নগাঁও : অনামী শিহৰণ জগাই আকৌ আহিল মন-প্ৰাণ চঞ্চল কৰা ফাগুন ৷ বননিত সৰাপাতৰ জুনুকা বাজি থকাৰ সময়তেই ধূলিয়ৰী বাটেৰে আহিছে ফাগুন ৷ ধূলিময় পৰিৱেশতো ফাগুন অহাৰ বাটত ৰঙা দলিছা পাৰি দিছে শিমলুৱে ৷ এই শিমলুক কেন্দ্ৰ কৰিয়েই আয়োজন কৰা হ'ল 'শিমলু উৎসৱ' ।
প্ৰকৃতিয়ে দুহাত মেলি দিছে অপৰূপ সৌন্দৰ্য :
এসময়ত এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত লাওখোৱা, বঢ়াচাপৰি অভয়াৰণ্যই পুনৰ ঠন ধৰি উঠাৰ সময়তেই যেন হাত উজান দিছে প্ৰকৃতিয়েও । অভয়াৰণ্য দুখনৰ এক বিনন্দীয়া পৰিৱেশে হাত বাউলি মাতিছে পৰ্যটকক । অসাধু চক্ৰৰ কৱলত পৰি লাওলোৱা হৈ পৰা লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্য দুখন পুনৰুজ্জীৱিত হোৱাৰ সময়ত প্ৰকৃতিয়েও যেন দুহাত মেলি দিছে অপৰূপ সৌন্দৰ্য ।
শিমলু উৎসৱ ২০২৫:
শিমলু ফুলৰ ৰঙা পৰিৱেশে এক অনন্য মাত্ৰা প্ৰদান কৰিছে লাওখোৱা অভয়াৰণ্যক । অভয়াৰণ্য দুখনলৈ প্ৰকৃতিয়ে দিয়া নান্দনিক সৌন্দৰ্যৰ সুযোগ লৈ অভয়াৰণ্য কৰ্তৃপক্ষয়ো সদব্যৱহাৰেৰে পৰ্যটকক আকৰ্ষণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে । এইবেলি দ্বিতীয়বাৰৰ বাবে লাওখোৱা অভয়াৰণ্যত উদযাপন কৰিছে ব্য়তিক্ৰমী উৎসৱ 'শিমলু উৎসৱ ২০২৫' । দুদিনীয়া বিভিন্ন কাৰ্যসূচীৰে দেওবাৰে লাওখোৱা অভয়াৰণ্যত আৰম্ভ হোৱা শিমলু উৎসৱৰ মাজেৰেই পৰ্যটকক আকৰ্ষণৰ চেষ্টা কৰিছে নগাঁও বন্যপ্ৰাণী সংমণ্ডল তথা লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্য কৰ্তৃপক্ষই ।

বন্ধ হ'ল চোৰাং চিকাৰীৰ দৌৰাত্ম্য :
সম্প্ৰতি বিভিন্ন পৰীভ্ৰমী পক্ষীৰ কলৰৱত মুখৰিত হৈ থকা অভয়াৰণ্য দুখনৰ চৰাইৰ নান্দনিক দৃশ্য উপভোগ কৰিবলৈ শিমলু উৎসৱৰ জড়িয়তেই শুভাৰম্ভ কৰে বিশেষ চাইক্লিঙৰ ব্যৱস্থাৰ । আগন্তুক এপ্ৰিললৈকে চলিবলগীয়া চাইক্লিঙৰে হাজাৰ হাজাৰ শিমলু গছত ফুলা ফুলৰ পৰিৱেশ উপভোগৰ লগতে পৰ্যটকে লাভ কৰিব চৰাইৰ দৃশ্য উপভোগৰ সুবিধা । উল্লেখ্য় যে এসময়ত এশিঙীয়া গঁড়ৰ বাবেই বিখ্যাত লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্য দুখন চোৰাং চিকাৰী আৰু চোৰাং কাঠ ব্যৱসায়ীৰ কৱলত পৰি ৯০ দশকৰ পৰাই আৰম্ভ হৈছিল মৃত্যুমুখী যাত্ৰা । ৯০ দশকৰ পূৰ্বেই শতাধিক গঁড় থকা অভয়াৰণ্য দুখন চোৰাং চিকাৰীৰ দৌৰাত্ম্যত গঁড়শূন্য হৈ পৰাই নহয় গছ-গছনিও কাটি অবাধ বেদখল আৰম্ভ হৈছিল ।

