ডিব্ৰুগড়, ২০ ছেপ্টেম্বৰ :হাতত গুৱা-পাণ, শৰাই লৈ উপ-বৈদ্যুতিক সংমণ্ডল কাৰ্যালয়ত উপস্থিত শতাধিক লোক ৷ লগত লৈ আনিছে স্মাৰ্ট মিটাৰ ৷ বিদ্যুতৰ নামত ধন ভৰি ভৰি অতিষ্ঠ হোৱা বুলি অভিযোগ তুলি বিভাগক ঘূৰাই দিলে স্মাৰ্ট মিটাৰসমূহ ৷ এই ঘটনা মৰাণৰ ৷
ৰাজ্যত ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত ৷ কিন্তু ৰাইজৰ প্ৰতিবাদৰ প্ৰতি চৰকাৰে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ ফলত হাতে-হাতে স্মাৰ্ট মিটাৰ লৈ মৰাণৰ উপ-বৈদ্যুতিক সংমণ্ডল পালেহি দুই শতাধিক পুৰুষ-মহিলা । তামোল-পাণ, অৰিহণা লৈ শৰাই আগবঢ়াই স্মাৰ্ট মিটাৰসমূহ ঘূৰাই দিয়া হয় মৰাণ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত ।
বৃহত্তৰ মৰাণ আৰু খোৱাং অঞ্চলৰ 2 নং পদুমণি, শেনছোৱা পুখুৰী, বাঁহবাৰী, চাউলকৰা, গোঁহাই গাঁও, গাৰিহালি চুক চেতীয়া গাঁও, শেনছোৱা পুখুৰী, দিখাৰী কিনাৰ, সৰগফলা, চিলচিলি আদিৰ শতাধিক লোকে স্মাৰ্ট মিটাৰসমূহ ঘূৰাই দিয়ে । এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে মৰাণ অঞ্চলৰ ১৮ টাকৈ জাতি-জনগোষ্ঠীয় সংগঠনে ।
প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা ৰাইজে ক্ষোভ প্ৰকাশ কৰি কয়, ‘‘চৰকাৰী আঁচনি নালাগে, কিন্তু স্মাৰ্ট মিটাৰ ঘূৰাই লওক বিদ্যুৎ বিভাগে ৷ অন্যথা ২০২৬ত ইয়াৰ প্ৰত্যুত্তৰ পাব মুখ্যমন্ত্ৰীয়ে ।’’ অতি সোনকালে স্মাৰ্ট মিটাৰ ঘূৰাই নল’লে দহ হাজাৰ লোকে হাতে হাতে স্মাৰ্ট মিটাৰ লৈ মৰাণৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰিব বুলি জানিবলৈ দিয়ে ৷