ডিব্ৰুগড়, ১৪ জুন :সোণালী সূতা উৎপাদনকাৰী মুগা অসমৰ একচেতীয়া সম্পদ । মুগাৰ চাহিদা বৰ্তমান বিশ্বৰ প্ৰান্তে প্ৰান্তে বিয়পি পৰা পৰিলক্ষিত হৈছে । অসমত উৎপাদিত মুগা সোণালী সূতা বিশ্বৰ ক'তোৱেই উৎপাদন কৰিব পৰা নাই আজি পৰ্যন্ত । তেনে অৱস্থাত ৰাজ্য চৰকাৰৰ উদাসীনতাৰ বাবেই ৰাজ্যৰ বৃহৎ মুগা খেতি বৰ্তমান ধ্বংসৰ দিশে গতি কৰিছে ।
সোণালী সূতাৰ দেশতে এতিয়া মুগা পালকৰ হাহাঁকাৰ পৰিৱেশ সৃষ্টি হৈছে । কিয়নো মুগা পালনেৰে স্বাৱলম্বী হৈ অহা ডিব্ৰুগড়ৰ জিলাৰ মৰাণৰ ১ নং নাহৰণি গাঁৱৰ দুকুৰিৰো অধিক মুগা পালক সন্মুখীন হৈছে গভীৰ সংকটৰ ৷ গাঁওখনৰ অধিকাংশ চোমনিত অচিনাক্ত ৰোগত আক্ৰান্ত হৈছে মুগা পলু ৷ চোম গছত পাত খাই থকা অৱস্থাতে শ শ মুগা পলু এতিয়া মৃত্যু মুখত পৰাত উপায়হীন হৈ পৰিছে মুগা পালকসকল ৷
প্ৰতিবছৰে তিনি/চাৰি বাৰকৈ মুগা পুহি স্বাৱলম্বিতাৰ বাট মুকলি কৰা নাহৰণি গাঁৱৰ মুগাপালকসকলে এতিয়া গভীৰ সমস্যাৰ সন্মুখীন হৈছে ৷ সোণালী সূতাৰে দেশৰ লগতে বিদেশতো নাম জিলিকাই অহা এই মুগা পালকসকলৰ উন্নয়নৰ বাবে কোনো ব্যৱস্থাই আজি পৰ্যন্ত গ্ৰহণ নকৰিলে বিয়াগোম ৰেচম বিভাগটোৱে ৷