পৰিভ্ৰমী পক্ষীৰ সংখ্যা বৃদ্ধি :
বেদখলকাৰীৰ চৰণীয়া পথাৰলৈ পৰ্যবসিত হোৱা লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্য দুখনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে চলোৱা উচ্ছেদ অভিযানৰ পাছৰে পৰাই অভয়াৰণ্য দুখনৰ পুনৰুজ্জীৱিত হোৱাৰ যাত্ৰা আৰম্ভ হয় । গঁড়শূন্য হৈ পৰা অভয়াৰণ্য দুখনত এশিঙীয়া গঁড়েও আশ্ৰয় ল'বলৈ আৰম্ভ কৰে । অভয়াৰণ্য দুখনৰ বিলত চোৰাং মাছমৰীয়াৰ দৌৰাত্ম্য বন্ধ কৰাৰ ফলত পৰিভ্ৰমী পক্ষীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । যেন অভয়াৰণ্য দুখনে পূৰ্বৰ হেৰুওৱা মৰ্যাদা পুনৰ ঘূৰাই পাবলৈ সক্ষম হৈছে ।
পৰ্যটকৰ বাবে চাইক্লিঙৰ ব্যৱস্থা :
একেবাৰে লাওলোৱা হৈ পৰা লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যলৈ প্ৰকৃতিয়েও ৰঙা শিমলুৰ জড়িয়তে প্ৰদান কৰা অপৰূপ সৌন্দৰ্যৰে পৰ্যটকক আকৰ্ষণৰ বাবে বন বিভাগে আয়োজন কৰা শিমলু উৎসৱৰ দেওবাৰৰ কাৰ্যসূচীত চাইক্লিঙত জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । লাওখোৱা অভয়াৰণ্যৰ বৰুণগুৰি বন শিবিৰ এলেকাৰ পৰা দন্দুৱা বন শিবিৰ এলেকালৈ প্ৰায় ১০ কিলো মিটাৰ ৰঙা শিমলুৰ নৈসৰ্গিক পৰিৱেশৰ মাজত চাইক্লিঙৰ ব্যৱস্থা কৰিছে বন বিভাগে ।

আগন্তুক এপ্ৰিল মাহলৈকে পৰ্যটকৰ বাবে এই চাইক্লিঙৰ ব্যৱস্থা থাকিব বুলি সদৰী নগাঁও বন্যপ্ৰাণী সংমণ্ডল বিষয়া ৰাজীৱ হাজৰিকাই কয়," সম্প্ৰতি সাতটাকৈ এশিঙীয়া গঁড়ে বিচৰণ কৰা লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যত 20 টাকৈ হাতী,12-15 টাকৈ ঢেকীয়াপতীয়াৰ উপৰি ম'হ,গাহৰিকে ধৰি আছে বহু বন্যপ্ৰাণী । লাওখোৱা অভয়াৰণ্যত অনুষ্ঠিত শিমলু উৎসৱৰ কাৰ্যসূচীত পানী মেটেকাৰে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰীও প্ৰদৰ্শন কৰা হয় ।" পক্ষী গণনাত অসমৰ ভিতৰতে লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত সৰ্বাধিক পক্ষীৰ অৱস্থান পোৱাৰ কথা পুনৰ উল্লেখ কৰি লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্য দুখন জাকত জিলিকা কৰি তুলিবলৈ ৰাইজৰ সহায় সহযোগিতা কামনা কাৰে নগাঁও বন্যপ্ৰাণী সংমণ্ডল বিষয়া ৰাজীৱ হাজৰিকাই ।
দ্বিতীয়বাৰৰ বাবে লাওখোৱা,বুঢ়াচাপৰি অভয়াৰণ্যত আয়োজন কৰা শিমলু উৎসৱত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালিকা সোণালী ঘোষ, নগাঁও বন্যপ্ৰাণী সংমণ্ডল বিষয়া ৰাজীৱ হাজৰিকাৰ লগতে বন বিভাগৰ বিষয়া,কৰ্মীৰ উপৰি প্ৰকৃতিপ্ৰেমী উপস্থিত থাকে ।