তৰ হৈ প্ৰথমা পত্নীয়ে স্বামীৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দিয়াত স্বামী জলিল ক্ষুণ্ণ হৈ পৰে প্ৰথমা পত্নীৰ ওপৰত । পাৰিবাৰিক কন্দল চলি থকাৰ মাজতে মঙলবাৰে নিশা হঠাৎ পত্নীয়ে আশ্ৰয় লৈ থকা এটা গৃহত উপস্থিত হৈ স্বামী আব্দুল জলিলে সংঘটিত কৰিলে ভয়ংকৰ ঘটনা । পত্নীক চোকা অস্ত্ৰৰে আক্ৰমণ আৰম্ভ কৰে স্বামী আব্দুল জলিলে । স্বামীৰ বিৰুদ্ধে এজাহাৰ দিয়াৰ বাবেই প্ৰথমা পত্নীক হত্যাৰ চেষ্টাৰে চুৰিকাঘাত কৰাৰ সময়তে পৰিয়ালৰ লোকে জানিব পাৰি প্ৰাণ ৰক্ষা কৰে মহিলাগৰাকীৰ । নিশাই মহিলাগৰাকীক ধিং চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ।